নেশ্যনেল ডেস্ক, 24 এপ্ৰিল: সম্পত্তিজনিত বিবাদৰ ভয়াৱহ পৰিণতি ৷ কৰ্ণাটকৰ গডাগত সংঘটিত হোৱা এনে এক নৃশংস কাণ্ড শেহতীয়াকৈ পোহৰলৈ আহিছে ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে, গডাগ পৌৰসভাৰ উপ-সভাপতিৰ পুত্ৰকে ধৰি একেটা পৰিয়ালৰ চাৰিজন সদস্যৰ হত্যাৰ বাবে চুপাৰী দিয়ে পৰিয়ালটোৰ এজন সদস্য বিনায়ক বকালেই (31) ৷ ইতিমধ্যে এই বিভৎস কাণ্ডৰ সৈতে জড়িত 8 অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে গডাগ আৰক্ষী ।
এই সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দি কয় যে সম্পত্তি বিক্ৰীৰ বাবে হোৱা বিবাদক কেন্দ্ৰ কৰি পুত্ৰই পিতৃ আৰু মাহী মাক তথা মাহীমাকক হত্যা কৰিবলৈ চুপাৰী দিছিল । 19 এপ্ৰিলৰ পুৱাৰ ভাগত এই হত্যাকাণ্ড সংঘটিত হয় ৷ যাৰ ফলত আন এটা পৰিয়ালৰে 4 জন লোকৰ মৃত্যু ঘটে ৷
সোমবাৰে গডাগত উত্তৰ মণ্ডলৰ আৰক্ষী উপ-মহাপৰিদৰ্শক বিকাশ কুমাৰে এই সন্দৰ্ভত এক সংবাদমেল অনুষ্ঠিত কৰি কয়, " তিনি দিনৰ ভিতৰতে গডাগৰ আৰক্ষী অধীক্ষক পি বি এছ নেমাগৌডাৰ নেতৃত্বত তদন্তকাৰী দলে গোচৰটোৰ তদন্ত চলায় 8 জন লোকক গ্ৰেপ্তাৰ কৰে ৷ বৰ্তমানেও জেৰা অব্যাহত আছে । কাউন্সিলৰ উপ-সভাপতি সুনন্দাৰ পুত্ৰ বিনায়ক বকালেই এই গোচৰৰ মূল অভিযুক্ত আৰু তেওঁৱেই হত্যাকাণ্ডৰ চুপাৰী দিছিল । ইয়াৰ উপৰিও গডাগ চহৰৰ ফৈৰোজ কাজী (29), গদাগৰ জিছান কাজী (24), মীৰাজৰ চাহিল কাজী (19), সোহেল কাজী (19), মীৰাজৰ চুলতান শ্বেখ (23), মহেশ ছালনকে (21) আৰু ৱাহিদ বেপাৰী (21) ক ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে ।"
আৰক্ষীয়ে জনোৱা অনুসৰি, ঘটনাৰ মূল অভিযুক্ত বিনায়ক বকালে প্ৰকাশ বকালেৰ প্ৰথম পত্নীৰ পুত্ৰ ।
উপ-মহাপৰিদৰ্শকগৰাকীয়ে পুনৰ কয়, "বিনায়ক বকালে অভিযুক্ত ফৈৰোজ কাজীক পিতৃ প্ৰকাশ বকালে আৰু মাহী মাক সুনন্দাক হত্যা কৰিবলৈ 65 লাখ টকাৰ চুপাৰি দিছিল । আগতীয়াকৈ দুই লাখ টকা দিছিল । শেহতীয়াকৈ পিতৃ প্ৰকাশ বকালে আৰু পুত্ৰ বিনায়কৰ মাজত ব্যৱসায়িক বিবাদ হৈছিল । ইফালে কেইমাহমান আগতে বিনায়কে পিতৃক নজনোৱাকৈয়ে কিছু সম্পত্তি বিক্ৰী কৰিছিল । বিনায়কৰ এই আচৰণত হতাশাত ভুগিছিল পিতৃ প্ৰকাশ লগতে কাজিয়াও হৈছিল । পিতৃ প্ৰকাশ, মাহী মাক সুনন্দা আৰু ভাতৃ কাৰ্তিকে বিনায়কে সম্পত্তি বিক্ৰী কৰা কাৰ্যৰ বিৰোধিতা কৰাৰ বাবে হত্যা কৰাৰ পৰিকল্পনা কৰিছিল ৷ সেই অনুসৰি বিনায়কে মীৰাজৰ পৰা অহা চাহিল কাজীকে ধৰি পাঁচজনীয়া এটা দলক চুপাৰী দিছিল । অপৰাধৰ 72 ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷ এই গোচৰৰ তদন্ত কৰা কৰ্মীসকলক ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছে ।"
যোৱা 19 এপ্ৰিলৰ পুৱাৰ ভাগত সুনন্দাৰ পুত্ৰ কাৰ্তিক বকালে (27), পৰশুৰাম (55), পত্নী লক্ষ্মী (45) আৰু কন্যা আকাংক্ষা (16)ক অস্ত্ৰৰে আঘাত কৰি হত্যা কৰা হৈছিল । মূল টাৰ্গেট প্ৰকাশ আৰু সুনন্দা বকালে নিজৰ কোঠাৰ দুৱাৰ নোখোলাকৈয়ে আৰক্ষীক খবৰ দিয়াৰ বাবেই তেওঁলোকৰ জীৱন ৰক্ষা পৰে । ঘৰৰ প্ৰথম মহলাৰ কোঠাটোত শুই থকা পৰশুৰাম, পত্নী আৰু কন্যাক হত্যা কৰে চুপাৰী কিলাৰে ।
মৃত্যু হোৱা এই তিনিজন কোপ্পালৰ আৰু তেওঁলোক বাকেলে পৰিয়ালৰ আত্মীয় । কাৰ্তিক বাকালেৰ হ’বলগীয়া জোৰোণ অনুষ্ঠানৰ বাবে পৰিয়ালটো আহিছিল কোপ্পালৰ পৰা ।
এই হত্যাকাণ্ডই স্তম্ভিত কৰি পেলাইছে সকলোকে ।
লগতে পঢ়ক: শুই থাকোঁতেই হত্যা কৰিছিল স্বামীক; ১৪ বছৰৰ পিচত গ্ৰেপ্তাৰ শিক্ষয়িত্ৰী - Husband murder