মেষ ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকলে চলিত সপ্তাহটোত সকলো ক্ষেত্ৰতে ভাল ফল লাভ কৰিব । শিক্ষা, স্বাস্থ্য, কৰ্ম আদিত শুভ । প্ৰেমৰ ক্ষেত্ৰত নতুন দুৱাৰ খোল খাব ৷ বিবাহিতসকলৰ বাবে শুভ সপ্তাহ ।
বৃষ ৰাশি : চলিত সপ্তাহটো ভাল । কেৱল উচ্চ শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অকমান বাধা আহিব পাৰে । কৰ্মজনিত কোনো ভ্ৰমণ হ'ব পাৰে । প্ৰেমৰ সম্পর্কৰ ক্ষেত্ৰত অকমান দূৰত্ব আহিব পাৰে । বৈবাহিক সম্পৰ্ক ভালে থাকিব ।
মিথুন ৰাশি : সকলো ক্ষেত্ৰতে এই সপ্তাহটো শুভ । ছাত্ৰ-ছাত্ৰীসকলে অকমান বাধাৰ সন্মুখীন হ'ব পাৰে । কৰ্ম, প্ৰেম আদিত ভাল ফল লাভ কৰিব ।
কৰ্কট ৰাশি : এই সপ্তাহটো মধ্যমীয়া । কৰ্মস্থানত উন্নতি, উচ্চপদ লাভৰ যোগ ৷ ব্যৱসায়ৰ ক্ষেত্ৰত নতুন কোনো যোগাযোগ আহিব পাৰে ।
সিংহ ৰাশি : এই সপ্তাহত আয় বৃদ্ধি হ'ব । পঢ়াশুনা আদিত ভাল ফল লাভ কৰিব । প্ৰেমৰ ক্ষেত্ৰত শুভ ।
কন্য ৰাশি : স্বাস্থ্যৰ অকমান যত্ন ল'ব লাগিব । প্ৰেমৰ ক্ষেত্ৰত শুভ ৷ অৱশ্যে বৈবাহিক জীৱনত অকমান সাৱধান হ'ব লাগিব । আয় বৃদ্ধি হোৱাৰ লগতে কৰ্মস্থানত উন্নতি হ'ব ।
তুলা ৰাশি : চলিত সপ্তাহটোত সকলো ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিব । প্ৰেম, শিক্ষা, ব্যৱসায় , বৈবাহিক আদিৰ ক্ষেত্ৰত এই সপ্তাহত ভাল ফলাফল লাভ কৰিব ।
বৃশ্চিক ৰাশি : এই সপ্তাহটো শুভ ৷ নতুন প্ৰেমৰ যোগ ৷ বৈবাহিক জীৱন সুখৰ । আয়ৰ ক্ষেত্ৰত ভাল । শিক্ষৰ্থীসকলৰ বাবেও ভাল ।
ধনু ৰাশি : চলিত সপ্তাহটো মধ্যমীয়া ৷ কৰ্মক্ষেত্ৰত শত্ৰুয়ে আমনি কৰিব পাৰে । প্ৰেম, শিক্ষা, ব্যৱসায় আদিৰ ক্ষেত্ৰত ভাল ফল লাভ ।
মকৰ ৰাশি : শুভ সপ্তাহ ৷ পঢ়া-শুনাৰ পৰা আৰম্ভ কৰি ব্যৱস্যায়, প্ৰেম আদিত ভাল ফল লাভ কৰিব । প্ৰেমত শুভ ৷
কুম্ভ ৰাশি : সপ্তাহটো শুভ ৷ পঢ়াশুনা, কৰ্মস্থানত ভাল ফলাফল লাভ কৰিব । প্ৰেমত শুভ ৷
মীন ৰাশি : চলিত সপ্তাহত প্ৰেম, কৰ্ম, ব্যৱসায়, শিক্ষা আদিৰ ক্ষেত্ৰত শুভ । কৰ্মস্থানত পদোন্নতিৰ যোগ ৷