ETV Bharat / bharat

ছিংগাপুৰ এয়াৰলাইনৰ ঘটনা : ভাৰতত হ’লে কেনেকৈ পাব সুৰক্ষা ? - Singapore Airline Incident - SINGAPORE AIRLINE INCIDENT

AIRLINE TRAVELLERS GUIDELINE : শেহতীয়াকৈ লণ্ডনৰ পৰা ছিংগাপুৰলৈ যোৱা ছিংগাপুৰ এয়াৰলাইনছৰ এখন বিমান হঠাতে তললৈ গতি কৰাৰ ফলত এজন লোকৰ মৃত্যু হোৱাৰ লগতে ৭০ জনতকৈ অধিক লোক আহত হোৱাৰ ঘটনাই আকৌ এবাৰ বিমান ভ্ৰমণ সুৰক্ষাক লৈ প্ৰশ্নৰ উদ্ৰেক ঘটালে ।

Singapore Airline Incident
ছিংগাপুৰ এয়াৰলাইনছ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 1:10 PM IST

নেশ্যনেল ডেস্ক, ২২ মে’: শেহতীয়াকৈ লণ্ডনৰ পৰা ছিংগাপুৰলৈ যোৱা ছিংগাপুৰ এয়াৰলাইনছৰ এখন বিমানত আকাশৰ মাজতে বায়ুৰ বিশৃংখলিত প্ৰবাহত হোৱা তীব্ৰ জোকাৰণি(টাৰ্বুলেন্স) ৰ ফলত এজন ৭৩ বছৰীয়া ব্ৰিটিছ নাগৰিকৰ মৃত্যু হোৱাৰ লগতে ৭০ জনতকৈ অধিক লোক আহত হয় । এই ঘটনাটো সংঘটিত হোৱাৰ পিচত ভিডিঅ'টো সামাজিক মাধ্য়মত শ্বেয়াৰ কৰাত আকৌ এবাৰ বিমান ভ্ৰমণ সুৰক্ষাৰ বিষয়টোৱে চৰ্চা লাভ কৰিছে ।

ছিংগাপুৰ এয়াৰলাইন ফ্লাইট ট্ৰেকিং ফ্লাইটৰাডাৰ ২৪ ৰ তথ্য় অনুসৰি, বোয়িং ৭৭৭ খন ৩৭,০০০ ফুট উচ্চতাত গতি কৰি থকাৰ সময়তেই হঠাতে প্ৰায় কেইমিনিটমানৰ ব্যৱধানত ৩১,০০০ ফুটলৈ নামি আহে । তীব্ৰ জোকাৰণিৰে তললৈ নামি অহাৰ লগে লগে যাত্ৰীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ।

উল্লেখ্য় যে, এই বিমানখনত মুঠ ২১১ জন যাত্ৰী আৰু ১৮ জন কৰ্মচাৰী আছিল । বিমানখনত তীব্ৰ কম্পনৰ বাবে সৃষ্টি হোৱা অস্থিৰ মুহুৰ্তটোৰ এটা ভিডিঅ' ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰাত কেবিনটো কঁপি থকা আৰু যাত্ৰীসকলকে আসনত জোৰেৰে ধৰি থকা ভয়াৱহ দৃশ্য়টো সকলোৱে প্ৰত্য়ক্ষ কৰিছে ।

জলবায়ু পৰিৱৰ্তনৰ ফলত পৰিৱেশৰ পৰিৱৰ্তনৰ মাজতে এই আচৰিত আৰু ভয়াৱহ ঘটনাটোৱে আকৌ এবাৰ বিমান ভ্ৰমণ সুৰক্ষাৰ বিষয়টোকলৈ প্ৰশ্নৰ অৱতৰণ কৰিছে । যেতিয়া গুৰুতৰ অস্থিৰ অৱস্থাৰ সৃষ্টি হয়, তেতিয়া যাত্ৰীসকল আঘাত হয় যদিও মৃত্যু হোৱাটো এক বিৰল ঘটনা বুলি ক'ব পাৰি ।

শেষবাৰৰ বাবে ২০২২ চনত এনে ঘটনা সংঘটিত হৈছিল যেতিয়া স্পাইচজেটৰ বিমানত টাৰ্বুলেন্সৰ ফলত অসুস্থ হোৱা আকবৰ আনছাৰী নামৰ এজন যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল । সাধাৰণতে বিমানৰ পৰিচালকসকলে নিয়মীয়াকৈ যাত্ৰীসকলক তেওঁলোকৰ চিট বেল্ট বান্ধিবলৈ সতৰ্ক কৰে ।

ভাৰতীয় বিমানত টাৰ্বুলেন্স

ৰাজ্যসভাত কেন্দ্ৰীয় বিমান ৰাজ্যমন্ত্ৰী জেনেৰেল ড৹ ভি কে সিঙে দিয়া উত্তৰ অনুসৰি, ২০১৮ চনৰ পৰা ২০২২ চনৰ ডিচেম্বৰলৈকে মুঠ ৪৬ টা বিমান দুৰ্ঘটনা সংঘটিত হৈছে । ইয়াৰে ২০১৮ চনত ৮ টা, ২০১৯ চনত ১০ টা, ২০২০ চনত ৭ টা, ২০২১ চনত ৯ টা আৰু ২০২২ চনত ১২ টা ।

বিমান দুৰ্ঘটনা অনুসন্ধান ব্যুৰো (এএআইবি)ৰ দ্বাৰা বিমানৰ সৈতে জড়িত দুৰ্ঘটনাৰ তদন্ত কৰা হয় । একেদৰে ২০২০-২০২২ বৰ্ষত প্ৰায় ২৩ খন বিমানে জৰুৰী অৱতৰণ কৰিছিল । আনহাতে, ২০২০ চনত সাতখন, ২০২১ চনত নখন আৰু ২০২২ চনত সাতখন বিমানে জৰুৰী অৱতৰণ কৰিছিল । যোৱা দুবছৰত জৰুৰী অৱতৰণৰ কেইবাটাও ঘটনা ঘটিছে যাৰ বহুতে কাৰিকৰী বিজুতি, বায়ুৰ তীব্ৰ কম্পন বা চৰাইয়ে আঘাত কৰাৰ পিছত জৰুৰী অৱতৰণ কৰিছে ।

এয়াৰ টাৰ্বুলেন্স কি?

যেতিয়া বায়ু বিশৃংখলভাৱে প্ৰবাহিত হ'বলৈ আৰম্ভ কৰে, তেতিয়া বায়ুৰ অস্থিৰতা আৰম্ভ হয় । সাধাৰণতে, বতাহে উচ্চ উচ্চতাত এক মসৃণ, পথালি হৈ প্ৰবাহত হয় আৰ ইয়াক "লেমিনাৰ প্ৰবাহ" বুলি কয় । এইটোৱে এখন বিমানক স্থিৰভাৱে চলাচল কৰিবলৈ বাধ্য কৰে । যেতিয়া নেদেখা কিবা ঘটে যি বতাহৰ এই মসৃণ প্ৰবাহত ব্যাঘাত জন্মায় আৰু বায়ু ওপৰলৈ আৰু তললৈ আৰু পথালি দিশত চলাচল কৰে, তেতিয়া অস্থিৰতা সৃষ্টি হয় । এই অস্থিৰতাৰ ফলত বিমানৰ উচ্চতাত আকস্মিক পৰিৱৰ্তন হয় আৰু কেইমিনিটমানৰ ভিতৰতে কেইবাহাজাৰ কিল’মিটাৰ তললৈ বিমান পৰিব পাৰে । এনে পৰিস্থিতিত সামগ্ৰীবোৰ মজিয়াৰ পৰা পৰি যায় ।

ইয়াক প্ৰতিৰোধ কৰিব পাৰিনে?

আনহাতে, কেইবাজনো বিমান আৰু পৰিৱেশ বিশেষজ্ঞই দাবী কৰিছে যে তাপমাত্ৰাৰ আকস্মিক পৰিৱৰ্তনৰ ফলত জলবায়ুৰ আৰ্হিত অস্বাভাৱিক পৰিৱৰ্তন ঘটিছে আৰু ইয়াৰ ফলত এনে হ'ব পাৰে । অৱশ্যে, এইটো প্ৰমাণিত হোৱা নাই যে এই জলবায়ু পৰিৱৰ্তনবোৰে এই অস্থিৰতাৰ আঁৰৰ একমাত্ৰ কাৰণ ।

লগতে পঢ়ক:বিমানতে মৃত্যু যাত্ৰীৰ; আহত কেবাজনো: প্ৰকৃততে ঘটিছিল কি? - Singapore Airlines Flight

আজিও সাঁথৰ মালয়েছিয়ান এয়াৰলাইনছৰ বিমান নিৰুদ্দেশৰ ঘটনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.