ETV Bharat / bharat

শ্বাহজাহান শ্বেখক ১০ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

Shahjahan Sheikh arrested: ভূমি বেদখল আৰু যৌন নিৰ্যাতনৰ গুৰুতৰ অভিযোগ আছে নেতাজনৰ বিৰুদ্ধে । উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিচতে ২৪ পৰগণা জিলাৰ পৰা টিএমচি নেতাজনক গ্ৰেপ্তাৰ কৰা হয় । আৰক্ষীয়ে ১৪ দিনৰ ন্যায়িক জিম্মা বিচাৰিছিল যদিও আদালতে শ্বেখক ১০ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে ।

author img

By ANI

Published : Feb 29, 2024, 10:27 AM IST

Updated : Feb 29, 2024, 12:27 PM IST

Shahjahan Sheikh arrested
শ্বাহজাহান শ্বেখক ১০ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

নেশ্যনেল ডেস্ক,২৯ ফেব্ৰুৱাৰী : পশ্চিমবংগৰ সন্দেশখালী উত্তেজনাৰ মাজতে তৃণমূল কংগ্ৰেছৰ শ্বাহজাহান শ্বেখক বৃহস্পতিবাৰে পুৱা পশ্চিমবংগ আৰক্ষীয়ে 'যৌন নিৰ্যাতন আৰু ভূমি বেদখল'ৰ অভিযোগত গ্ৰেপ্তাৰ কৰে । মিনাখানৰ এছডিপিঅ' আমিনুল ইছলাম খানে সংবাদ মাধ্যমক জনোৱা মতে শ্বাহজাহানক উত্তৰ ২৪ পৰগণা জিলাৰ মিনাখানৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ।

আনহাতে নেতাগৰাকীক বৃহস্পতিবাৰে বাছিৰহাট আদালতত হাজিৰ কৰোৱা হয় । আৰক্ষীয়ে ১৪ দিনৰ ন্যায়িক জিম্মা বিচাৰিছিল যদিও আদালতে শ্বাহজাহানক ১০ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে ।

উল্লেখ্য যে শ্বাহজাহানে এমাহৰো অধিক সময় ধৰি পলায়ন কৰি আছিল । পশ্চিমবংগৰ উত্তৰ ২৪ পৰগণা জিলাৰ সন্দেশখালীত এই মাহত টিএমচিৰ শক্তিশালী নেতা শ্বাহজাহান শ্বেখৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ দেখা গৈছে কিয়নো মহিলাৰ এটা অংশই টিএমচি নেতাৰ দ্বাৰা সংঘটিত কথিত অত্যাচাৰৰ বিৰুদ্ধে ন্যায় বিচাৰিছে । সন্দেশখালীৰ বহু সংখ্যক মহিলাই শ্বাহজাহান শ্বেখ আৰু তেওঁৰ ঘনিষ্ঠ সহায়কসকলক বলপূৰ্বকভাৱে ভূমি বেদখল আৰু যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল ।

কলকাতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে শ্বাহজাহানক সন্দেশখালী গোচৰত আটক কৰাৰ নিৰ্দেশ দিয়াৰ ৩দিন পিচতে গ্ৰেপ্তাৰ কৰা হৈছে । ২৬ ফেব্ৰুৱাৰীত, উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে গোচৰটোত জাননী জাৰি কৰিবলৈ কৈছিল আৰু কৈছিল যে তেওঁক গ্ৰেপ্তাৰ নকৰাৰ কোনো কাৰণ নাই । এই ক্ষেত্ৰত ৰাজহুৱা জাননী দিয়া হ'ব । সন্দেশখালীৰ ক্ষেত্ৰত কোনো স্থগিতাদেশ নাই । ইয়াৰ পূৰ্বে, ইডিয়ে ২৩ ফেব্ৰুৱাৰীত পশ্চিমবংগৰ বহু স্থানত অভিযান চলাইছিল যাৰ ভিতৰত আছে তৃণমূল কংগ্ৰেছৰ নেতা শ্বাহজাহান শ্বেখ আৰু তেওঁৰ ঘনিষ্ঠ সহায়কসকলৰ বাসস্থান ।

বিগত কেইবাদিনো ধৰি সন্দেশখালীত উত্তেজনা অব্যাহত আছে । টিএমচি নেতাজনক গ্ৰেপ্তাৰৰ দাবী বিভিন্ন ধৰণৰ প্ৰতিবাদো অব্যাহত আছে ।

লগতে পঢ়ক :জম্মু আৰু কাশ্মীৰৰ চাম্বাত ইণ্টাৰনেশ্যনেল বৰ্ডাৰৰ ওচৰত হোমষ্টে আৰম্ভ

Last Updated : Feb 29, 2024, 12:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.