ETV Bharat / bharat

নিৰ্মীয়মাণ অট্টালিকা খহি থিতাতে মৃত্যু দুজনৰ - Building collapses in Mumbai

author img

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 12:14 PM IST

Mumbai Building collapses : নিৰ্মীয়মাণ অট্টালিকা খহি মৃত্যু দুজনৰ ৷ ইয়াৰে ভিতৰত এজন কিশোৰ ৷ অঞ্চলজুৰি শোকৰ ছাঁ ৷

Two persons killed as part of under construction building collapses in Mumbai
নিৰ্মীয়মাণ অট্টালিকা খহি থিতাতে মৃত্যু দুজনৰ (ETV Bharat Assam)

নেশ্যনেল ডেস্ক, 10 জুন : নিৰ্মীয়মাণ অট্টালিকা খহি মুম্বাইত অকালতে মৃত্যু ঘটিল দুজনকৈ লোকৰ ৷ ইয়াৰে ভিতৰত এজন প্ৰাপ্তবয়স্ক আৰু আনজন কিশোৰ বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে, পাঁচ মহলীয়া নিৰ্মাণৰত এটা অট্টালিকাৰ স্লেব আৰু পেৰাপেটৰ এটা অংশ ভাঙি পৰাৰ ফলত সংঘটিত হয় শোকাৱহ ঘটনাটো ৷

দেওবাৰৰ নিশা 11.10 বজাত ধাৰাষাৰ বৰষুণৰ মাজতে ভিখৰোলি অঞ্চলৰ কৈলাশ বিজনেছ পাৰ্কত সংঘটিত হয় এই ঘটনাটো । অগ্নিনিৰ্বাপক বাহিনীৰ লোকে ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পাচত যেতিয়া উক্ত স্থানত উপস্থিত হয়, তেতিয়া তেওঁলোকে পেৰাপেট আৰু স্লেবৰ কিছু অংশ সৰি পৰা প্ৰত্যক্ষ কৰে ৷

আনহাতে নিৰ্মীয়মাণ অট্টালিকাটোৰ কিছু অংশ বিপদজনকভাৱে ওলমি থকা বুলি বিষয়াগৰাকীয়ে জনায় । লগতে অগ্নিনিৰ্বাপক বাহিনীয়ে বিপদজনকভাৱে ওলমি থকা অংশবোৰ আঁতৰাই দিছিল বুলিও অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জনায় ।

উল্লেখ্য যে, অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱাৰ বাবে অগ্নিনিৰ্বাপক বাহিনী অহাৰ পূৰ্বেই স্থানীয় একাংশ লোকৰ তৎপৰতাত 38 বছৰীয়া বৃদ্ধ আৰু কিশোৰজনক ধ্বংসস্তুপৰ পৰা উদ্ধাৰ কৰি ততাতৈয়াকৈ ৰজাৱাদী চিকিৎসালয়লৈ লৈ যায় ৷ কিন্তু চিকিৎসকে দুয়োকে মৃত বুলি ঘোষণা কৰে ৷ এই বুলি বিষয়াগৰাকীয়ে জনায় ।

ইয়াৰ পূৰ্বে 5 জুনত স্থানীয় মহিম অঞ্চলত এটা এমহলীয়া অট্টালিকাৰ বৃহৎ অংশ ভাঙি পৰাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন এজন আহত হৈছিল ।

ইফালে, ভাৰতৰ বতৰ বিজ্ঞান বিভাগে দেওবাৰে মুম্বাইত দক্ষিণ-পশ্চিম বাৰিষাৰ আৰম্ভণি হোৱা বুলি ঘোষণা কৰে ।দেওবাৰে হোৱা মুষলধাৰ বৰষুণৰ পিছত ভিখৰোলিকে ধৰি মহানগৰীখনৰ বহু ঠাইত পানী জমা হোৱা দেখা গৈছে ।

লগতে পঢ়ক: মহাৰাষ্ট্ৰৰ ঘাটকোপাৰ হৰ্ডিংকাণ্ডৰ তদন্তৰ বাবে SIT গঠন - Mumbai Hoarding Collapse

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.