ETV Bharat / bharat

জ্য়েষ্ঠ ভগ্নীয়ে ডিঙি চেপি হত্যা কৰিলে কিশোৰীক ! - Aligarh murder - ALIGARH MURDER

Aligarh murder: আলীগড়ৰ কুয়াৰ্চিত সংঘটিত হয় এই ঘটনা । প্ৰথমে নিচাজাতীয় দ্ৰব্য খুৱাই দিয়া হৈছিল আৰু তাৰ পিচত ডিঙি চেপি হত্যা কৰা হয় । কিন্তু জ্যেষ্ঠ ভগ্নীয়ে কিয় হত্যা কৰিলে কিশোৰীগৰাকীক ?

Aligarh murder
জ্য়েষ্ঠ ভগ্নীয়ে ডিঙি চেপি হত্যা কৰিলে কিশোৰীক (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 4:53 PM IST

নেশ্যনেল ডেস্ক,২৬ মে': উত্তৰ প্ৰদেশৰ আলীগড় জিলাত ভয়ংকৰ ঘটনা । জ্যেষ্ঠ ভগ্নীৰ হাতত প্ৰাণ হেৰুৱালে এগৰাকী কিশোৰীয়ে । জ্যেষ্ঠ ভগ্নীয়ে কিশোৰীগৰাকীক ডিঙি চেপি হত্যা কৰাৰ অভিযোগ উঠিছে । অভিযুক্ত ভগ্নীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । অভিযোগ অনুসৰি প্ৰথমে কিশোৰীগৰাকীক অচেতন কৰা হৈছিল আৰু তাৰ পিচত ডিঙি চেপি হত্যা কৰা হৈছিল । কুয়াৰ্চিৰ নাগলা টিকোনা অঞ্চলত সংঘটিত হৈছে এই ঘটনা ।

আৰক্ষীৰ পৰা লাভ কৰা তথ্য অনুসৰি জ্যেষ্ঠ ভগ্নীয়ে কিশোৰীগৰাকীৰ অসদাচৰণত ক্ষোভিত হৈছিল । যাক লৈ দুয়োৰে মাজত প্ৰায়ে বিবাদ হৈছিল । ২ বছৰ পূৰ্বে কিশোৰীগৰাকীৰ এটা ভিডিঅ' ভাইৰেল হৈছিল । কিশোৰীগৰাকীৰ এজন যুৱকৰ সৈতে সম্পৰ্ক আছিল । যাক লৈ জ্যেষ্ঠ ভগ্নী অসন্তুষ্ট আছিল ।

অৱশ্যে প্ৰথমে এই হত্যাকাণ্ডটোত এজন যুৱক জড়িত থকাৰ সন্দেহ কৰা হৈছিল । পৰিয়ালটোৱে অভিযোগ কৰিছিল যে এজন যুৱকে কিশোৰীগৰাকীৰ ভিডিঅ'টো ২ বছৰ পূৰ্বে ভাইৰেল কৰিছিল । একে সময়তে প্ৰায় ৭-৮ মাহ পূৰ্বে তেওঁ কিশোৰীগৰাকীৰ ঘৰত গোপনে প্ৰৱেশ কৰিছিল । পৰিয়ালৰ অভিযোগ অনুসৰি যুৱকজনে কিশোৰীগৰাকীক হাৰাশাস্তি কৰিছিল । যাৰবাবে পৰিয়ালটোৱে যুৱকজনক এই হত্যাৰ সৈতে জড়িত থাকিব পাৰে বুলি অভিযোগ কৰিছিল । কিন্তু আৰক্ষীৰ এই ক্ষেত্ৰত সন্দেহ আছিল । আৰক্ষীয়ে পৰিয়ালটোক এই ক্ষেত্ৰত জেৰা চলাইছিল । অৱশেষত জ্যেষ্ঠ ভগ্নী হতাশ হৈ পৰিছিল আৰু সকলো কথা বিৱৰি কৈছিল ।

আৰক্ষীৰ মতে তেওঁলোকে তথ্য পাইছিল যে কুয়াৰ্চি থানাৰ অন্তৰ্গত অঞ্চলটোত নিজৰ ঘৰতে সন্দেহজনকভাৱে কিশোৰীগৰাকীক মৃত অৱস্থাত পোৱা গৈছে । খবৰ পোৱাৰ লগে লগে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু প্ৰমাণ সংগ্ৰহ কৰে । একাংশ লোকক সোধা-পোছাৰ বাবে আটক কৰা হৈছিল । জেৰাৰ সময়ত মৃতকৰ জ্যেষ্ঠ ভগ্নীয়ে এই অপৰাধৰ কথা স্বীকাৰ কৰিছে বুলি আৰক্ষীয়ে জনাইছে ।

জ্যেষ্ঠ ভগ্নীয়ে দিয়া ভাষ্য অনুসৰি প্ৰথমে কিশোৰীগৰাকীক নিচাজাতীয় দ্ৰব্য খুৱাই দিয়া হৈছিল আৰু তাৰ পিচত তেওঁক ডিঙি চেপি হত্যা কৰে । আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :চিকিৎসালয়ত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত জ্বলি ছাই হ’ল 7 শিশু - Fire In Delhi Baby Care Hospital

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.