ETV Bharat / bharat

আঢ়ৈশৰ কাষ চাপিল কেৰালাৰ ভূমিস্খলনত নিহতৰ সংখ্যা, সেনাই তীব্ৰতৰ কৰিছে উদ্ধাৰ অভিযান - Wayanad landslides

author img

By ANI

Published : Aug 1, 2024, 7:18 AM IST

Wayanad landslides Update : কেৰালাত এতিয়া মৃত্যু বিভীষিকা । মৃত্যু উপত্যকালৈ পৰ্যৱসিত হোৱা ৱায়নাড়ত বৃদ্ধি হৈয়ে আছে মৃতকৰ সংখ্যা । আনহাতে, প্ৰতিকূল অৱস্থা সত্ত্বেও বিভিন্ন বিভাগৰ সমন্বয়ত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰিছে সেনাবাহিনীয়ে । ইয়াৰ মাজতে ৱায়নাড়ৰ প্ৰাক্তন সাংসদ তথা লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে অঞ্চলটো ভ্ৰমণ কৰিব ।

Wayanad landslides Update
ৱায়নাড়ৰ ভূমিস্খলনস্থলীত সেনাৰ তীব্ৰ উদ্ধাৰ অভিযান (ANI Photo)

নিউজ ডেস্ক, ১ আগষ্ট : মঙলবাৰে পুৱা কেৰালাৰ ৱায়নাড়ত দুটাকৈ বৃহৎ ভূমিস্খলনৰ ঘটনাৰ ফলত ব্যাপক ধ্বংসলীলাৰ সৃষ্টি হয় । ইতিমধ্যে এই ঘটনাত মৃত্যুৰ সংখ্যা আঢ়ৈশৰ কাষ চাপিছে । ২৪৯ টা মৃতদেহ উদ্ধাৰৰ বিপৰীতে এতিয়াও সন্ধানহীন হৈ আছে ২৪০ গৰাকী লোক । আনহাতে, চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু প্ৰায় ২০০ লোক । ইফালে প্ৰায় ৩ হাজাৰ লোকক উদ্ধাৰ কৰা হৈছে । বৰ্তমান উদ্ধাৰ অভিযান তীব্ৰতৰ কৰা হৈছে । ৰাজনৈতিক নেতাসকলৰ মাজত বিভিন্ন পৰ্যায়ৰ আলোচনা চলি আছে আৰু অঞ্চলটোৰ বাবে আৰ্থিক সাহায্য সংগ্ৰহৰ কাম আৰম্ভ হৈছে ।

জানিব পৰা মতে, ৱায়নাড়ৰ প্ৰাক্তন সাংসদ তথা লোকসভাত বিৰোধী দলৰ সাংসদ ৰাহুল গান্ধীয়ে অভিশপ্ত অঞ্চলটো ভ্ৰমণ কৰিব । ইফালে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে গৃহমন্ত্ৰী অমিত শ্বাহৰ এই দাবী খাৰিজ কৰিছে যে এনেধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে বুলি কেন্দ্ৰৰ তৰফৰ পৰা ৰাজ্য চৰকাৰক আগতীয়া সতৰ্কবাণী প্ৰেৰণ কৰিছিল ।

উল্লেখ্য যে প্ৰথমটো ভূমিস্খলন মুণ্ডাক্কাই চহৰত আৰু দ্বিতীয়টো চোৰালমালাত সংঘটিত হৈছিল । এই দুটা বৃহৎ ভূমিস্খলনৰ ফলত অঞ্চলটোত বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি হয় । ঘৰ-দুৱাৰ আৰু ৰাস্তা ক্ষতিগ্ৰস্ত হয়, গছ-গছনি উভালি পৰে আৰু জলাশয়বোৰ ওফন্দি উঠে । ইয়াৰ ফলত উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হয় । অৱশ্যে তাৰ মাজতো সাহায্য আৰু উদ্ধাৰৰ প্ৰচেষ্টা বৰ্তমানো চলি আছে ।

কেৰালা ৰাজহ বিভাগৰ মতে, ৱায়নাড়ৰ মুণ্ডাক্কাই আৰু চোৰালমালাত ভূমিস্খলনৰ ফলত ২৪০ জনৰ মৃত্যু নিশ্চিত কৰা হৈছে । ৱায়নাড়ৰ তথ্য আৰু জনসম্পৰ্ক বিভাগৰ (পি আৰ ডি) নিয়ন্ত্ৰণ কক্ষৰ সূত্ৰ অনুসৰি, 96 জন ভুক্তভোগীক চিনাক্ত কৰা হৈছে । ইয়াৰে ভিতৰত আছে 77 জন পুৰুষ, 67 গৰাকী মহিলা আৰু 22 টা শিশু ।

মৃতদেহসমূহৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে । আনহাতে, মুঠ ৭৫ টা মৃতদেহ আত্মীয়ক হস্তান্তৰ কৰা হৈছে । উদ্ধাৰকাৰী দলে 219 জন ব্যক্তিক চিকিৎসালয়ত ভৰ্তি কৰাইছে ।

ইফালে মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ মাজতে ভাৰতীয় সেনাই ভূমিস্খলনৰ পিচত আৱদ্ধ লোকসকলক উদ্ধাৰৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে । প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে, "সেনাই এইচ এ ডি আৰ প্ৰচেষ্টাৰ সমন্বয়ৰ বাবে কোজিকোডত কৰ্ণাটক আৰু কেৰালা উপ-অঞ্চলৰ জেনেৰেল অফিচাৰ কমাণ্ডিং মেজৰ জেনেৰেল ভি টি মেথিউৰ লগতে ব্ৰিগেডিয়াৰ অৰ্জুন চেগানৰ নেতৃত্বত এটা 'কমাণ্ড এণ্ড কণ্ট্ৰোল চেণ্টাৰ' স্থাপন কৰিছে।"

"ব্ৰিগেডিয়াৰ চেগানে আজি পুৱতি নিশা ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পুনৰীক্ষণ চলায় আৰু উদ্ধাৰ অভিযান অধিক তীব্ৰতৰ কৰিবৰ বাবে সেনাৰ বিষয়াসকলক নিৰ্দেশনা দিয়ে । সেনাবাহিনীয়ে ভূমিস্খলন প্ৰভাৱিত অঞ্চলৰ ৬ কিলোমিটাৰ অংশত উদ্ধাৰ অভিযান চলাই আছে ।" মন্ত্ৰণালয়ে কয় ।

লগতে পঢ়ক :কেৰালা ভূমিস্খলনত মৃতকৰ সংখ্যা 174 জনলৈ বৃদ্ধি: চিকিৎসাধীন স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জ - LANDSLIDE IN WAYANAD
লগতে পঢ়ক :কেৰালাত ভয়ংকৰ ভূমিস্খলন : শিশুসহ কমেও 120 জনৰ মৃত্যু, বাঢ়িয়েই আছে মৃতকৰ সংখ্যা - Landslide in Wayanad

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.