ETV Bharat / bharat

কেন্দ্ৰীয় বাজেট 2024-25 : বাজেটে সস্তা কৰিলে কিহৰ কিহৰ দাম ? কিহত ভৰিব লাগিব অধিক ধন ? - India Budget 2024

Union Budget 2024 : সাধাৰণ জনতাৰ বাবে কেন্দ্ৰীয় বাজেট 2024-25 এ আনিছে আনন্দৰ বাৰ্তা ৷ বিশেষকৈ এই বাজেটে মহিলাসকলৰ মুখলৈ আনিব প্ৰাপ্তিৰ হাঁহি ৷ কিয়নো বাজেটত উল্লেখ কৰা অনুসৰি হ্ৰাস হ’ব সোণ, ম’বাইল, ষ্টীল আদিৰ দাম ৷

author img

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 3:15 PM IST

Union Budget 2024
কেন্দ্ৰীয় বাজেট 2024-25 (ETV Bharat)

নেশ্যনেল ডেস্ক, ২৩ জুলাই : সংসদত মঙলবাৰে ২০২৪-২৫ বৰ্ষৰ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । বাজেট ভাষণৰ আৰম্ভণিতে বিত্তমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে এইবাৰৰ বাজেটৰ কেন্দ্ৰবিন্দু সম্পূৰ্ণৰূপে মধ্যবিত্ত শ্ৰেণী, নিয়োগ আৰু MSME খণ্ডৰ ওপৰত কৰিছে । দেশৰ মুদ্ৰাস্ফীতিৰ সন্দৰ্ভত নিৰ্মলা সীতাৰমণে কয়, ‘‘আমি ৪ শতাংশ মুদ্ৰাস্ফীতিৰ লক্ষ্যৰ ওচৰ চাপি আহিছো ।’’

Union Budget 2024
কেন্দ্ৰীয় বাজেট 2024-25 (ETV Bharat)

বাজেটত বিত্তমন্ত্ৰীয়ে বহু সামগ্ৰী আৰু সেৱাৰ ওপৰত কৰ পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছে । কৰ হ্ৰাস হোৱাৰ বাবে এতিয়া বহু সামগ্ৰী সস্তা হ’ব । একে সময়তে কৰ বৃদ্ধিৰ বাবে বহু সামগ্ৰীৰ দাম বৃদ্ধি পাব । কোনটো বস্তুৰ দাম কম হ’ব আৰু কোনটো ব্যয়বহুল হ’ব তলত উল্লেখ কৰা হ’ল -

ম’বাইলৰ সীমা শুল্ক হ্ৰাস

বিত্তমন্ত্ৰীয়ে সৌৰ কোষ আৰু পেন নিৰ্মাণত কৰ ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে । ইয়াৰ উপৰিও তেওঁ ম’বাইল ফোন, চাৰ্জাৰ, হেডফোন আদিৰ লগতে ইয়াৰ আনুসংগিক সামগ্ৰীৰ ওপৰত সীমা শুল্ক ১৫ শতাংশ হ্ৰাস কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে ৷ যাৰ ফলত এই সামগ্ৰীসমূহ কিছু সস্তা হ’ব । ইয়াৰ উপৰিও সস্তা হ’ব চামৰাৰে তৈয়াৰী সমগ্ৰীও ।

লগতে পঢ়ক : কেন্দ্ৰীয় বাজেট 2024-25: তিনি লাখ টকালৈ আয়কৰ ৰেহাই, বান সমস্যাৰ বাবে বিশেষ পুঁজি আৰু কি কি আছে এই বাজেটত - Budget 2024

সস্তা হোৱা বস্তুবোৰ :

চামৰা আৰু বস্ত্ৰ খণ্ডত ৰপ্তানিৰ প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধিৰ বাবে হাঁহ বা ৰাজহাঁহৰ পৰা আহৰণ কৰা প্ৰকৃত ডাউন ফিলিং সামগ্ৰীৰ ওপৰত বিচিডি হ্ৰাস কৰা হৈছে । যাৰ বাবে তেওঁলোকৰ দামো হ্ৰাস পাব । পাৰমাণৱিক শক্তি, নবীকৰণযোগ্য শক্তি, মহাকাশ, প্ৰতিৰক্ষা, উচ্চ প্ৰযুক্তিৰ ইলেক্ট্ৰনিকছৰ দৰে খণ্ডৰ বাবে ২৫ টা জটিল খনিজ পদাৰ্থক শুল্কৰ পৰা সম্পূৰ্ণৰূপে ৰেহাই দিয়া হৈছে আৰু ইয়াৰে দুটাৰ ওপৰত বিচিডি হ্ৰাস কৰা হৈছে।

লগতে পঢ়ক : অসমৰ লগতে অন্যান্য বান বিধ্বস্ত ৰাজ্যলৈ আৰ্থিক সাহায্য ঘোষণা কেন্দ্ৰীয় বাজেটত - India Budget 2024

ষ্টীল আৰু তামৰ শুল্ক হ্ৰাস :

ষ্টীল আৰু তামৰ সীমা শুল্কও হ্ৰাস কৰিছে চৰকাৰে । লগতে সোণ-ৰূপৰ মৌলিক সীমা শুল্কও হ্ৰাস কৰিছে চৰকাৰে । বিত্তমন্ত্ৰীগৰাকীয়ে কৰ্কট ৰোগৰ চিকিৎসাৰ তিনিটা ঔষধৰ ওপৰত মৌলিক সীমা শুল্ক ৰেহাই দিয়াৰ কথাও ঘোষণা কৰিছে, যাৰ ফলত এই ঔষধসমূহৰ দৰ কিছু হ্ৰাস হ’ব ৷

কি ব্যয়বহুল হ’ল ?

বিত্তমন্ত্ৰীয়ে এমোনিয়াম নাইট্ৰেটৰ ওপৰত সীমা শুল্ক ১০ শতাংশ আৰু অজৈৱ প্লাষ্টিকৰ হাৰ ২৫ শতাংশলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে ৷ যাৰ বাবে এই পদাৰ্থৰে প্ৰস্তুত কৰা সামগ্ৰীবোৰ ব্যয়বহুল হৈ পৰিব । ইয়াৰ উপৰিও নিৰ্দিষ্ট Specific Communication Device ৰ ওপৰতো সীমা শুল্ক ১০ শতাংশৰ পৰা ১৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে ।

লগতে পঢ়ক : টেক্স স্লেব সন্দৰ্ভত বিত্তমন্ত্ৰীৰ ডাঙৰ ঘোষণা: ৩ লাখ টকা পৰ্যন্ত বাৰ্ষিক আয়ৰ ক্ষেত্ৰত কৰ ৰেহাই - India Budget 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.