নেশ্যনেল ডেস্ক, ২৫ জুলাই : মানুহ ভেদে চখ ভিন্ন হয় ৷ কোনোবাই হয়তো ফুৰি ভালপায়, আন কোনোবাই আকৌ লিখা-মেলা বা নানান ব্যঞ্জন ৰান্ধি ভালপায় ৷ আজিকালি আকৌ ভিন্নজনে নিজৰ চখবোৰ সামাজিক মাধ্যমত দেখুৱাই ভালপায় ৷ আপুনি হয়তো কাৰ কথা ক’বলৈ লৈছো, সেয়া নিশ্চয় অনুমান কৰিব পাৰিছে ৷
হয়, আপুনি ঠিকেই অনুমান কৰিছে ৷ আমি ব্ল’গাৰ আৰু ভ্ল’গাৰৰ কথা কৈছো ৷ আজি আমি আপোনালোকক লৈ যাবলৈ ওলাইছে এগৰাকী সাগৰীয় ৰাজকুমাৰীৰ কাষলৈ ৷ অ’ ৰ’ৱ... সাগৰীয় ৰাজকুমাৰী বুলি কওঁতে আকৌ ভুল নুবুজিব ৷ সাগৰীয় ৰাজকুমাৰীখ্যাত এগৰাকী যুৱতীৰ কাষলৈ ৷ নিচাই যাৰ পেচালৈ ৰূপান্তৰিত হৈছে ৷
প্ৰায় ২ লাখ মানুহে চিনি পায় এই যুৱতীগৰাকীক ৷ সহজ অৰ্থত সামাজিক মাধ্যমত প্ৰায় ২ লাখ ফ'ল'ৱাৰ আছে যুৱতীগৰাকীৰ ৷ মানুহে তেওঁক চী ভ্ল’গাৰ (Sea Vlogger) হিচাবে জানে ৷ আৰু বেছি পাতনি নেমেলো... আমি উল্লেখ কৰা চী ভ্ল’গাৰগৰাকী হৈছে মীনাৱা পন্নু সুবিক্ষা (Meenava Ponnu Subiksha) ৷
ছ'চিয়েল মিডিয়াত "মীনাৱা পন্নু সুবিক্ষা" নামেৰে পৰিচিত এই যুৱতীগৰাকীৰ ঘৰ তামিলনাডুৰ পেৰিয়াডালা গাঁৱত ৷ বৰ্তমান সমগ্ৰ তামিলনাডুতে মীনাৱাৰ হাতৰ মাছৰ আচাৰ বিখ্যাত ৷ সামাজিক মাধ্যমৰ চৰ্চাৰ শীৰ্ষত থকা যুৱতীগৰাকীৰ সৈতে কিছু বাৰ্তালাপ কৰিবলৈ আমাৰ ই টিভি ভাৰতৰ সাংবাদিকৰ দল উপস্থিত হ’লগৈ মীনাৱাৰ পেৰিয়াডালা গাঁৱত ৷
আমাৰ সাংবাদিকে মীনাৱাৰ সৈতে তেওঁ প্ৰস্তুত কৰা আচাৰ লগতে অন্যান্য বহু কথাই পাতিলে ৷ আমাৰ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ হিচাবে চী ভ্ল’গাৰ মীনাৱাই কৈ গ’ল বহু কথা ৷
- হাঁহিমুখীয়া চী ভ্ল’গাৰগৰাকীৰ কথাৰে...
মই থুথুকুডিৰ ব্যক্তিগত মহিলা কলেজৰ (Women's college in Thoothukudi) পৰা ইংৰাজীত বি এ পঢ়িছিলো । কলেজৰ পিচত কি কৰিলে ভাল হ’ব বুলি ভাবিগুণি থাকোতে মোৰ চী ভ্ল’গিং কৰিবলৈ মন গ’ল । তাৰ পাচৰ পৰাই অলপ অলপকৈ চী ভ্ল’গিং কৰিবলৈ ধৰিলো ৷
তামিলনাডুৰ প্ৰথম মহিলা Sea Vlogger হিচাপে মই অতি গৌৰৱান্বিত । কিন্তু এই যাত্ৰা সহজ নাছিল । ইয়াৰ আঁৰত বহুত কষ্ট আছে ৷ প্ৰথম অৱস্থাত চুবুৰীৰ সকলোৱে মোক জোকাইছিল । কিন্তু মই ইয়াক বিশেষ গুৰুত্ব নিদি নিজৰ কামবোৰ কৰি গলো ।
এদিন মই দেউতাক অনুৰোধ কৰিলো যে মোকো তেওঁৰ সৈতে সাগৰলৈ লৈ যাবলৈ ৷ মোৰ উৎপতীয়া কথা শুনি তেওঁ হ’ব বুলি ক’লে ৷ কিন্তু মোক লগত নিয়াৰ তেওঁৰ অলপো মন নাছিল ৷ কিন্তু মই কেৱল পোহৰ হোৱালৈকে বাট চাই ৰ’লো ৷ অৱশেষত দেউতাই তেওঁৰ লগত মোক নিবলৈ বাধ্য হ’ল ৷
লগতে পঢ়ক : অতিথি আপ্য়ায়নৰ বাবে আৰু চিন্তা নাই: মাত্ৰ ১০ টকা কেজিত কিনক মাছ - fish in Telugu states
প্ৰথমবাৰ সাগৰলৈ গ’লে সততে মানুহৰ বমি হয়, উশাহ-নিশাহ লোৱাত অসুবিধা পায় ৷ কিন্তু তেনেধৰণৰ মোৰ একোৱে অসুবিধা হোৱা নাছিল ৷ সেয়ে মই একেলেথাৰিয়ে কেবাদিনো দেউতাৰ লগত সাগৰলৈ মাছ ধৰিবলৈ গৈছিলো ৷ সেই তেতিয়াৰ পৰা মোৰ সাগৰ যাত্ৰা স্তব্ধ হৈ যোৱা নাই ৷
প্ৰায় এটা বছৰে সাগৰৰ নীলা পানীৰ সৈতে মাছৰ লগত খেলি আহিছো ৷ চী ভ্ল’গিং কৰি কৰি মই ভাবিবলৈ ধৰিলো যে আৰু কি কি কৰিব পাৰি ৷ মনলৈ বহু উদ্ভাৱনী চিন্তা আহিল ৷ পৰৱৰ্তী সময়ত মই ঠিৰাং কৰিলো যে সাগৰীয় মাছেৰে প্ৰস্তুত কৰা আচাৰৰ ব্যৱসায় কৰিম ৷
সেই তেতিয়াৰ পৰা মই ৭ প্ৰকাৰৰ আচাৰ প্ৰস্তুত কৰি ব্যৱসায় কৰিবলৈ ধৰিলো ৷ সেয়া হ’ল - ভঞ্জাৰাম (vanjaram, অসমত পোৱা ভাঙন মাছৰ দৰে ), টুনা (tuna), মিছা মাছ (prawn), কেঁকোৰা (crab) আদি । মই প্ৰস্তুত কৰা সাতবিধ আচাৰৰ ভিতৰত বিশেষ হ’ল কৰুৱাডু (karuvadu অৰ্থাৎ শুকান মাছ) মাছৰ আচাৰ ।
প্ৰথম অৱস্থাত এই ব্যৱসায় কৰিবলৈ যথেষ্ট কষ্ট কৰিছিলো । অভিজ্ঞতা নথকাৰ বাবে বহু টকাৰো অপচয় হৈছিল । অৱশ্যে লাহে লাহে মই এই ব্যৱসায়ত কিছু গতি লাভ কৰিলো ৷ আজিৰ তাৰিখত মোৰ এই মাছৰ আচাৰ তামিলনাডু, বেংগালুৰু, দিল্লীৰ লগতে বিদেশলৈও ৰপ্তানি হয় ৷
মোৰ ইনষ্টাগ্ৰাম পেজত প্ৰায় ২ লাখ ফ’ল'ৱাৰ আছে ৷ মই এই মাছৰ আচাৰৰ বিষয়ে ইনষ্টাগ্ৰামৰ জৰিয়তে ৰাইজক জনাও ৷
- এইবাৰ ই টিভি ভাৰতৰ সাংবাদিকে বাৰ্তালাপ কৰিলে সুবিক্ষাৰ পিতৃৰ সৈতে ৷ তেওঁ ক’লে-
মোৰ ছোৱালীজনীয়ে যেতিয়া মোৰ লগত সাগৰৰ মাজলৈ যাব বিচাৰিছিল, তেতিয়া মই তাইক বাধা দিছিলো ৷ কিন্তু তাইৰ জেদৰ ওচৰত মই হাৰি গ’লো ৷ এনেকৈয়ে মই তাইক মোৰ লগত লৈ গৈছিলো ৷
প্ৰথমাৱস্থাত মোক ওচৰ-চুবুৰীয়াইও কিছু কটাক্ষ কৰিছিল ৷ কিন্তু সকলো আওকান কৰি তাই নিজৰ কাম কৰি গ’ল ৷ আৰু আজিৰ দিনত তাই এজনী নামী আৰু দামী উদ্যোগী ৷ তাইৰ দৰে উচ্চাকাংক্ষী উদ্যোগী সকলোৰে বাবে আদৰ্শস্বৰূপ ।
লগতে পঢ়ক : মাছৰ তেল সঁচাকৈয়ে স্বাস্থ্যৰ বাবে উপকাৰী নেকি?- - FISH OIL SUPPLEMENTS