ETV Bharat / bharat

পূব লাডাখত অচলাৱস্থা সমাপ্ত কৰাৰ বাবে ভাৰতৰ সৈতে চুক্তিৰ নিশ্চিতি চীনৰ

China India Agreement : পূব লাডাখত সামৰিক অচলাৱস্থা সমাধানৰ বাবে ভাৰতৰ সৈতে এক চুক্তি কৰাৰ কথা নিশ্চিত কৰিছে চীনে ।

China India Agreement
ভাৰত-চীন সীমান্তত টহল (PTI)
author img

By PTI

Published : 2 hours ago

বেইজিং : চীনে মঙলবাৰে নিশ্চিত কৰে যে পূব লাডাখত দুয়োখন দেশৰ সেনাৰ মাজত অচলাৱস্থা সমাপ্ত কৰিবলৈ ভাৰতৰ সৈতে এক চুক্তিত উপনীত হৈছে ।

চীনৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ লিন জিয়ানে বেইজিঙত এক সংবাদমেল সম্বোধন কৰি কয়, "শেহতীয়া সময়ছোৱাত চীন আৰু ভাৰতে চীন-ভাৰত সীমান্ত সম্পৰ্কীয় বিষয়ত কূটনৈতিক আৰু সামৰিক মাধ্যমৰ জৰিয়তে ঘনিষ্ঠ যোগাযোগ সৃষ্টি কৰি আহিছে ।"

"বৰ্তমান দুয়োপক্ষই 'প্ৰাসংগিক বিষয়সমূহ' সন্দৰ্ভত এক সমাধানত উপনীত হৈছে ।" তেওঁ কয় ।

তেওঁ লগতে কয় যে চীনে ইয়াক কাৰ্যকৰী কৰিবলৈ ভাৰতৰ সৈতে কাম কৰিব । অৱশ্যে অধিক বিৱৰণ প্ৰদান কৰিবলৈ তেওঁ অস্বীকাৰ কৰে ।

আনহাতে, ৰাছিয়াৰ কাজানত অনুষ্ঠিত হ'বলগীয়া ব্ৰিকছ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি জি জিনপিঙৰ মাজত হ'বলগীয়া দ্বিপাক্ষিক বৈঠক সন্দৰ্ভত তেওঁ কয়, "যদি কিবা তেনে খবৰ থাকে তেন্তে আমি আপোনালোকক জনাম ।" উল্লেখ্য, ভাৰতে সোমবাৰে ঘোষণা কৰে যে পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণৰেখাত (এল এ চি) টহল দিয়াৰ ক্ষেত্ৰত চীনৰ সৈতে এক চুক্তিত উপনীত হৈছে । দুয়ো দেশৰ সেনাৰ মাজত চাৰি বছৰ ধৰি চলি থকা সামৰিক অচলাৱস্থাৰ সমাপ্তিৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ সাফল্য বুলি তেওঁ উল্লেখ কৰে ।

২০২০ চনৰ জুন মাহত গালৱান উপত্যকাত সংঘটিত ভয়ংকৰ সংঘৰ্ষৰ পিচত এছিয়াৰ দুই শক্তিধৰৰ মাজৰ সম্পৰ্ক যথেষ্ট পৰিমাণে হ্ৰাস পাইছিল । আনহাতে, এই ঘটনা দশকটোত দুয়োপক্ষৰ মাজত আটাইতকৈ গুৰুতৰ সামৰিক সংঘৰ্ষ হিচাপে চিহ্নিত হৈছে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সোমবাৰে এই কথাও কয় যে ভাৰত আৰু চীনা সেনাই সীমান্তত সংঘটিত বিবাদৰ পূৰ্বে যেনেধৰণৰ পৰিস্থিতি বিৰাজ কৰিছিল তেনেধৰণে টহল পুনৰ আৰম্ভ কৰিবলৈ সক্ষম হ'ব ।

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে নতুন দিল্লীত এক সংবাদ মাধ্যম সম্বোধনৰ সময়ত কয় যে বিগত কেইবা সপ্তাহ ধৰি দুয়োপক্ষৰ আলোচনাৰ পিছত চুক্তিখন দৃঢ় কৰা হৈছে আৰু ইয়াৰ ফলত ২০২০ চনত উদ্ভৱ হোৱা সমস্যাসমূহৰ সমাধান হ'ব ।

"বিগত কেইবা সপ্তাহ ধৰি ভাৰত আৰু চীনা কূটনৈতিক আৰু সামৰিক বিষয়াসকলে বিভিন্ন মঞ্চত ইখন দেশে সিখন দেশৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষাৰ বাবে তৎপৰ হৈ আছে ।" বৈদেশিক সচিবগৰাকীয়ে কয় ।

"এই আলোচনাৰ ফলস্বৰূপে ভাৰত-চীন সীমান্ত অঞ্চলত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত টহল ব্যৱস্থাত চুক্তি সম্পন্ন কৰা হৈছে । যাৰ ফলত ২০২০ চনত এই অঞ্চলসমূহত উদ্ভৱ হোৱা সমস্যাসমূহৰ সমাধান হ'ব ।" মিশ্ৰীয়ে লগতে কয় ।

লগতে পঢ়ক :সীমান্ত টহলৰ ক্ষেত্ৰত ভাৰত-চীন চুক্তি; কিয় গুৰুত্বপূৰ্ণ ডেপচাং আৰু ডেমচোক
লগতে পঢ়ক :পূব লাডাখৰ এল এ চিত টহল দিয়াক লৈ ভাৰত-চীনৰ চুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.