ETV Bharat / bharat

বান নিয়ন্ত্ৰণৰ বাবে উত্তৰ-পূবত সৃষ্টি কৰিব লাগে বৃহৎ পুখুৰী: পৰ্যালোচনা বৈঠকত অমিত শ্বাহৰ পৰামৰ্শ - HM Amit Shah

author img

By PTI

Published : Jun 23, 2024, 8:06 PM IST

Updated : Jun 23, 2024, 9:25 PM IST

Flood management : উত্তৰ-পূবত কমেও 50 টা বৃহৎ পুখুৰী সৃষ্টি কৰি ব্ৰহ্মপুত্ৰৰ পানীক অন্য দিশলৈ ঠেলি দি বান মোকাবিলা কৰাৰ লগতে কৃষি, জলসিঞ্চন আৰু পৰ্যটনৰ উন্নয়নত সহায় কৰিব লাগে ৷ বান ব্যৱস্থাপনাৰ বাবে প্ৰস্তুতি সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকত এই উপায় ৷

ISRO DATA FOR FLOOD CONTROL
বান ব্যৱস্থাপনাৰ বাবে প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা বৈঠক (ETV BHARAT)

নেশ্যনেল ডেস্ক, 23 জুন : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে কয় যে উত্তৰ-পূবত কমেও 50 টা বৃহৎ পুখুৰী সৃষ্টি কৰি ব্ৰহ্মপুত্ৰৰ পানীক অন্য দিশলৈ ঠেলি দি বান মোকাবিলা কৰাৰ লগতে কৃষি, জলসিঞ্চন আৰু পৰ্যটনৰ উন্নয়নত সহায় কৰিব লাগে ৷ বাৰিষাকালত বান ব্যৱস্থাপনাৰ বাবে প্ৰস্তুতি সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰি শ্বাহে বান আৰু পানী ব্যৱস্থাপনাৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ দ্বাৰা প্ৰদান কৰা উপগ্ৰহ ছবিৰ সৰ্বোত্তম ব্যৱহাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ৷ তেওঁ গ্লেচিয়েল লেক এস্প্ৰেছ ফ্লাড (জি এল অ এফ)ৰ সৈতে মোকাবিলা কৰাৰ প্ৰস্তুতিৰ বুজ লয় ৷

শ্বাহে কয় যে উন্নত বান ব্যৱস্থাপনাৰ বাবে নদীৰ জলপৃষ্ঠৰ পূৰ্বাভাস ব্যৱস্থা উন্নীত কৰাৰ প্ৰচেষ্টা চলাব লাগে ৷ তেওঁ কয় যে উত্তৰ-পূবত কমেও 50 টা বৃহৎ পুখুৰী সৃষ্টি কৰিব লাগে যাতে ব্ৰহ্মপুত্ৰৰ পানী ডাইভাৰ্ট কৰি এই পুখুৰীসমূহত মজুত কৰিব পৰা যায় বুলি এক চৰকাৰী বিবৃতিত প্ৰকাশ পাইছে ৷ ইয়াৰ দ্বাৰা সেই অঞ্চলসমূহত কম খৰচত কৃষি, জলসিঞ্চন আৰু পৰ্যটনৰ বিকাশত সহায়ক হ’ব আৰু লগতে বানৰ সৈতে মোকাবিলা কৰাত সহায়ক হ’ব, যাৰ ফলত অৱশেষত স্থানীয় অৰ্থনীতিৰ লাভ হ’ব বুলিও তেওঁ লগতে কয় ৷

ব্ৰহ্মপুত্ৰৰ পুনৰাবৃত্তিমূলক বান অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক ডাঙৰ সমস্যা ৷ কাৰণ ই প্ৰতি বছৰে কেইবা হাজাৰ লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে হাজাৰ হাজাৰ হেক্টৰ মাটি প্লাৱিত কৰে ৷ বাৰিষাৰ সময়ত চৰকাৰৰ বাবে আন এক ডাঙৰ চিন্তাৰ কাৰণ হৈ পৰা হিমবাহ বিস্ফোৰণৰ বাবে সৃষ্টি হোৱা ক্ষন্তেকীয়া বানপানীৰ পিচত যোৱা কেইবছৰমানৰ পৰা ছিকিম আৰু উত্তৰাখণ্ডত বহু লোকৰ মৃত্যু হৈছে, শ শ লোক গৃহহীন হৈ পৰিছে আৰু যোগাযোগ আৰু পথৰ যোগাযোগ ছিন্নভিন্ন হৈ পৰিছে ৷

গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে বানৰ ক্ষেত্ৰত ইয়াৰ জলমগ্নতাৰ সৈতে মোকাবিলা কৰিবলৈ পথ নিৰ্মাণৰ ডিজাইনৰ এক অবিচ্ছেদ্য অংগ হ’ব লাগে প্ৰাকৃতিক নিষ্কাশন ব্যৱস্থা ৷ শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ দুৰ্যোগ ব্যৱস্থাপনা ‘জিৰ’ কেজুৱেল্টি এপ্ৰ’চ’ৰে আগবাঢ়িছে ৷

শেহতীয়াকৈ ছিকিম আৰু মণিপুৰৰ বানৰ সবিশেষ অধ্যয়ন কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত প্ৰতিবেদন দাখিল কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে ৷ গৃহমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় জল আয়োগৰ বান নিৰীক্ষণ কেন্দ্ৰসমূহ প্ৰয়োজনীয়তা আৰু আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি হ’ব লাগে ৷

লগতে পঢ়ক : অগ্ৰগতিৰ দিশে ভাৰত : আগ্ৰাত নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো আলু গৱেষণা কেন্দ্ৰ - Potato research center

শ্বাহে বিভিন্ন বিভাগে প্ৰস্তুত কৰা বতৰ, বৰষুণ আৰু বান সতৰ্কবাণী সম্পৰ্কীয় এপসমূহ একত্ৰিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ দেশত বানৰ আশংকা দূৰ কৰাৰ বাবে এক ব্যাপক আৰু সুদূৰপ্ৰসাৰী নীতি প্ৰণয়নৰ বাবে দীৰ্ঘম্যাদী ব্যৱস্থাসমূহো পৰ্যালোচনা কৰে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে ৷ বৈঠকৰ সময়ত গৃহমন্ত্ৰীগৰাকীয়ে বিগত বৰ্ষৰ বৈঠকত লোৱা সিদ্ধান্ত সন্দৰ্ভত গ্ৰহণ কৰা ব্যৱস্থাৰ পৰ্যালোচনা কৰে ৷ ইয়াৰ লগতে সকলো সংস্থাই গ্ৰহণ কৰা নতুন প্ৰযুক্তি আৰু বান ব্যৱস্থাপনাৰ বাবে তেওঁলোকৰ নেটৱৰ্ক সম্প্ৰসাৰণৰ বিষয়েও আলোচনা কৰা হয় ৷

বান ব্যৱস্থাপনাৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জাৰি কৰা পৰামৰ্শসমূহ সময়মতে কাৰ্যকৰী কৰিবলৈ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ শ্বাহে আহ্বান জনায় ৷ তেওঁ বতৰ বিজ্ঞান বিভাগ আৰু চি ডব্লিউ চিক বান পূৰ্বাভাসত ব্যৱহাৰ কৰা সকলো সঁজুলি পুনৰ মানাংকন কৰাৰ প্ৰক্ৰিয়া সোনকালে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ লগতে সকলো ডাঙৰ মথাউৰিৰ ফ্লাডগেট যাতে ভাল অৱস্থাত থাকে তাৰ বাবেও নিৰ্দেশ দিয়ে ৷

লগতে পঢ়ক : বাংলাদেশত তিস্তা নদী ব্যৱস্থাপনা প্ৰকল্প অধ্যয়ন কৰিবলৈ ভাৰতে কিয় কাৰিকৰী দল প্ৰেৰণ কৰিব ? - Teesta River

গৃহমন্ত্ৰীগৰাকীয়ে কয় যে অ-বাৰ্ষিক নদীসমূহত মাটিৰ খহনীয়া অধিক হোৱাৰ প্ৰৱণতা থাকে, যাৰ ফলত বানৰ সৃষ্টি হয় ৷ তেওঁ এন ডি এম এ আৰু কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ক বনজুইৰ ঘটনা ৰোধৰ বাবে উপযুক্ত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ ইয়াৰ বাবে গৃহমন্ত্ৰীয়ে নিয়মিতভাৱে শুকান পাত আঁতৰাই স্থানীয় বাসিন্দা আৰু বনকৰ্মীৰ সৈতে ম’ক ড্ৰিল চলোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷

ইয়াৰ সমান্তৰালকৈ তেওঁ একে ঠাইতে বাৰে বাৰে বনজুই সংঘটিত হোৱা ঘটনাবোৰ বিশ্লেষণ কৰিবলৈও কয় ৷ শ্বাহে এন ডি এম এক বনজুইৰ কাণ্ডৰ সৈতে মোকাবিলা কৰিবলৈ বিশদ হাতপুথি প্ৰস্তুত কৰিবলৈ কয় ৷ বজ্ৰপাত সন্দৰ্ভত আই এম ডিৰ সতৰ্কবাণীসমূহ এছ এম এছ, টিভি, এফ এম ৰেডিঅ’ আৰু অন্যান্য মাধ্যমৰ জৰিয়তে সময়মতে জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে ৷

তেওঁ বিভিন্ন বিভাগে প্ৰস্তুত কৰা বতৰ, বৰষুণ আৰু বান সতৰ্কবাণী সম্পৰ্কীয় এপসমূহ একত্ৰিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যাতে ইয়াৰ সুবিধা লক্ষ্য জনসাধাৰণৰ মাজলৈ যাব পাৰে ৷ শ্বাহে নিৰ্দেশ দিয়ে যে যিহেতু যিকোনো দুৰ্যোগৰ সময়ত সম্প্ৰদায়টোৱেই প্ৰথম সঁহাৰিদাতা, গতিকে বিভিন্ন সংস্থাই চলাই থকা সম্প্ৰদায় সজাগতা কাৰ্যসূচীত সমন্বয় আৰু সংহতি হ’ব লাগে যাতে ইয়াৰ সৰ্বাধিক প্ৰভাৱ পৰিব পাৰে ৷

বৈঠকৰ সময়ত আই এম ডি, চি ডব্লিউ চি, এন ডি এম এ আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে বিতং উপস্থাপন কৰে ৷ বিগত বৰ্ষৰ পৰ্যালোচনা বৈঠকত গৃহমন্ত্ৰীয়ে দিয়া নিৰ্দেশৰ ভিত্তিত গ্ৰহণ কৰা ব্যৱস্থাৰ তথ্যও সংশ্লিষ্ট বিভাগসমূহে প্ৰদান কৰে ৷ চলিত বাৰিষাৰ বাবে প্ৰস্তুতি আৰু ভৱিষ্যতৰ কাৰ্য্য পৰিকল্পনাৰ বিষয়েও অৱগত কৰে ৷

প্ৰতিবছৰে বাৰিষাৰ বৰষুণৰ ফলত বিভিন্ন নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে বিহাৰ, অসম আৰু অন্যান্য পূবৰ ৰাজ্যৰ বৃহৎ অঞ্চল প্লাৱিত হৈ থাকে ৷ উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, ছিকিম আদি কেইখনমান ৰাজ্যতো বাৰিষাৰ সময়ত ভূমিস্খলন আৰু বৰষুণ সম্পৰ্কীয় অন্যান্য সমস্যাৰ সন্মুখীন হয় ৷ তামিলনাডু, কেৰালা, আৰু জম্মু-কাশ্মীৰতো যোৱা কিছু বছৰত বানৰ সৃষ্টি হৈছে। এই বৈঠকত কেন্দ্ৰীয় জল শক্তিৰ মন্ত্ৰী চি আৰ পাটিল, গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায় আৰু শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : অৰুণাচলত ডাৱৰ বিস্ফোৰণ: ৰাজধানী ইটানগৰত ব্যাপক ভূমিস্খলন; বানৰ ফলত স্তব্ধ জনজীৱন - Cloudburst in Arunachal pradesh

Last Updated : Jun 23, 2024, 9:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.