ETV Bharat / bharat

চৰকাৰৰ তীক্ষ্ণ নিৰীক্ষণত দেশৰ মচলা ব্ৰেণ্ড; এভাৰেষ্টক সংশোধনমূলক পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ - Central Govt Action to Masala Brand

Central Govt Action to Masala Brand : কেন্দ্ৰীয় চৰকাৰে ইটিঅ' (EtO) নিয়ম পালন কৰাটো নিশ্চিত কৰিবলৈ মচলা প্ৰস্তুতকৰ্তাসকলক নিৰ্দেশ দিছে । লগতে ইথিলিন অক্সাইডৰ উপস্থিতি সম্পৰ্কে কিছুমান নমুনাত কঠোৰ গুণমানৰ (0.1 মিগ্ৰা প্ৰতি কিঃগ্ৰাঃ) অধীনত পালন নকৰাটো প্ৰত্যক্ষ পোৱাৰ পিচত এভাৰেষ্ট মচলাক সংশোধনমূলক পদক্ষেপ ল'বলৈ কৈছে ।

Central Govt Action to Masala Brand
প্ৰতিনিধিত্বমূলক ফটো (ANI Photo)
author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 5:28 PM IST

নিউজ ডেস্ক, ২১ মে' : শেহতীয়াভাৱে দেশৰ দুটা ব্ৰেণ্ডৰ মচলা কেইবাখনো দেশত নিষিদ্ধ কৰা হৈছে । এই মচলাত শৰীৰৰ বাবে মাৰাত্মক উপাদান ধৰা পৰাৰ পিচত দেশকেইখনে এই পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ পিচতে এই মচলা ব্ৰেণ্ডকেইটাক লৈ দেশতো হুলস্থূল লাগি পৰিছে । তাৰে পৰিপ্ৰেক্ষিতত চৰকাৰে ইয়াৰ ওপৰত হস্তক্ষেপ কৰিবলৈ বাধ্য হৈছে । যাৰ বাবে চৰকাৰৰ কঠোৰ নিৰীক্ষণত আছে কেইবাটাও ব্ৰেণ্ডৰ মচলা । এই ব্ৰেণ্ডবোৰৰ নমুনা পৰীক্ষাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে দেশৰ সংশ্লিষ্ট বিভাগে ।

আনহাতে, এভাৰেষ্ট মচলাৰ কিছুমান নমুনাত ইথিলিন অক্সাইডৰ উপস্থিতি সম্পৰ্কে কঠোৰ গুণমানৰ (প্ৰতি কিলোগ্ৰামত 0.1 মিগ্ৰা) অধীনত অনুসৰণ নকৰাটো চৰকাৰে বিচাৰি পাইছে । যাৰ বাবে এতিয়া ইয়াৰ ওপৰত সংশোধনমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে বুলি সোমবাৰে এগৰাকী বিষয়াই কয় ।

কিছুমান মচলাত ইথিলিন অক্সাইডৰ (ইটিঅ', ethylene oxide) অৱশিষ্ট থকাৰ বাবে ছিংগাপুৰ আৰু হংকঙত দুটা ভাৰতীয় মচলা ব্ৰেণ্ড এমডিএইচ আৰু এভাৰেষ্টৰ সামগ্ৰী প্ৰত্যাহাৰৰ প্ৰতিবেদনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই কাৰ্চিনোজেনিক ৰাসায়নিক পদাৰ্থৰ উপস্থিতিৰ ওপৰত এই পৰীক্ষাবোৰ সম্পন্ন কৰিছে ।

"আমি এই দুয়োটা কোম্পানীৰ পৰা সংগ্ৰহ কৰা নমুনা পৰীক্ষা কৰিছোঁ আৰু আমি দেখিছোঁ যে এমডিএইচৰ 18 টা নমুনাৰ আটাইকেইটা গুণমান অনুসৰি আছিল । অৱশ্যে এভাৰেষ্টৰ ক্ষেত্ৰত কিছুমান নমুনাৰ (12 টাৰ ভিতৰত) ওপৰত অভিযোগ আছিল আৰু তাৰ বাবে আমি তেওঁলোকক সংশোধনমূলক পদক্ষেপ ল'বলৈ কৈছোঁ আৰু আমি তেওঁলোকৰ সৈতে কাম কৰি আছো যাতে সেইবোৰ পালন কৰা হয় ।" বিষয়াগৰাকীয়ে কয় ।

উল্লেখ্য যে এভাৰেষ্টলৈ প্ৰেৰণ কৰা এটা ইমেইল প্ৰশ্নৰ উত্তৰ দিয়া হোৱা নাছিল । বিভিন্ন দেশে ইটিঅ'ৰ বাবে বিভিন্ন এমআৰএল (সৰ্বাধিক অৱশিষ্ট সীমা, maximum residual limit) অনুসৰণ কৰে । যদিও ইউৰোপীয় ইউনিয়নে এই সীমা প্ৰতি কিলোগ্ৰামত 0.02-0.1 মিঃগ্ৰাঃ নিৰ্ধাৰণ কৰিছে, ছিংগাপুৰৰ এই সীমা প্ৰতি কিলোগ্ৰামত 50 মিঃগ্ৰাঃ আৰু জাপানত প্ৰতি কিলোগ্ৰামত 0.01 মিঃগ্ৰাঃ আছে । এই নমুনাবোৰ প্ৰতি কিলোগ্ৰামত ০.১ মিঃগ্ৰাঃ পৰীক্ষা কৰা হৈছিল । উল্লেখ্য, এপ্ৰিলত মচলাৰ ৰপ্তানি ১২.২৭ শতাংশ বৃদ্ধি হৈ ৪০৫.৬২ নিযুত আমেৰিকান ডলাৰ হৈছে ।

বিষয়াগৰাকীয়ে এইটোও কয় যে এমআৰএলৰ ওপৰত প্ৰয়োজনীয়তা সময়ৰ লগে লগে বিকশিত হৈ আছে আৰু মচলা উদ্যোগ এই বিষয়ে সম্পূৰ্ণৰূপে অৱগত । "আমি এই বিষয়টোত তিনিটা আলোচনা কৰিছোঁ । তেওঁলোকে ইটিঅ' ব্যৱহাৰৰ বিকল্পবোৰো বিচাৰি আছে । বহুতো ৰপ্তানিকৰ্তাই বিকল্প প্ৰযুক্তি ব্যৱহাৰ কৰি আছে আৰু এইবোৰ উদ্যোগৰ দ্বাৰা পৰীক্ষা কৰা হৈছে ।" বিষয়াগৰাকীয়ে লগতে কয় ।

"আমাৰ অনুপালন (compliances) বৃদ্ধি পাইছে আৰু আমাৰ প্ৰত্যাখ্যান হ্ৰাস পাইছে ।" বিষয়াগৰাকীয়ে কয় যে চৰকাৰে মচলা ৰপ্তানিকৰ্তাসকলৰ ক্ষমতা নিৰ্মাণৰ বাবে আমেৰিকাৰ এফডিএ আৰু বিশ্ব বাণিজ্য সংস্থাৰ সৈতে প্ৰশিক্ষণ কাৰ্যসূচীও চলাই আছে, যাতে তেওঁলোকে এমআৰএলৰ প্ৰয়োজনীয়তা পূৰণ কৰে ।

লগতে পঢ়ক :খাদ্য ৰান্ধোতে আপুনিও ব্যৱহাৰ কৰে নেকি এইসমূহ মছলা ? সাৱধান হওক... - FSSAI On MDH And Everest Samples

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.