নিউজ ডেস্ক, ১ জুলাই : সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছে অসমত প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল । অৱশ্যে মমতা বেনাৰ্জী নেতৃত্বাধীন দলটোৱে প্ৰাৰ্থিত্ব প্ৰদান কৰা চাৰিওটা সমষ্টিত বিজয়ৰ সোৱাদ লাভৰ পৰা বঞ্চিত হয় ।
কিন্তু বৰ্তমান পশ্চিমবংগৰ শাসকীয় দলটোৱে চুবুৰীয়া ৰাজ্যখনত বিধানসভাৰ উপ-নিৰ্বাচনৰ বাবে সাজু হৈছে । উল্লেখ্য, লোকসভা নিৰ্বাচনৰ পিচত অসমৰ পাঁচটা বিধানসভা সমষ্টি খালী হৈছে । যাৰ বাবে এই পাঁচটা সমষ্টিৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা । যদি ৰাজ্যৰ খালী হোৱা বিধানসভা আসনকেইখনৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হয়, তেন্তে পাঁচখন আসনতে প্ৰাৰ্থী প্ৰদান কৰিবলৈ সাজু হৈছে তৃণমূল কংগ্ৰেছ । কেৱল নিৰ্বাচন খেলিবৰ বাবেই নহয়, পশ্চিমবংগৰ শাসকীয় দলটোৱে বিধানসভাৰ উপ-নিৰ্বাচনত এই পাঁচোখন আসনত জয়ৰ লক্ষ্য ৰাখিব ।
এই সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ তথা অসম তৃণমূলৰ নেত্ৰী সুস্মিতা দেৱে ই টিভি ভাৰতৰ আগত কয় যে আগন্তুক ছমাহৰ ভিতৰত ৰাজ্যখনৰ পাঁচখন বিধানসভা আসনৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব । "আমি এই পাঁচখন আসনতে প্ৰাৰ্থিত্ব প্ৰদান কৰিম । আমি কেৱল প্ৰাৰ্থিত্ব দিব লাগে বাবেই নিদিওঁ । আমি এই আসনকেইখনত জয়লাভৰ বাবে যুঁজ দিম ।" সুস্মিতা দেৱে কয় ।
তেওঁ লগতে কয়, "দলৰ নেতৃবৰ্গই আমাক অসমৰ বিভিন্ন প্ৰান্তত তৃণমূল কংগ্ৰেছৰ সংগঠন শক্তিশালী কৰিবলৈ নিৰ্দেশ দিছে । সেই উদ্দেশ্যৰে আমি ৰাজ্যিক সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত অসমত বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ যথাসাধ্য চেষ্টা কৰিম ।"
"কেৱল বিধানসভাৰ উপ-নিৰ্বাচনতে নহয়, অনাগত দিনত তিনিস্তৰীয় পঞ্চায়ত নিৰ্বাচনতো আমি সম্পূৰ্ণ শক্তি প্ৰদান কৰিম । আমি অসমত যুঁজ দিম । মই আশা কৰো অসমতো তৃণমূল কংগ্ৰেছে ভাল প্ৰদৰ্শন কৰিব ।" তেওঁ কয় ।
উল্লেখ্য যে অসমৰ পাঁচজন বিধায়কে লোকসভা নিৰ্বাচনত জয়ী হৈ সাংসদ হৈছে । তেওঁলোকৰ ভিতৰত আছে বিজেপিৰ পৰিমল শুক্লবৈদ্য আৰু ৰঞ্জিত দত্ত, কংগ্ৰেছৰ ৰকিবুল হুছেইন, অগপৰ ফণীভূষণ চৌধুৰী আৰু ইউ পি পি এলৰ জয়ন্ত বসুমতাৰী । এওঁলোক অসম বিধানসভাৰ সদস্য আছিল । এতিয়া তৃণমূল কংগ্ৰেছে এই পাঁচটা সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি সুস্মিতা দেৱে কয় ।