ETV Bharat / bharat

তীৰ্থযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত, শিশুসহ ১১ গৰাকী লোকৰ মৃত্যু - BUS ACCIDENT IN UP - BUS ACCIDENT IN UP

BUS TRUCK COLLISION : তীৰ্থ ভ্ৰমণৰ বাবে পূৰ্ণগিৰি অভিমুখে গৈ থকা এখন ব্যক্তিগত বাছত প্ৰচণ্ড খুন্দা শিলভৰ্তি ট্ৰাকৰ । বাছখনত থকা ১১ গৰাকী লোকৰ মৃত্যু । আহাৰ গ্ৰহণ কৰিবলৈ ধাবাত ৰৈছিল তীৰ্থযাত্ৰীসকল । আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Bus accident
তীৰ্থযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 10:37 AM IST

নেশ্যনেল ডেস্ক, ২৬ মে': উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত শোকাৱহ পথ দুৰ্ঘটনা । তীৰ্থযাত্ৰী ভৰ্তি বাছৰ ওপৰত এখন শিল ভৰ্তি ট্ৰাক বাগৰি পৰে । ফলত ১১ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হয় । সীতাপুৰৰ পৰা পূৰ্ণগিৰিলৈ গৈ আছিল তীৰ্থযাত্ৰীভৰ্তি বাছখন । দুৰ্ঘটনাটো শনিবাৰে নিশা সংঘটিত হয় ।

জানিব পৰা মতে, বাছখন খুটাৰ অঞ্চলৰ গোলা বাইপাছ ৰোডৰ এখন ধাবাত ৰৈ আছিল । সেই সময়চোৱাত শিলেৰে ভৰ্তি ট্ৰাকখনে প্ৰথমে বাছখনত খুন্দা মাৰে আৰু তাৰ পিচত বাছখনৰ ওপৰত বাগৰি পৰে । দুৰ্ঘটনাটোৰ পিচত ঘটনাস্থলীত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।

আৰক্ষীও কম সময়ৰ ভিতৰতে ঘটনাস্থলীত উপস্থিত হয় । একাংশ তীৰ্থযাত্ৰী বাহনখনত আৱদ্ধ হৈ থাকে । প্ৰায় ৩ ঘণ্টা ধৰি চলা অভিযানৰ অন্তত আৱদ্ধ যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । কিন্তু তেতিয়ালৈ ১১ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হৈছিল । ইফালে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত ১০ গৰাকী লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । মৃত লোকসকলৰ ভিতৰত মহিলা আৰু শিশুও আছিল ।

আৰক্ষীয়ে জনোৱা মতে সীতাপুৰ জিলাৰ সিদ্ধৌলি অঞ্চলৰ বদজেঠা গাঁৱৰ বাসিন্দাসকলে দেৱী পূৰ্ণগিৰিলৈ গৈ আছিল । তীৰ্থযাত্ৰীসকলে এখন ব্যক্তিগত বাছত গৈ আছিল । বাছখন শ্বাহজাহানপুৰৰ খুটাৰ অঞ্চলৰ গোলা বাইপাছ ৰোডৰ এখন ধাবাত ৰৈছিল ।

ভক্তসকলে তাত আহাৰ গ্ৰহণ কৰিবলৈ ৰৈছিল । একাংশ লোক ধাবাখনত আৰু বাকী একাংশ বাছখনতে বহি আছিল । ইফালে নিশা প্ৰায় ১১.২০ মান বজাত শিল ভৰ্তি এখন ট্ৰাকে বাছখনত তীব্ৰগতিৰে খুন্দা মাৰে ।

দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে উপায়ুক্ত উমেশ প্ৰতাপ সিং আৰু আৰক্ষী অধীক্ষক অশোক কুমাৰ মীনাও ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষী অধীক্ষকে জনোৱা মতে, আহতসকল চিকিৎসাধীন হৈ আছে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে । কাৰ ভুলৰ বাবে দুৰ্ঘটনাটো সংঘটিত হৈছে সেয়া আৰক্ষীৰ তদন্তৰ পিচত হে পোহৰলৈ আহিব ।

লগতে পঢ়ক :গুজৰাটৰ গেমজ’নত ভয়াবহ অগ্নিকাণ্ড : শিশু-কিশোৰসহ নিহত ২৫ - Gujrat Fire Incident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.