নেশ্যনেল ডেস্ক, 17 মে’: চীনা মাঞ্জাই ঘটালে ভয়ংকৰ অঘটন ৷ মাকৰ ঘৰলৈ যোৱা এগৰাকী মহিলাৰ ডিঙি কাটিলে চীনা মাঞ্জাই ৷ এই ঘটনাত গুৰুতৰভাৱে আহত মহিলাগৰাকী বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ মাঞ্জাই সংঘটিত কৰা এই দুৰ্ঘটনাক লৈ অঞ্চলস্থিত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে ৷ প্ৰশাসনে হেঁচা প্ৰয়োগ কৰাৰ পিচতো মাঞ্জাৰ বিক্ৰী বন্ধ হোৱা নাই বুলি ৰাইজৰ অভিযোগ ৷ ইয়াৰ পূৰ্বেও এই অঞ্চলত মাৰাত্মক মাঞ্জাৰ ফলত বহু ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷
জানিব পৰা মতে 37 বছৰীয়া ৰশ্মি বৰ্ষ্ণী নামৰ মহিলাগৰাকীয়ে শুকুৰবাৰে পুৱা কিছু কামৰ বাবে মাক-দেউতাকৰ ঘৰলৈ গৈ আছিল ৷ ঘৰৰ ওচৰতে থকা এটা দুচকীয়া বাহনৰ শ্ব’ৰুমৰ ওচৰত চিলাত ব্যৱহাৰ কৰা চীনা মাঞ্জা তেওঁৰ ডিঙিত লাগি ধৰে ৷ কিন্তু মহিলাগৰাকীয়ে এৰুৱাবলৈ সময় পোৱাৰ আগতেই তেওঁৰ ডিঙিত আঘাত কৰে মাঞ্জাই ৷ ডিঙি কাটি যোৱাৰ ফলত মহিলাগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ ডিঙি কাটি যোৱাত ৰক্তক্ষৰণ হয় আৰু তেওঁ বিষত ভুগিবলৈ আৰম্ভ কৰে ৷
ঘটনাৰ পিচতে স্থানীয় লোকে লগে লগে তেওঁক মালখান সিং জিলা চিকিৎসালয়ত ভৰ্তি কৰে ৷ য'ৰ পৰা প্ৰাথমিক চিকিৎসাৰ অন্তত মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে জে এন মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় ৷ স্থানীয় বাসিন্দা পৱনে জনোৱা মতে- মহিলাগৰাকী পুৱা মাতৃগৃহলৈ গৈ আছিল ৷ বাটত চিলাত ব্যৱহাৰ কৰা মাঞ্জাই তেওঁৰ ডিঙিত মেৰিয়াই ধৰে ৷ ইয়াৰ ফলত তেওঁ গুৰুতৰভাৱে আহত হয় ৷ তেওঁক জিলা চিকিৎসালয়ৰ পৰা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷
আনহাতে আন এজন স্থানীয় লোক অভিষেকে কয় যে মাঞ্জাক কঠোৰভাৱে নিষিদ্ধ কৰিব লাগে ৷ এনে দুৰ্ঘটনা সঘনাই ঘটে ৷ ইয়াৰ পিচতো প্ৰশাসনে কোনো সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰা নাই ৷ অৱশ্যে ঘটনা সংঘটিত হোৱা অঞ্চলটোৰ প্ৰতি সচেতন হৈ পৰিছে আৰক্ষী ৷ এই সন্দৰ্ভত ব্যৱস্থা ল’বলৈও দাবী উত্থাপন হৈছে ৷ বন্না দেৱী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ মিশ্ৰই ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱা বুলি জানিবলৈ দিয়ে ৷ ইতিমধ্যে ভুক্তভোগীৰ পৰা তথ্য লোৱা হৈছে ৷ অভিযোগ লাভ কৰাৰ লগে লগে ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷
উল্লেখ্য যে, এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ আলিগড়ৰ চাৰছৌল অঞ্চলত সংঘটিত হৈছে এই ঘটনা ৷
লগতে পঢ়ক : স্কুলৰ পৰা পোছাক লেতেৰা কৰি অনাৰ বাবেই মাতৃয়ে হত্যা কৰিলে 8 বছৰীয়া পুত্ৰক - Mother Murder Son