ETV Bharat / bharat

ওড়িশাত ঘূৰ্ণীবতাহ ডানাৰ প্ৰভাৱ; ঠায়ে ঠায়ে ধুমুহা, বৰষুণ - CYCLONE DANA

Cyclonic storm Dana: ঘূৰ্ণীবতাহ ডানাৰ লেণ্ডফল প্ৰক্ৰিয়া আৰম্ভ । ওড়িশাৰ উপকূল অঞ্চলত নিশা ধাৰাসাৰ বৰষুণ আৰু ঠায়ে ঠায়ে ধুমুহাৰ খবৰ পোৱা গৈছে ।

Cyclonic storm Dana
ওড়িশাত ঘূৰ্ণীবতাহ ডানাৰ প্ৰভাৱ ;ঠায়ে ঠায়ে ধুমুহা, বৰষুণ (PTI)
author img

By PTI

Published : Oct 25, 2024, 8:29 AM IST

ভুৱনেশ্বৰ : ঘূৰ্ণীবতাহ ডানাৰ ফলত ইতিমধ্যে ওড়িশা আৰু পশ্চিমবংগত ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে । বৃহস্পতিবাৰে নিশা ওড়িশাৰ উপকূলত ঘূৰ্ণীবতাহ ডানাৰ প্ৰভাৱ দেখা গৈছে । ভদ্ৰক, কেন্দ্ৰপাৰা, বালাচোৰ আৰু জগতসিংপুৰ জিলাৰ দৰে উপকূলীয় জিলাসমূহত হঠাতে বতাহৰ গতি বেগ বৃদ্ধি পাইছে ।

জিলাসমূহত ধাৰাসাৰ বৰষুণ হোৱাও দেখা গৈছে । এগৰাকী বিষয়াই জনোৱা মতে ধুমুহাৰ ফলত ঠায়ে ঠায়ে গছ উভালি পৰাৰ খবৰো পোৱা গৈছে । অৱশ্যে, এতিয়ালৈকে কোনো বৃহৎ ক্ষতি বা হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই ।

উপকূল অঞ্চলত ঘূৰ্ণীবতাহ ডানাই মাৰিলে খুন্দা

আইএমডিৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা অনুসৰি, কেন্দ্ৰপাৰা জিলাৰ ভিটাৰকানিকা আৰু ভদ্ৰকৰ ধামৰাৰ মাজত ঘূৰ্ণীবতাহৰ লেণ্ডফল প্ৰক্ৰিয়া আৰম্ভ হৈছে । এই প্ৰক্ৰিয়া আগবাঢ়ি যোৱাৰ লগে লগে বতাহৰ গতি বেগ প্ৰতি ঘণ্টাত ১২০ কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে । তেওঁ কোৱা মতে লেণ্ডফল প্ৰক্ৰিয়া প্ৰায় ৪-৫ ঘণ্টা থাকিব ।

ইফালে, আইএমডিৰ ডিজি মৃতুঞ্জয় মহাপাত্ৰই কয় যে যি অঞ্চলত লেণ্ডফল আৰম্ভ হৈছে সেই অঞ্চলত শুকুৰবাৰে পুৱালৈকে বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত প্ৰায় ১২০ কিলোমিটাৰ হ'ব । অৱশ্যে পুৱাৰ পিছত বতাহৰ গতিবেগ কিছু হ্ৰাস হোৱাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান বিভাগে । বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে বেছিভাগ অঞ্চলত পাতলৰ পৰা মধ্যমীয়া বৰষুণ আৰু কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণ হোৱা দেখা গৈছে । ইফালে সকলো পৰিস্থিতি বতৰ বিজ্ঞান বিভাগে নিৰীক্ষণ কৰি আছে ।

ইফালে বৃহস্পতিবাৰে দিনৰ ভাগতে মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘূৰ্ণীবতাহৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ওড়িশা চৰকাৰৰ প্ৰস্তুতিৰ বুজ লৈছে । মুখ্যমন্ত্ৰীয়ে জনোৱা মতে ৰাজ্যখনৰ উপকূলীয় জিলাসমূহৰ নামনি অঞ্চলত প্ৰভাৱিত অঞ্চলৰ পৰা প্ৰায় ৫.৮৪ লাখ লোকক স্থানান্তৰিত কৰা হৈছে ।

লগতে পঢ়ক :ডানাৰ প্ৰভাৱ; দুদিনলৈ ভক্তৰ বাবে বন্ধ থাকিব জগন্নাথ মন্দিৰো

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.