ETV Bharat / bharat

কেচিআৰে তেলেংগানাৰ ৰাইজক বিশ্বাসঘাতকতা কৰাৰ অভিযোগ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ

author img

By ANI

Published : Feb 5, 2024, 10:11 AM IST

Updated : Feb 5, 2024, 10:53 AM IST

Telangana water sharing controversy: কৃষ্ণা আৰু গোদাৱৰীৰ পানী ভাগ-বতৰাৰ ক্ষেত্ৰত প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে ৰাইজক প্ৰৱঞ্চনা কৰিছিল । এই অভিযোগ বৰ্তমানৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ । বিধানসভা অধিবেশনত এই বিষয়ত মুকলি বিতৰ্কৰ বাবে বিআৰএছক প্ৰত্যাহ্বান জনাই ৰেড্ডীয়ে ।

Telangana water sharing controversy
কেচিআৰয়ে তেলেংগানাৰ ৰাইজক বিশ্বাসঘাতকতা কৰাৰ অভিযোগ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ

নেশ্যনেল ডেস্ক, ৫ ফেব্ৰুৱাৰী : তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিআৰএছ প্ৰধান কে চন্দ্ৰশেখৰ ৰাওৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ । কে চন্দ্ৰশেখৰ ৰাওৱে কৃষ্ণা আৰু গোদাৱৰীৰ পানী ভাগ-বতৰাত জনসাধাৰণৰ সৈতে বিশ্বাসঘাতকতা কৰাৰ অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে ৷ এক সংবাদমেলত ৰেড্ডীয়ে ঘোষণা কৰে যে তেওঁৰ চৰকাৰে তেলেংগানাত জলসিঞ্চন প্ৰকল্পৰ ওপৰত এখন শ্বেতপত্ৰ মুকলি কৰিব আৰু কেচিআৰ চৰকাৰক আগন্তুক বাজেট অধিৱেশনত পানী ভাগ বতৰাৰ বিষয়ে আলোচনা কৰিবলৈ প্ৰত্যাহ্বান জনাব ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কেচিআৰ, হৰিশ আৰু কেটিআৰক বিধানসভা অধিবেশনত বিতৰ্কত অংশগ্ৰহণ কৰিবলৈ প্ৰত্যাহ্বান জনায় । তেওঁলোকে বিচাৰিলে কবিতা ৰাওকো তেওঁলোকৰ সৈতে যোগ দিব পাৰে বুলিও কয় মুখ্যমন্ত্ৰী ৰেড্ডীয়ে ।

মুখ্যমন্ত্ৰী ৰেড্ডীৰ মতে বিধানসভা অধিবেশনত কেচিআৰ, কেটিআৰ, হৰিশ আৰু কবিতা ৰাৱে বিতৰ্কত যোগদান কৰা উচিত । আলোচনাত অংশগ্ৰহণ কৰি তেওঁলোকৰ সততা আৰু আন্তৰিকতা প্ৰমাণ কৰিবলৈ তেওঁ আহ্বান জনায় । আনহাতে চৰকাৰে কেচিআৰ আৰু দলটোক বিতৰ্কৰ বাবে পৰ্যাপ্ত সময় দিব । মুখ্যমন্ত্ৰী ৰেড্ডীৰ মতে সত্যৰ জয় হোৱা উচিত । তেলেংগানাৰ প্ৰতি কোনে অন্যায় কৰিছে সেয়া জনসাধাৰণৰ জ্ঞাত হ'ব লাগে বুলিও তেওঁ দাবী কৰে ।

মুখ্যমন্ত্ৰী ৰেড্ডীয়ে অভিযোগ কৰিছে যে পূৰ্বৰ বিআৰএছ চৰকাৰে অন্ধ্ৰ প্ৰদেশৰ পৰা তেলেংগানালৈ অহা পানী স্থায়ীভাৱে সলনি কৰিবলৈ সন্মত হৈছিল । তেওঁ দাবী কৰে যে পূৰ্বৰ বিআৰএছ চৰকাৰে সন্মত হৈছিল যে ২০২২ চনত ১৫ টা প্ৰকল্প কেআৰএমবি (কৃষ্ণা নদী ব্যৱস্থাপনা ব'ৰ্ড)ক হস্তান্তৰ কৰা হ'ব ।

ৰেড্ডীয়ে কয় যে প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও আৰু বিআৰএছ নেতা টি হৰিশ ৰাৱে তেওঁলোকৰ পূৰ্বৰ চৰকাৰৰ ত্ৰুটিবোৰ ঢাকি ৰাখিবলৈ বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ কৰি আছে । তেওঁ বিআৰএছ নেতাসকলক প্ৰতাৰণামূলক প্ৰচাৰৰ জৰিয়তে ৰাজনৈতিক লাভালাভ গ্ৰহণ কৰাৰ চেষ্টা কৰাৰো অভিযোগ উত্থাপন কৰিছে । তেওঁ অভিযোগ কৰে যে কেচিআৰ চৰকাৰে অন্ধ্ৰ প্ৰদেশ পুনৰ গঠন আইন অনুমোদিত কৰি কৃষ্ণা আৰু গোদাৱৰীৰ জল বিতৰণ কেন্দ্ৰক হস্তান্তৰ কৰিবলৈ সন্মতি প্ৰদান কৰিছে ।

টিআৰএছে আপত্তি কৰা নাছিল আৰু কেচিআৰে ভোট দিছিল আৰু আইনখন প্ৰণয়ন কৰা হৈছিল । ইয়াৰ বাবে কেচিআৰ আৰু কে কেশৱ ৰাও দায়বদ্ধ বুলি তেওঁ উল্লেখ কৰে । কেচিআৰ আৰু হৰিশে তেলেংগানালৈ ২৯৯ টিএমচি পানী আৱণ্টন কৰিবলৈ স্বাক্ষৰ কৰিছিল । চৰকাৰে তেলেংগানাক ৫০ শতাংশ অংশৰ ওপৰত জোৰ নিদি অন্যায় কৰিছিল ।

কংগ্ৰেছ নেতা ৰেৱন্ত ৰেড্ডীয়ে উত্থাপন কৰা অভিযোগৰ সঁহাৰি দি বিআৰএছৰ মুখপাত্ৰ দাচোজু স্ৰাভানে কয় যে কংগ্ৰেছে এনে ধৰণৰ মন্তব্য দি ৰিজৰ্টৰ ৰাজনীতিত লিপ্ত হৈ আছে । তেওঁ লগতে অভিযোগ কৰে যে কংগ্ৰেছ দলে ৰাজ্যখনত তেওঁলোকৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ বাবে ৰাইজৰ ধন ব্যৱহাৰ কৰি আছে ।

মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ নেতৃত্বত তেলেংগানা চৰকাৰ কংগ্ৰেছ দলৰ এটিএম হৈ পৰিছে আৰু তেওঁলোকে তেওঁলোকৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ বাবে ৰাইজৰ ধন ব্যৱহাৰ কৰি আছে বুলি তেওঁ অভিযোগ কৰে ।

লগতে পঢ়ক :আজিৰে পৰা আৰম্ভ ঝাৰখণ্ড বিধানসভাৰ দুদিনীয়া বিশেষ অধিৱেশন

Last Updated : Feb 5, 2024, 10:53 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.