ETV Bharat / bharat

অবিশ্বাস্য : এজন যুৱকক এমাহতে পাঁচবাৰকৈ দংশন কৰিলে সাপে - Snake Deadly Enemy

Snake Bit Man Five Times : অবিশ্বাস্য হ’লেও এয়াই সত্য ৷ এজন যুৱক মাত্ৰ এমাহৰ ভিতৰতে পাঁচবাৰকৈ সন্মুখীন হৈছে সৰ্পদংশনৰ ৷ আত্মীয়ৰ ঘৰত আশ্ৰয় লৈও সাৰিব নোৱাৰিলে সৰ্পদংশনৰ পৰা ৷ পঢ়ক সবিশেষ খবৰ ...

author img

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 7:19 PM IST

SNAKE DEADLY ENEMY
সাপে এমাহতে কৰিলে পাঁচবাৰকৈ দংশন (ETV Bharat Assam)

নেশ্যনেল ডেস্ক, 2 জুলাই: চান্দ সদাগৰ, বেউলা-লখিন্দৰৰ কাহিনীটো হয়তো সকলোৱে জানে ৷ কিদৰে চান্দ সদাগৰৰ এজন এজনকৈ ছজন পুত্ৰৰ সৰ্পদংশনত মৃত্যু হৈছিল ৷ "কাণী বেংখাইতী" বুলি কটাক্ষ কৰা চান্দ সদাগৰৰ পৰা পূজা পাবলৈকে এনে কাৰ্য মা মনসাই কৰা বুলি ইতিহাসৰ পাতত আজিও লিপিবদ্ধ হৈ আছে ৷

ভুক্তভোগী যুৱকে ভূগিছে হতাশাত (ETV Bharat Assam)

পিছে আজি আমি আপোনালোকক যি কাহিনী অৱগত কৰিব খুজিছো, সেয়া কোনো ইতিহাসৰ কাহিনী নহয় ৷ বৰং বাস্তৱতে সংঘটিত হৈছে এই ঘটনা ৷ যি ঘটনা শুনিলে আপোনাৰো গাৰ নোম থিয় হ’ব ৷

বিগত এটা মাহত প্ৰায় পাঁচবাৰকৈ সৰ্পদংশনৰ সন্মুখীন হৈছে এজন যুৱক ৷ এই যুৱকজনৰ চিকিৎসা কৰা চিকিৎসকগৰাকীও যি কাণ্ড দেখি হৈ পৰিছে হায়ৰাণ ৷ সমান্তৰালকৈ এতিয়া এই যুৱকজনেও ভূগিছে হতাশাত ৷

লগতে পঢ়ক: বানৰ মাজতে সৰ্পদংশন : ৰাইজে দাঙি নিবলগীয়া হ’ল হাস্পতাললৈ - Assam flood 2024

তাতোকৈ আচৰিত কথা এয়ে যে, শনিবাৰ আৰু দেওবাৰৰ দিনটোতহে যুৱকজনক সাপে কৰে দংশন ৷ যাৰ বাবে যুৱকজন ভয়ত বিতত হৈ নিজ বাসগৃহ এৰি আত্মীয়ৰ ঘৰত আশ্ৰয় লৈছে ৷ কিন্তু তাৰপিচতো ৰক্ষা নপৰিল তেওঁ ৷ আত্মীয়ৰ ঘৰত আশ্ৰয় লৈ থকা অৱস্থাতে যুৱকজনক সাপে কৰে দংশন ৷

সৰ্পদংশনৰ ঘটনা সন্দৰ্ভত যুৱকজনে প্ৰকাশ কৰিছে চাঞ্চল্যকৰ ভাষ্য ৷ যুৱকজনে প্ৰকাশ কৰা অনুসৰি, এই ঘটনা সংঘটিত হোৱাৰ পূৰ্বেই যুৱকজনে লাভ কৰে আভাস ৷ আনকি পৰিয়ালৰ লোকক এই কথা ব্যক্ত কৰাৰ পাচতো সৰ্পদংশনৰ সন্মুখীন হয় যুৱকজন ৷

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ সৌৰাৰ নিবাসী 24 বছৰীয়া বিকাশ ডুবেৰ সৈতে ৷ যুৱকজনক প্ৰথমে 2 জুনৰ দিনা সৰ্পই দংশন কৰে ৷ পৰৱৰ্তী সময়ত ক্ৰমে 10 জুনৰ দিনা এই ঘটনা পুনৰ সংঘটিত হয় ৷ এই দুয়োটা ঘটনাৰ পিচতে পৰিয়ালৰ লোকে যুৱকজনক সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱাই চিকিৎসা প্ৰদানৰ অন্তত সুস্থ কৰি তোলে ৷

লগতে পঢ়ক: অবৈধ সম্পৰ্কৰ পৰিণতিঃ সৰ্পদংশন কৰোৱাই পত্নীক হত্যা স্বামীৰ

পুনৰ তৃতীয়বাৰৰ বাবে এই ঘটনা সংঘটিত হয় 17 জুনৰ নিশা ৷ তাৰ চাৰিদিন পিচতে পুনৰ যুৱকজনক সাপে দংশন কৰে ৷ ঘৰৰ ভিতৰতে সাপে দংশন কৰাত যুৱকজন মূৰ্চ্ছা যায় ৷ ততালিকে পৰিয়ালৰ লোকে চিকিৎসালয়ত ভৰ্তি কৰোৱাই সুস্থ হোৱাৰ অন্তত ঘৰলৈ ওভোতাই আনে ৷ ক্ৰমান্বয়ে অধিক সাৱধানে থাকিবলৈ লয় যুৱকজন ৷

কিন্তু সাৱধানতা অৱলম্বন কৰাৰ পিচতো সাপে পিছ নেৰিলে যুৱকজনৰ ৷ এই কাণ্ড দেখি অন্যান্য লোকসকলৰ লগতে চিকিৎসকো হৈ পৰে হতভম্ব ৷ চিকিৎসকৰ পৰামৰ্শমতে যুৱকজনে নিজৰ আত্মীয়ৰ ঘৰত থাকিবলৈ লয় ৷ কিন্তু পঞ্চমবাৰৰ বাবে আত্মীয়ৰ ঘৰতে সাপে খোঁটে যুৱকজনক ৷

যুৱকজনৰ চিকিৎসকে সদৰী কৰা অনুসৰি, যুৱকজনৰ শৰীৰত প্ৰতিবাৰেই সৰ্পদংশনৰ অন্তত প্ৰয়োগ কৰা হৈছে এণ্টিভেনম ৷ কিন্তু প্ৰতিবাৰেই যুৱকজনৰ শৰীৰত সাপে খোঁটাৰ দাগ স্পষ্টকৈ পৰিলক্ষিত হয় ৷ ঘটনা প্ৰসংগত বিকাশৰ এগৰাকী আত্মীয়ই সদৰী কৰা অনুসৰি, তৃতীয়বাৰৰ বাবে যুৱকজনক সাপে খোঁটাৰ সময়ত যুৱকজনৰ সন্মুখতে পৰিয়ালৰ বহুকেইজন সদস্য মজুত আছিল ৷ কিন্তু তাৰ মাজতে অতৰ্কিতে যুৱকজনক সাপে দংশন কৰি আঁতৰি যায় ৷ বহু বিচাৰ-খোঁচাৰৰ পিচতো কিন্তু সাপটোক নেদেখিলে বিকাশৰ পৰিয়ালৰ আনসকল সদস্যই ৷

বাৰে বাৰে সংঘটিত সৰ্পদংশনৰ কাৰ্যত স্বাভাৱিকতে হতাশাত ভূগিছে যুৱকজন ৷ তাৰোপৰি সৰ্পদংশন সংঘটিত হ’ব বুলি পূৰ্বে আভাস পোৱা যুৱকজনৰ সৈতে সংঘটিত হোৱা এনে ঘটনাই সকলোৰে মনত সৃষ্টি কৰিছে ৰহস্যৰ ৷ যাৰ কোনো উত্তৰ পাবলৈ সক্ষম হোৱা নাই যুৱকজনৰ লগতে অন্যান্যসকলে ৷

লগতে পঢ়ক: সৎসংগ অনুষ্ঠানত অংশ ল’বলৈ গৈ প্ৰাণ হেৰুৱালে কমেও 60 গৰাকী ভক্তই : মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা - stampede during satsang

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.