ETV Bharat / bharat

কালে যেতিয়া মাতে...দিল্লীত বন্ধুৰ বিয়া খাই উভতি আহোতেই প্ৰাণ গ’ল অসমৰ তিনি যুৱকৰ - Accident in Delhi

author img

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 11:32 AM IST

Accident in Greater Noida: দিল্লীৰ তীব্ৰ যানজঁটেই কাল হ’ল অসমৰ তিনি যুৱকৰ বাবে ৷ সোমবাৰে মাজনিশা গ্ৰেটাৰ নয়ডাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হয় অসমৰ তিনি যুৱকৰ ৷

Accident in Greater Noida
দিল্লীত মৃত্যু অসমৰ তিনি যুৱক (ETV Bharat)

নেশ্যনেল ডেস্ক, 16 জুলাই : চৌপাশে উন্মাদনা...বাজিছে ঢোলা-তাল, নাচিছে সকলোৱে ৷ কাৰো মুখত নাই তিলমানো ভাগৰ ৷ কিয়নো আজি বন্ধুৰ বিয়া ৷ সকলো ঠিকেই আছিল ৷ কিন্তু বিয়াৰ পৰা উভতি অহাৰত পথত ৰৈ আছিল কাল ৷ মুহূৰ্ততে সকলো শেষ হৈ গ’ল ৷

দুৰ্ঘটনাত পতিত হ’ল বিয়া খাই ঘূৰি অহা অতিথিৰ বাহন, ফলত ৰাজপথৰ ওপৰতে উফৰি পৰিল বাহনখনত থকা যাত্ৰী ৷ চাৰিওফালে কেৱল পৰি ৰৈছে তেজৰ চেকুৰা ৷ কাৰো মুখত মাত নাই ৷ কোনে কাক দিব সান্তনা ?

জানিব পৰা মতে, দেওবাৰে পুৱতি নিশা গ্ৰেটাৰ নয়ডাত কোনো কাৰণবশতঃ এক ব’লেৰ’ পিকআপ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰে ৷ তেনেতে পিকআপ ভানখনত পিছে পিছে আহি থকা আন এখন যাত্ৰীবাহী বাহনে খুন্দা মাৰে ৷ এই সংঘৰ্ষত মুঠ 12 জন লোক গুৰুতৰভাৱে আহত হয় ৷

এই দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাচতে উক্ত স্থানত আৰক্ষী উপস্থিত হৈ আহত আটাইকেইজনকে চিকিৎসালয়ত ভৰ্তি কৰায় ৷ অৱশ্যে চিকিৎসাৰ সময়তে তিনিজন লোকৰ মৃত্যু হয় ৷ মৃত তিনিও লোক অসমৰ বুলি তথ্য লাভ কৰা হৈছে ৷ মৃত তিনিও যুৱকৰ নাম ক্ৰমে- আব্দুল ৰফীক (35), মফিদুল (32) আৰু চুলতান ৷ জানিব পৰা মতে, আহত আন 9 জন লোক এতিয়াও চিকিৎসাধীন হৈ আছে ।

লগতে পঢ়ক : শিলচৰত সুৰামত্ত চালকে মহতিয়াই নিলে ১০ জনৰো অধিক লোকক - Hit and run incident in Silchar

তথ্য অনুসৰি, দুয়োখন বাহনত অহা যাত্ৰীসকলে বিয়া খাই ওড়িশা অভিমুখে ওভতাৰ পথতে এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ মঙলবাৰে পুৱা প্ৰায় 4 বজাত সংঘটিত হৈছে এই ঘটনাটো ৷

মৃত লোক কেইজন মূলতঃ অসমৰ :

  • মফিদুল, বৰপেটা জিলাৰ হাউলীৰ বাসিন্দা তেওঁ ৷
  • আব্দুল ৰফিক, বৰপেটা জিলাৰ হাউলীৰ বাসিন্দা তেওঁ ৷
  • তাৰাকান্দিৰ নিবাসী চুলতান আহমেদ ৷

আৰক্ষীয়ে জনোৱা মতে, দুয়োখন বাহনত থকা লোকসকল ইজনে সিজনৰ চিনাকি আছিল । চিকিৎসালয়ত ভৰ্তি হোৱা ৯ জন লোকৰ ভিতৰত চাৰিজনৰ অৱস্থা সংকটজনক ৷ যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক দিল্লীৰ ছফদৰগঞ্জ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে । ঘটনাস্থলীত উপস্থিত আছে আহতসকলৰ আত্মীয়ও ।

লগতে পঢ়ক : ৰোগী থ’বলৈ আহি মাজুলীৰ পুৰণিবাৰীত দুৰ্ঘটনাত পতিত হ’ল এম্বুলেন্স - Accident in Majuli

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.