ETV Bharat / bharat

খহি পৰিল ছত্ৰপতি শিৱাজীৰ বৃহদকাৰ প্ৰতিমূৰ্তি: বিৰোধীৰ তীব্ৰ সমালোচনা - Shivaji Maharaj statue collapsed

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 7:18 AM IST

Shivaji Maharaj statue collapsed: প্ৰায় ৮ মাহ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিছিল শিৱাজী মহাৰাজৰ ৩৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটো । নিৰ্মাণত জড়িত দুগৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । বিৰোধীয়ে শাসকীয় দল আৰু প্ৰধানমন্ত্ৰীক তীব্ৰ সমালোচনা কৰিছে ।

Shivaji Maharaj statue collapsed
খহি পৰিল ছত্ৰপতি শিৱাজীৰ প্ৰতিমূৰ্তি (ANI)

নেশ্যনেল ডেস্ক,২৭ আগষ্ট : বিগত বছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰা মাৰাঠা যোদ্ধা ৰজা ছত্ৰপতি শিৱাজী মহাৰাজৰ ৩৫ ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি খহি পৰে । ৰাজকোট দুৰ্গত আছিল এই প্ৰতিমূৰ্তি । ২০২৩ চনৰ ৪ ডিচেম্বৰত নৌ সেনা দিৱসৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰতিমূৰ্তিটো উন্মোচন কৰিছিল । এবছৰ নৌহওঁতেই মহাৰাষ্ট্ৰবাসীৰ ভগৱানস্বৰূপ শিৱাজীৰ প্ৰতিমূৰ্তি খহি পৰাৰ লগে লগে ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিৰোধী দলবোৰে চৰকাৰক আক্ৰমণ কৰিছে ।

মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

ইয়াৰ মাজতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ এই ঘটনাটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে । মুখ্যমন্ত্ৰীয়ে কয়, "বিৰোধী দলবোৰৰ আমাক সমালোচনা কৰিবলৈ যথেষ্ট সময় আছে । মোৰ তাত ক'বলগীয়া নাই । ছত্ৰপতি শিৱাজী মহাৰাজ মহাৰাষ্ট্ৰৰ ভগৱান আৰু প্ৰতিমূৰ্তিটো নৌসেনাই নিৰ্মাণ কৰিছিল আৰু ডিজাইনটোও নৌসেনাৰেই আছিল ।"

তেওঁ লগতে কয়, "মই জিলা উপায়ুক্তৰ সৈতে কথা পাতিছো, যিয়ে মোক কৈছে যে বতাহৰ গতিবেগ প্ৰায় ৪৫ কিলোমিটাৰ প্ৰতি ঘণ্টাত আছিল যাৰ বাবে প্ৰতিমূৰ্তিটো ক্ষতিগ্ৰস্ত হৈছে । নৌসেনাৰ বিষয়া আৰু সিন্ধুদুৰ্গৰ অভিভাৱক মন্ত্ৰী ৰবীন্দ্ৰ চৱন ঘটনাস্থলীলৈ গৈ আছে আৰু আমি শীঘ্ৰে প্ৰতিমূৰ্তিটো পুনৰ নিৰ্মাণ কৰিম ।"

নিৰ্মাণত জড়িত দুগৰাকী ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু

ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত আইন-শৃংখলা বজাই ৰাখিবলৈ ৰাইজক আহ্বান জনায় । সিন্ধুদুৰ্গৰ অভিভাৱক মন্ত্ৰী ৰবীন্দ্ৰ চৱনে কয় যে প্ৰতিমূৰ্তিটোৰ নিৰ্মাণত জড়িত সিন্ধুদুৰ্গৰ মেচাৰ্ছ আৰ্টিষ্ট্ৰী নামৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী জয়দীপ আপ্তে আৰু গাঁথনিগত পৰামৰ্শদাতা চেতন পাটিলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ।

বিজেপি মন্ত্ৰীগৰাকীয়ে কয়, "মহাৰাষ্ট্ৰ চৰকাৰে এই বৃহদকাৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে নৌসেনাক ২.৩৬ কোটি টকা পৰিশোধ কৰিছিল । অৱশ্যে, শিল্পী বাছনিৰ সমগ্ৰ প্ৰক্ৰিয়াটো নৌসেনাৰ বিষয়াসকলে কৰিছিল । ৱৰ্ক অৰ্ডাৰটো ২০২৩ চনৰ ৮ ছেপ্টেম্বৰত দিয়া হৈছিল ।"

মন্ত্ৰীগৰাকীৰ মতে প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰাত ব্যৱহৃত তীখাবোৰত মামৰ লাগিছিল । তেওঁ লগতে কয়, "পিডব্লিউডিয়ে ইতিমধ্যে নৌসেনাৰ বিষয়াসকলক প্ৰতিমূৰ্তিটোত মামৰ ধৰাৰ বিষয়ে অৱগত কৰি পত্ৰ লিখিছিল আৰু তেওঁলোকক উপযুক্ত পদক্ষেপ ল'বলৈ অনুৰোধ জনাইছিল ।"

ইফালে মহাৰাষ্ট্ৰৰ মন্ত্ৰী দীপক কেশৰকাৰে কয় যে ৰাজ্য চৰকাৰ এক নতুন প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । তেওঁ কয়, "ঘটনাটোৰ বিষয়ে মোৰ ওচৰত সকলো তথ্য নাই । অৱশ্যে, এইটো মন কৰিবলগীয়া যে পিডব্লিউডি মন্ত্ৰী ৰবীন্দ্ৰ চৱনে কৈছে যে বিষয়টোত এক পুংখানুপুংখ তদন্ত কৰা হ'ব ।"

বিৰোধীৰ সমালোচনা

আনহাতে বিৰোধী এনচিপি শৰদ পাৱাৰ গোটৰ সাংসদ সুপ্ৰিয়া চুলেয়ে প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰা ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে । ঠিকাদাৰজনক ব্লেকলিষ্ট কৰাৰ বাবেও তেওঁ দাবী জনায় । এক্সৰ এটা পোষ্টত তেওঁ লিখিছে,"এবছৰৰ ভিতৰতে প্ৰতিমূৰ্তিটো খহি পৰিছে । এয়া ছত্ৰপতি শিৱাজী মহাৰাজৰ প্ৰতি অপমান । এইটো স্পষ্ট যে নিৰ্মাণৰ কামটো সঠিকভাৱে কৰা হোৱা নাছিল আৰু এক প্ৰকাৰে প্ৰধানমন্ত্ৰী আৰু ৰাইজক প্ৰতাৰণা কৰা হৈছে ।"

ছত্ৰপতি শিৱাজী মহাৰাজৰ বংশধৰ সম্ভাজী ছত্ৰপতিয়ে ঘটনাটোক দুৰ্ভাগ্যজনক বুলি বৰ্ণনা কৰিছে । তেওঁ কৈছে, "প্ৰধানমন্ত্ৰীয়ে খৰখেদাকৈ উদ্বোধন কৰা প্ৰতিমূৰ্তিটো খহি পৰিছে । আমি প্ৰধানমন্ত্ৰীলৈ প্ৰতিমূৰ্তিটো সলনি কৰিবলৈ এখন পত্ৰ লিখিছিলো, যিটো সঠিক ধৰণে নিৰ্মাণ কৰা হোৱা নাছিল । এইটো অতি দুৰ্ভাগ্যজনক যে প্ৰতিমূৰ্তিটো খহি পৰিছে । সেই স্থানত ছত্ৰপতি শিৱাজী মহাৰাজৰ এক নতুন স্মাৰক স্থাপন কৰাটো প্ৰয়োজনীয় । পলম হ'লেও এইটো সঠিক হ'ব লাগে ।"

বিৰোধী শিৱসেনাৰ (ইউবিটি) নেতা আদিত্য ঠাকৰেয়ে কয় যে তেওঁলোকে ছত্ৰপতি শিৱাজী মহাৰাজক অপমান কৰাটো সহ্য নকৰে । এক্সৰ পোষ্টত মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ পুত্ৰ আদিত্যই কয়, "নিৰ্বাচনৰ কথা চিন্তা কৰি নিৰ্মাণ কৰা শিৱাজী মহাৰাজৰ প্ৰতিমূৰ্তি ৮ মাহৰ ভিতৰতে খহি পৰিল । ইয়াৰ বাবে বিজেপিৰ মানসিকতা দায়ী ।" আদিত্যই অভিযোগ কৰিছে যে প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰাৰ সময়ত স্থানীয় লোকৰ মতামত উপেক্ষা কৰা হৈছিল । মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ (এমএনএছ) মুৰব্বী ৰাজ ঠাকৰেয়ে এক্সৰ এটা পোষ্টত এই ঘটনাক লৈ দুখ প্ৰকাশ কৰে ।

লগতে পঢ়ক :কৃষক আন্দোলন সম্পৰ্কে কংগনাৰ বিতৰ্কিত মন্তব্যই কঁপাইছে পঞ্জাব - Kangana Controversial Comments

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.