ETV Bharat / bharat

লাভ জেহাদ সন্দৰ্ভত গিৰিৰাজ সিঙৰ বিতৰ্কিত মন্তব্য

Giriraj Singh on love jihad : বিজেপিৰ প্ৰবল হিন্দুত্ববাদী নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ মুছলমানক লৈ পুনৰ বিতৰ্কিত মন্তব্য ।

author img

By ETV Bharat Assamese Team

Published : Oct 11, 2024, 9:22 PM IST

Giriraj Singh on Love Jihad
লাভ জেহাদ সন্দৰ্ভত গিৰিৰাজ সিঙৰ বিতৰ্কিত মন্তব্য (ETV Bharat)

নিউজ ডেস্ক, ১১ অক্টোবৰ : বিহাৰৰ মুজাফ্ফৰপুৰত নৱৰাত্ৰি উপলক্ষে আয়োজিত ফলাহাৰ কাৰ্যসূচীৰ সময়ত বিজেপিৰ কট্টৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে এক মুকলি মঞ্চৰ পৰা কয়, "যদি সকলো মুছলমান পাকিস্তানলৈ গ'লহেঁতেন, তেন্তে আজি লাভ জেহাদ নহ'লহেঁতেন । ময়ো হিন্দু হ'ব নোৱাৰিলোঁ, মই কিষাণগঞ্জৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰোঁ ।"

হিন্দুত্বৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ১৯৪৭ চনত আমাৰ দেশ বিভাজন হৈছিল । পূৰ্বপুৰুষসকলে এটা ডাঙৰ ভুল কৰিছিল । তেওঁলোকে ক্ষমতাৰ বাবে দেশখন বিভক্ত কৰিছিল । হিন্দুসকলৰ বাবে হিন্দুস্তান সৃষ্টি কৰিছিল আৰু মুছলমানসকলৰ বাবে পাকিস্তান সৃষ্টি কৰিছিল । আজি যদি সকলো মুছলমান পাকিস্তানলৈ গ'লহেঁতেন, আমাৰ জীয়াৰীসকল আমাৰ নিজৰ দেশত সুৰক্ষিত হ'লহেঁতেন । কোনো লাভ জেহাদ নহ'লহেঁতেন ।

"আজি ক'তো দুৰ্গা মন্দিৰৰ বাহিৰত কোনো গণ্ডগোল নহয়, ৰাম নৱমীৰ শোভাযাত্ৰাত কোনো শিলগুটি নিক্ষেপ কৰা হোৱা নাই । ৭৭ বছৰ হৈ গ'ল, তাজিয়া শোভাযাত্ৰাত হিন্দুসকলে কেতিয়াও শিগুটিল নিক্ষেপ কৰা নাই । ভাৰত-পাকিস্তানৰ ক্ৰিকেট মেচত যদি আমি জয়ী হওঁ তেন্তে ফটকা ফুটালে কিয় আমাক হত্যা কৰে ? কাক কওঁ যে কোন হিন্দু ?" কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে কয় ।

গিৰিৰাজ সিঙে লগতে কয়, "ময়ো হিন্দু হ'ব পৰা নাই, ময়ো নিৰ্বাচনত প্ৰতিন্দ্বিতা কৰো বিশেষ জাতি-প্ৰধান অঞ্চলৰ পৰাহে । কিন্তু মই কিষাণগঞ্জৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰোঁ । কিন্তু মোৰ আমানতৰ ধন বাজেয়াপ্ত হ'ব । কিন্তু মই হিন্দু হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰোঁ ।"

গিৰিৰাজ সিঙে গিৰিৰাজ সিং ফেনছ ক্লাবৰ দ্বাৰা আয়োজিত ফলাহাৰ কাৰ্যসূচীত উপস্থিত হৈ এইকথা কয় । তেওঁৰ সৈতে অনুষ্ঠানত বিহাৰ চৰকাৰৰ মন্ত্ৰী কেদাৰ গুপ্তাকে ধৰি জিলাখনৰ বহুকেইগৰাকী নেতাও উপস্থিত আছিল ।

তেওঁ লগতে ঘোষণা কৰে যে তেওঁ ১৮ ৰ পৰা ২২ অক্টোবৰলৈ 'হিন্দু স্বাভিমান যাত্ৰা' উলিয়াব । ইয়াৰ জৰিয়তে তেওঁ হিন্দুসকলক সজাগ কৰিব । কিয়নো ৰাহুল গান্ধীৰ দৰে নেতাই হিন্দুসকলক জাতিগত ভিত্তিত পৃথক কৰিবলৈ চেষ্টা কৰে । লগতে গিৰিৰাজ সিঙে হিন্দুসকলক ঐক্যবদ্ধ হৈ থাকিবলৈও আহ্বান জনায় আৰু কয় যে জাতিৰ ভিত্তিত তেওঁলোকক ভাগ ভাগ কৰিব নালাগে ।

লগতে পঢ়ক :২২ বছৰ ধৰি ৰাৱণক পূজা কৰা এজন ব্যক্তি; ৰাৱণেই তেওঁৰ আৰাধ্য দেৱতা, ৰাৱণেই তেওঁৰ গুৰু
লগতে পঢ়ক :ৰতন টাটাৰ উত্তৰসূৰীৰূপে টাটা ট্ৰাষ্টৰ অধ্যক্ষ পদত নিযুক্ত হ’ল নোৱেল টাটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.