ETV Bharat / bharat

বহিঃৰাজ্যত আত্মহত্যা অসমৰ জোৱানৰ ! - CRPF Jawan Suicide

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2024, 12:10 PM IST

CRPF Jawan Suicide: ছত্তীশগড়ৰ চুকমাত চিআৰপিএফ জোৱানৰ আত্মহত্যা । চাৰ্ভিছ পিষ্টলেৰে গুলীয়াই আত্মহত্যা কৰে জোৱানজনে । আৰক্ষীৰ লগতে চিআৰপিএফয়ে তদন্ত অব্যাহত ৰাখিছে ।

CRPF Jawan Suicide
বহিঃৰাজ্যত আত্মহত্যা অসমৰ জোৱানৰ (ETV Bharat)

নেশ্যনেল ডেস্ক, ১৪ ছেপ্টেম্বৰ : ছত্তীশগড়ৰ চুকমা জিলাত চাঞ্চল্যকৰ ঘটনা । চিআৰপিএফৰ শিবিৰত উদ্ধাৰ এগৰাকী জোৱানৰ মৃতদেহ । ঘটনাটোক লৈ শিবিৰটোত বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছে । চিআৰপিএফৰ লগতে স্থানীয় আৰক্ষী বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । আৰক্ষীয়ে জনোৱা মতে নিজৰ চাৰ্ভিছ পিষ্টলেৰে গুলীয়াই আত্মহত্যা কৰে জোৱানজনে ।

  • চিআৰপিএফ জোৱানৰ আত্মহত্যা

ঘটনাটো গাদিৰাছ আৰক্ষী থানাৰ অন্তৰ্গত চিআৰপিএফৰ ২২৬ নম্বৰ বেটেলিয়নৰ শিবিৰত সংঘটিত হয় । নিহত জোৱানজনক বিপুল ভূঞা বুলি জানিব পৰা গৈছে । প্ৰাপ্ত তথ্য মতে, পুৱা প্ৰায় ৪ বজাত বিপুল ভূঞা নামৰ জোৱানজনে বাথৰুমলৈ গৈছিল আৰু তাতেই তেওঁ গুলীচালনা কৰে ।

বাথৰুমত গুলীচালনাৰ শব্দ শুনাৰ লগে লগে শিবিৰটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । পিচত সহযোগী জোৱানসকলে বাথৰুমলৈ গৈ জোৱানজনক তেজেৰ লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ কৰে । ইফালে ঘটনাস্থলীতে জোৱানজনৰ মৃত্যু হয় ।

  • চুকমা আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত

শিবিৰত সংঘটিত এই ঘটনাৰ তথ্য তাৎক্ষণিকভাৱে চিআৰপিএফৰ জ্যেষ্ঠ বিষয়াসকলক দিয়া হয় । স্থানীয় আৰক্ষীকো খবৰ দিয়া হয় । তথ্য লাভ কৰাৰ পিচতে চিআৰপিএফ আৰু স্থানীয় আৰক্ষী বাহিনী ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

ইতিমধ্যে চিআৰপিএফ আৰু আৰক্ষী বাহিনীয়ে অনুসন্ধান আৰম্ভ কৰিছে । এএছপি নিখিল ৰাখেচাই ঘটনাটোৰ কথা নিশ্চিত কৰিছে আৰু কৈছে যে ঘটনাটোক লৈ তদন্ত চলি আছে ।

  • জোৱানজনৰ আত্মহত্যাৰ কাৰণ

মৃত জোৱান বিপুল ভূঞা মূলতঃ অসমৰ বাসিন্দা আছিল । কিন্তু তেওঁ কিয় আত্মহত্যা কৰিলে তাৰ কাৰণ এই মুহূৰ্তত প্ৰকাশ কৰা হোৱা নাই । সমগ্ৰ প্ৰক্ৰিয়াৰ পিচত জোৱানজনৰ মৃতদেহ গৃহৰাজ্যলৈ প্ৰেৰণ কৰা হ'ব । জোৱানজনৰ মৃত্যুক লৈ শিবিৰটোত শোকৰ ছাঁ পৰিছে ।

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)

লগতে পঢ়ক :জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ২ সেনা জোৱান - Indian Army

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.