নেশ্যনেল ডেস্ক, ১ আগষ্ট : পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশত বিস্ফোৰিত হৈছে ডাৱৰ ৷ বাৰিষাৰ এই সময়তে ৰাজ্যখনৰ ওপৰৰ অঞ্চলত বিশেষকৈ শিমলাৰ ৰামপুৰত ডাৱৰ বিস্ফোৰণৰ ফলত এতিয়া শংকিত হৈ পৰিছে অঞ্চলবাসী ৷
আজি অৰ্থাৎ বৃহস্পতিবাৰে পুৱতি নিশা সমেজ খড্ডৰ জল প্ৰকল্পৰ সমীপত সংঘটিত হোৱা এই ডাৱৰ বিস্ফোৰণৰ ফলত বহু ক্ষয়-ক্ষতি হৈছে বুলি তথ্য লাভ কৰা হৈছে ৷ ডাৱৰ বিস্ফোৰণৰ তথ্য পোৱাৰ লগে লগে ৰামপুৰ মহকুমা প্ৰশাসন, এন ডি আৰ এফ, চি আই এছ এফ, হোম গাৰ্ড আৰু চিকিৎসা দল উক্ত স্থানত উপস্থিত হৈ আৰম্ভ কৰিছে উদ্ধাৰ অভিযান ।
ডাৱৰ বিস্ফোৰণৰ ফলত বহু লোক নিৰুদ্দেশ হৈছে :
এছডিএম ৰামপুৰ নিশান্ত টোমাৰে জানিবলৈ দিয়া মতে, এই পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি ডাৱৰ বিস্ফোৰণৰ ফলত বহু অঞ্চল ক্ষতিগ্ৰস্ত হৈছে ৷ আনকি ৪০ জন লোক নিৰুদ্দেশ হোৱা বুলিও জানিব পৰা গৈছে । একে সময়তে এই ধ্বংসলীলাৰ বাবে বহু ঠাইত ভাঙি গৈছে পথ ৷ ফলত বন্ধ হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷ যাৰ বাবে উদ্ধাৰকাৰী দলে দুই কিলোমিটাৰ পৰ্যন্ত কান্ধত ভাৰ বান্ধি খোজকাঢ়ি সা-সৰঞ্জাম লৈ উক্ত স্থানত উপস্থিত হৈছে । উদ্ধাৰকাৰী দলে ইতিমধ্যে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান ।

লগতে পঢ়ক : উত্তৰাখণ্ডত ধাৰাসাৰ বৰষুণ: যমুনোত্ৰী ধাম চৌহদকে ধৰি বহু অঞ্চলত বিস্তৰ ক্ষয়-ক্ষতি - Uttarakhand Weather
নিৰুদ্দেশ হোৱা লোকক বিচাৰি আৰম্ভ অভিযান :
ৰামপুৰৰ এছডিএমে জনোৱা মতে, উদ্ধাৰকাৰী দলত এই অভিযানৰ বাবে আইটিবিপি আৰু বিশেষ গৃহৰক্ষী দলকো অন্তৰ্ভুক্ত কৰা হৈছে । সকলো দলে ঐক্যবদ্ধভাৱে উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে । উদ্ধাৰ অভিযানৰ সময়ত এম্বুলেন্সকে ধৰি সকলো মৌলিক সা-সুবিধা মোতায়েন কৰা হৈছে ।

এছডিএম ৰামপুৰ নিশান্ত টোমাৰে জানিবলৈ দিয়া মতে, এই প্ৰাকৃতিক দুৰ্যোগত নিৰুদ্দেশ হোৱা লোকসকলক বিচাৰি উদ্ধাৰ অভিযান চলাই থকা হৈছে । সকলোকে বচাবলৈ সম্ভৱপৰ সকলো প্ৰচেষ্টা হাতত লোৱা হৈছে ।
শিমলাৰ উপায়ুক্ত আৰু সহকাৰী আৰক্ষী অধীক্ষক ইতিমধ্যে উক্ত স্থানলৈ ৰাওনা হৈছে :
ডাৱৰ বিস্ফোৰণৰ তথ্য পোৱাৰ লগে লগে শিমলাৰ উপায়ুক্ত অনুপম কাশ্যপ আৰু সহকাৰী আৰক্ষী অধীক্ষক সঞ্জীৱ গান্ধীও সেই স্থানলৈ ৰাওনা হৈছে । উপায়ুক্ত শিমলা অনুপম কাশ্যপে জনোৱা মতে, ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে এন ডি আৰ এফৰ দল, আৰক্ষী আৰু উদ্ধাৰকাৰী দলে সেই স্থানত উপস্থিত হয় ।
অতিৰিক্ত উপ আয়ুক্তৰ অধ্যক্ষতাত এখন সমিতি গঠন কৰা হৈছে, য’ত আৰক্ষী, গৃহৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, চুন্নী বান্ধ পৰিচালনাকে ধৰি অন্যান্য বিভাগসমূহ অন্তৰ্ভুক্ত কৰা হৈছে ৷
মন্ত্ৰী জেপি নাড্ডাৰ টুইট :
হিমাচল প্ৰদেশত সংঘটিত হোৱা প্ৰকৃতিক দুৰ্যোগকলৈ X ৰ মাধ্যমেৰে টুইট কৰিছে মন্ত্ৰী জেপি নাড্ডাই ৷ তেওঁ লিখিছে, ‘‘আজি হিমাচল প্ৰদেশৰ বিভিন্ন অঞ্চলত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বিপুল ক্ষতিৰ ফলত সাধাৰণ ৰাইজৰ স্বাভাৱিক জীৱন-যাপন ব্যাঘাত জন্মাৰ বাতৰি লাভ কৰি মই দুখিতঃ... ৷’’
आज हिमाचल प्रदेश के विभिन्न क्षेत्रों में बादल फटने के कारण हुए भारी नुकसान से आम जनजीवन प्रभावित होने का दुःखद समाचार मिला।
— Jagat Prakash Nadda (@JPNadda) August 1, 2024
लगातार हो रहे प्राकृतिक आपदाओं के संदर्भ में राज्य के मुख्यमंत्री श्री सुखविंदर सिंह सुक्खू से फोन पर विस्तृत बात कर जानकारी प्राप्त की और आदरणीय…
লগতে পঢ়ক : আঢ়ৈশৰ কাষ চাপিল কেৰালাৰ ভূমিস্খলনত নিহতৰ সংখ্যা, সেনাই তীব্ৰতৰ কৰিছে উদ্ধাৰ অভিযান - Wayanad landslides