ETV Bharat / bharat

নিযোগৰ সুযোগ বৃদ্ধিত গুৰুত্ব মোদী চৰকাৰৰ: 1 কোটি যুৱক-যুৱতীৰ বাবে বাজেটত বিশেষ ঘোষণা - India Budget 2024

author img

By ANI

Published : Jul 23, 2024, 1:18 PM IST

Union Budget 2024-25: 1 কোটি যুৱক-যুৱতীৰ বাবে মাহেকীয়া ভাট্টা ঘোষণা কেন্দ্ৰীয় বাজেটত ৷ আজি দাখিল কৰা কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা অনুসৰি যুৱক-যুৱতীক নিয়োগৰ সুযোগ প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিব ইন্টাৰ্ণশ্বিপ আঁচনি ।

Union Budget 2024: Internship with Rs 5000 monthly allowance announced for 1 crore youth
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ (ETV Bharat Assam)

নেশ্যনেল ডেস্ক, 23 জুলাই: একেৰাহে সপ্তমবাৰৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে বাজেট দাখিল কৰি কয় যে, যুৱক-যুৱতীসকলক চাকৰিৰ সময়ত প্ৰশিক্ষণ দিয়াৰ স্বাৰ্থত চৰকাৰে আগন্তুক পাঁচ বছৰত শীৰ্ষ 500 কোম্পানীত এক কোটি যুৱক-যুৱতীক সুযোগ প্ৰদানৰ বাবে এক ইন্টাৰ্ণশ্বিপ আঁচনি আৰম্ভ কৰিব ।

ইয়াৰ লগতে সীতাৰমণে ইন্টাৰ্ণসকলক বাস্তৱ পৰিৱেশৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰতিমাহে 5000 টকাৰ ইন্টাৰ্ণশ্বিপ ভাট্টা প্ৰদান কৰাৰো প্ৰস্তাৱ আগবঢ়ায় । ইন্টাৰ্ণশ্বিপৰ সুবিধা প্ৰদান কৰা কোম্পানীসমূহে প্ৰশিক্ষণ আৰু প্ৰশিক্ষণৰ খৰচৰ 10 শতাংশ নিজ নিজ কৰ্পৰেট ছ’চিয়েল ৰেচপন্সিবিলিটি ফাণ্ডৰ পৰা বহন কৰিব বুলিও কয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ।

কোম্পানী আইন 2013 ৰ 135 নং ধাৰাত উল্লেখ কৰা নিয়ম অনুসৰি এটা নিৰ্দিষ্ট টাৰ্ণঅভাৰ আৰু লাভজনক কোম্পানীসমূহে বিগত তিনি বছৰৰ গড় স্বচ্ছ লাভৰ 2 শতাংশ কৰ্পৰেট সামাজিক দায়ৱদ্ধতামূলক কাৰ্যকলাপত ব্যয় কৰাটো বাধ্যতামূলক ।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণে বাজেট ভাষণত আগন্তুক পাঁচ বছৰত প্ৰায় 4.1কোটি যুৱক-যুৱতীৰ কৰ্মসংস্থাপন সৃষ্টিৰ প্ৰস্তাৱ আগবঢ়ায় ।

বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে 2 লাখ কোটি টকাৰ আৱণ্টন দিছে । একেদৰে দক্ষ যুৱক-যুৱতীসকলৰ বাবে যাতে চাকৰিৰ সুযোগ সৃষ্টি হয় তাৰ বাবে 1.48 কোটি টকাৰ প্ৰস্তাৱ আগবঢ়ায় । ইয়াৰ দ্বাৰা পাঁচ বছৰৰ ভিতৰত 20 লাখ যুৱক-যুৱতী দক্ষতা বৃদ্ধি হ’ব । মুঠ 1000 ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান উন্নীত কৰা হ’ব বুলিও ঘোষণা কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে ।

ভাষণত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে সকলো খণ্ডতে প্ৰথমবাৰৰ বাবে যোগদান কৰা সকলোকে এককালীন মজুৰি প্ৰদান কৰা হ’ব বুলি প্ৰস্তাৱ দিছিল । প্ৰথমবাৰৰ বাবে প্ৰৰোচনা প্ৰত্যক্ষ সুবিধা স্থানান্তৰ (ডিবিটি)ৰ জৰিয়তে প্ৰদান কৰা হ’ব ৷ নিয়োগ, দক্ষতা, এমএছএমই আৰু মধ্যবিত্ত শ্ৰেণী এই বাজেটৰ অন্যতম প্ৰধান গুৰুত্বপূৰ্ণ বিষয় ।

লগতে পঢ়ক: শক্তিশালী স্থিতিত আছে ভাৰতীয় অৰ্থনীতি: অৰ্থনৈতিক জৰীপ 2023-24 - Monsoon Session of Parliament 2024

নাৰী সবলীকৰণ আৰু কল্যাণত 218.8% লৈ বাজেট বৃদ্ধি; অৰ্থনৈতিক সমীক্ষা 2024 - Union Budget 2024 25

কেন্দ্ৰীয় বাজেট দাখিলৰ পূৰ্বে বৈঠকত মিলিত কেন্দ্ৰীয় কেবিনেট - Union Budget 2024 25

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.