ETV Bharat / bharat

ৱায়ানাড়ৰ ঘটনাত ব্যথিত মাৰ্কিন ৰাষ্ট্ৰপতি : পত্নীৰ সৈতে সমবেদনা জ্ঞাপন জো বাইডেনৰ - Wayanad landslides

author img

By ANI

Published : Aug 3, 2024, 7:51 AM IST

US Condolences on Wayanad case : কেৰালাৰ বায়ানাড়ত সংঘটিত ভয়াৱহ ভূমিস্খলনৰ ঘটনাত ভাৰতক সমবেদনা জনাইছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনে । লগতে আহতসকলৰ আশু আৰোগ্য নিহতসকলৰ পৰিয়ালৰ বাবে শোক প্ৰকাশ কৰে বাইডেন দম্পতীয়ে ।

US Condolences on Wayanad case
জিল বাইডেনৰ সৈতে জো বাইডেন (ANI Photo)

নিউজ ডেস্ক, ৩ আগষ্ট : আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনে কেৰালাৰ ৱায়ানাড়ত সংঘটিত বিধ্বংসী ভূমিস্খলনৰ বাবে ভাৰতলৈ সমবেদনা জ্ঞাপন কৰিছে । উল্লেখ্য যে এই ঘটনাই ইতিমধ্যে ৩ শতাধিক লোকৰ প্ৰাণ কাঢ়িছে ।

"ভাৰতৰ কেৰালাত সংঘটিত ভয়ংকৰ ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত সকলোলোকলৈ জিল আৰু মই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ ।" হোৱাইট হাউছে এক চৰকাৰী বিবৃতিত কয় ।

"এই শোকাৱহ ঘটনাৰ ভুক্তভোগীসকলৰ বাবে আমি প্ৰাৰ্থনা জনাইছো । লগতে প্ৰিয়জনক হেৰুওৱা পৰিয়ালবোৰৰ বাবে আমি শোক প্ৰকাশ কৰিছো । আমি উদ্ধাৰ অভিযানত নিয়োজিতসকলক আৰু এই জটিল পুনৰুদ্ধাৰ প্ৰচেষ্টা চলাই যোৱাসকলৰ সাহসিকতাক প্ৰশংসা কৰিছোঁ । আমি এই কঠিন সময়ত ভাৰতৰ জনসাধাৰণৰ সৈতে আছোঁ ।" হোৱাইট হাউছে কয় ।

উল্লেখ্য যে নেৰানেপেৰা বৰষুণৰ ফলত যোৱা ৩০ জুলাইত ৱায়ানাড় জিলাৰ মেপ্পাডিৰ পাহাৰীয়া অঞ্চলত সংঘটিত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা চৰকাৰী তথ্যমতে ২১০ জনলৈ বৃদ্ধি পাইছে । আনহাতে, চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া লোকৰ সংখ্যা ১৮৭ জন ।

চৰকাৰী সূত্ৰ মতে, এতিয়ালৈকে ২১০ টা মৃতদেহ আৰু ১৩৪ টা শৰীৰৰ অংশ উদ্ধাৰ কৰা হৈছে । ইয়াৰে ভিতৰত ৯৬ জন পুৰুষ, ৮৫ গৰাকী মহিলা আৰু ২৯ টা শিশু অন্তৰ্ভুক্ত আছে । আনহাতে, আত্মীয়সকলে চিনাক্ত কৰা মৃতদেহৰ সংখ্যা হৈছে ১৪৬ । প্ৰশাসনে ঘটনাস্থলীৰ পৰা পোৱা 207 টা মৃতদেহ আৰু ১৩৪ টা শৰীৰৰ অংশৰ মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ কৰিছে ।

চৰকাৰী তথ্য মতে, ৱায়ানাড়, কোজিকোড় আৰু মালাপ্পুৰম জিলাৰ বিভিন্ন চিকিৎসালয়ত ৮৪ জন লোক চিকিৎসাধীন হৈ আছে । আনহাতে, ১৮৭ জনক অব্যাহতি দিয়া হৈছে ৷ ঘটনাস্থলীৰ পৰা ২৭৩ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে শুকুৰবাৰে কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জে ৩০ জুলাইত ৱায়ানাড়ত সংঘটিত একাধিক ভূমিস্খলনত ৩০৮ জন লোকৰ মৃত্যু নিশ্চিত কৰেল ৷ ৩০ জুলাইত ৱায়ানাড়ৰ চোৰালমালা আৰু মুণ্ডাক্কাইত দুটা বৃহৎ ভূমিস্খলনৰ ফলত ব্যাপক ধ্বংসযজ্ঞ সংঘটিত হয় । ইয়াৰ ফলত অঞ্চলটোত ব্যাপক পৰিমাণৰ ধন-জনৰ ক্ষতি হোৱাৰ কথা নিশ্চিত কৰা হৈছে ৷

লগতে পঢ়ক :ৱায়নাড়ৰ ভূমিস্খলন : সম্ভাৱ্য কাৰণ কি হ'ব পাৰে ? - Wayanad Tragedy
লগতে পঢ়ক :উত্তৰাখণ্ডৰ প্ৰাকৃতিক দুৰ্যোগ : উদ্ধাৰকাৰ্যত নামিল বায়ুসেনাৰ হেলিকপ্টাৰ - Cloudburst in Uttarakhand

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.