ETV Bharat / bharat

ঝাৰখণ্ডৰ উন্নত ভৱিষ্যতৰ বাবে বিজেপি জয়ী হোৱা উচিত : ড৹ হিমন্ত বিশ্ব শৰ্মা - Jharkhand Assembly election - JHARKHAND ASSEMBLY ELECTION

Jharkhand Assembly election: ঝাৰখণ্ডত নিৰ্বাচনৰ প্ৰস্তুতি চলি থকাৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ সহ-প্ৰভাৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই একাংশ বিজেপি নেতাক সাক্ষাৎ কৰে । অল ঝাৰখণ্ড ষ্টুডেণ্টছ ইউনিয়নৰ সভাপতিকো তেওঁ সাক্ষাৎ কৰে ।

Jharkhand Assembly election
ঝাৰখণ্ডৰ উন্নত ভৱিষ্যতৰ বাবে বিজেপি জয়ী হোৱা উচিত (ANI Photos)
author img

By ANI

Published : Aug 11, 2024, 5:05 PM IST

নেশ্যনেল ডেস্ক,১১ আগষ্ট : ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচন সমাগত । তাৰ প্ৰাকক্ষণত বিজেপিয়ে ৰাজ্যখনত নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে । বিজেপিয়ে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সহ-প্ৰভাৰী হিচাপে দায়িত্ব দিছে । তেতিয়াৰে পৰা ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত সঘনাই ভ্ৰমণ কৰিছে । দলীয় ভেটি শক্তিশালী কৰাৰ স্বাৰ্থত ড৹ শৰ্মাই বিভিন্ন ধৰণৰ পদক্ষেপ লোৱা দেখা গৈছে । তাৰ অংশ হিচাপে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে বিজেপিৰ ৰাজ্যিক সভাপতি বাবুলাল মাৰাণ্ডি আৰু অল ঝাৰখণ্ড ষ্টুডেণ্টছ ইউনিয়নৰ (এজেএছইউ) সভাপতি সুদেশ মাহাতোক সাক্ষাৎ কৰে । বৈঠকৰ অন্তত ড৹ শৰ্মাই কয়,"এজেএছইউ হৈছে আমাৰ অতি গুৰুত্বপূৰ্ণ অংশ, আমি এইমাত্ৰ সুদেশক সাক্ষাৎ কৰিছো । সকলো ঠিকেই আছে, আমি নিৰ্বাচনত ভালদৰে যুঁজিম ।"

বিজেপি নেতাক সাক্ষাৎ :

তেওঁ ৰাঁচীত ৰাজ্যখনৰ প্ৰাক্তন মন্ত্ৰী নীলকান্ত সিং মুণ্ডাৰ বাসগৃহত বিজেপি নেতাসকলৰ সৈতেও বৈঠকত মিলিত হয় । ঝাৰখণ্ড বিধানসভাৰ বিৰোধী দলপতি অমৰ কুমাৰ বাউৰী, প্ৰাক্তন মন্ত্ৰী তথা বিজেপি বিধায়ক ভানু প্ৰতাপ শ্বাহী, বিধায়ক অমিত মণ্ডল এই বৈঠকত উপস্থিত থাকে ।

ইয়াৰ পূৰ্বে ২ আগষ্টত ঝাৰখণ্ড ভ্ৰমণৰ সময়ত ড৹ শৰ্মাই ঝাৰখণ্ডৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে আৰু কয় যে ঝাৰখণ্ডৰ উন্নত ভৱিষ্যতৰ বাবে বিজেপিয়ে নিৰ্বাচনত জয়ী হোৱা উচিত ।

তেওঁ কয়,"মই দলটোৰ কৰ্মীসকলৰ মাজত যথেষ্ট উৎসাহ দেখিছো আৰু তেওঁলোকে নিশ্চিত কৰিছে যে আমি নিৰ্বাচনত জয়ী হ'ম আৰু ঝাৰখণ্ডত আমাৰ চৰকাৰ গঠন কৰিম । জয়ী হোৱাৰ মন্ত্ৰ হৈছে কেৱল দিনে ২৪ ঘণ্টাই কাম কৰা, ঝাৰখণ্ডত এক উন্নত ভৱিষ্যতৰ বাবে আমি ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনত জয়ী হ'ব লাগিব । আমি জয়ী হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিম ।" অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অভিযোগ কৰা অনুসৰি বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে জনজাতীয় লোকৰ ভূমি দখল কৰিছে ।

লগতে পঢ়ক :ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এ জে এছ ইউৰ সভাপতিক সাক্ষাৎ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ - Assam CM meets AJSU President

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.