নেশ্যনেল ডেস্ক, 5 জুন : ট্ৰেকিং কৰাসকলৰ বাবে এক পৰিচিত স্থান হৈছে উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ সহস্ত্ৰতাল ট্ৰেকিং ৷ এইবাৰ এই সহস্ত্ৰতাল ট্ৰেকিং পথত ভয়ংকৰ অঘটন সংঘটিত হৈছে ৷ প্ৰতিকূল বতৰৰ বাবে ট্ৰেকিং কৰিবলৈ যোৱা এটা 22 জনীয়া দল আদবাটতেই আৱদ্ধ হৈ পৰে ৷ ইতিমধ্যে দলটোৰ 8 গৰাকী সদস্য মৃত্যু হৈছে বুলি জানিবলৈ পৰা গৈছে ৷
আনহাতে বাকী সদস্যসকল হিমালয়ৰ ভ্ৰমণ পথত আৱদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছে । এই ঘটনা খবৰ পোৱাৰ লগে লগে প্ৰশাসনে আৱদ্ধ ট্ৰেকাৰসকলক উদ্ধাৰ কৰিবলৈ এটা উদ্ধাৰকাৰী দল প্ৰেৰণ কৰিছে ৷
বায়ু সেনাই অনুসন্ধান আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰিছে :
ইফালে এই ঘটনাৰ পিচতে উত্তৰকাশীৰ জিলা আয়ুক্তই আৱদ্ধ ট্ৰেকাৰসকলৰ লগতে মৃতদেহকেইটা উদ্ধাৰৰ বাবে বায়ু সেনাৰ জৰিয়তে উদ্ধাৰ অভিযান চলাবলৈ অনুৰোধ কৰিছিল । ইয়াৰ পিচতে বায়ু সেনাই বুধবাৰে সন্ধানহীন ট্ৰেকাৰসকলৰ সন্ধানত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ।
জিলা প্ৰশাসনৰ অনুৰোধত, বায়ু সেনাৰ দুখন চেতক হেলিকপ্টাৰ সেৱাত নিয়োজিত কৰা হৈছে । জিলা দণ্ডাধীশে ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা ৰঞ্জিত সিনহা আৰু আন বিষয়াসকলক ঘটনাটোৰ বিষয়ে অৱগত কৰিছে ।
এছ ডি আৰ এফৰ সৈতে উত্তৰাখণ্ড আৰক্ষীৰ 2 টা দল প্ৰস্থান:
জানিব পৰামতে, কৰ্ণাটকৰ 18 গৰাকী, মহাৰাষ্ট্ৰৰ এগৰাকী আৰু তিনিজন স্থানীয় গাইডক লৈ গঠিত 22 জনীয়া ট্ৰেকিং দলক যোৱা 29 মে’ত হিমালয় দৰ্শন ট্ৰেকিং এজেন্সি, মানেৰীৰ সহযোগত মাল্লা-চিল্লা-কুশকল্যাণ-সহস্ত্ৰতাল হৈ সহস্ৰতাললৈ ট্ৰেকিং অভিযানৰ ফ্লেগ অফ কৰিছিল । ট্ৰেকিং দলটো 7 জুনৰ ভিতৰত উভতি অহাৰ কথা আছিল ।
তাৰ পিচতে দলটোৱে মঙলবাৰে অন্তিমটো শিৱিৰৰ পৰা সহস্ত্ৰতালত উপস্থিত হোৱাৰ সময়ত প্ৰতিকূল বতৰৰ বাবে পথ হেৰুৱায় ৷ তাৰ পিচতে সংশ্লিষ্ট ট্ৰেকিং সংস্থাটোৱে দলটোৰ চাৰিজন সদস্যৰ মৃত্যুৰ বিষয়ে অৱগত কৰে ৷ লগতে 13 জন সদস্য ট্ৰেকত আৱদ্ধ হোৱাৰ ঘটনাৰ বিষয়ে অৱগত কৰিছিল । এই ঘটনাৰ তথ্যৰ ওপৰত আধাৰিত কৰি 5 জুনত পুৱা এছ ডি আৰ এফৰ কমাণ্ডাৰ মণিকান্ত মিশ্ৰৰ নিৰ্দেশনা অনুসৰি, এছ ডি আৰ এফৰ 2 টা উদ্ধাৰকাৰী দল প্ৰেৰণ কৰে ।
ইতিমধ্যে সহস্ত্ৰধাৰা হেলিপেডৰ পৰা 3 জনীয়া দলটো ডেৰাডুনক হেলিপেড হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ আনহাতে আন এটা দলে প্ৰয়োজনীয় সকলো সঁজুলি লগত ৰাখি বেকআপৰ বাবে প্ৰস্তুত হৈ আছে ৷ তাৰ পিচতে বুধবাৰে পুৱা অন্য চাৰিজন ট্ৰেকাৰৰ মৃত্যুৰ দুখজনক খবৰ পোহৰলৈ আহে ৷
6 জন ট্ৰেকাৰ উদ্ধাৰ:
ইতিমধ্যে সহস্ৰতলত আৱদ্ধ 6 জন ট্ৰেকাৰক উদ্ধাৰ কৰা হৈছে । মৃতসকল হৈছে সৌম্য (37), বিনয় (47), সুধাকৰ (64), সুধাকৰ (48), সুস্মৃতি (40), সূৰ্য ৰাজ (40) আৰু চিনা (48) বুলি চিনাক্ত কৰা হৈছে । সকলো কৰ্ণাটকৰ বাসিন্দা ।
ট্ৰেকাৰ এজেঞ্চীৰ লোকসকলে কি কৈছিল:
ট্ৰেকাৰ এজেঞ্চীৰ ভাগৱত চেমৱালে কৈছিল যে প্ৰায় 14,500 ফুট উচ্চতাত অৱস্থিত সহস্ত্ৰতাল পাবলৈ, ভাটৱাৰী খণ্ডৰ চোৰা গাঁৱৰ পৰা 45 কিলোমিটাৰ দূৰত্ব খোজ কাঢ়িব লাগিব ।
ইয়াৰ লগতে, সম্প্ৰতি এই ট্ৰেকটোৰ বাবে বতৰ অনুকূল । যিমানেই উচ্চতালৈ গৈ থকা যায়, সিমানেই কুঁৱলী আৰু তীব্ৰ বতাহে বাট ভেটে ৷ ইয়াৰ বাবে, ট্ৰেকাৰসকলে তেওঁলোকৰ পথ হেৰুৱায় । এই কাৰণেই চাগে এই ট্ৰেকাৰ দলটোৱেও পথ হেৰুৱালে ৷
লগতে পঢ়ক: নাছিকত এম এইচ চুখয় ৩০ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত; আহত পাইলট - Sukhoi30 fighter aircraft crashed