নেশ্যনেল ডেস্ক, ১৯ মাৰ্চ : মাওবাদীৰ বিৰুদ্ধে মহাৰাষ্ট্ৰ আৰক্ষীৰ এক সফল অভিযান । লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কূটাঘাতৰ পৰিকল্পনা কৰি থকা মাওবাদীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত ৪ দুৰ্ধৰ্ষ মাওবাদী নিহত হয় । গড়চিৰোলী আৰক্ষীয়ে তেলেংগানা সীমান্তৰ পৰা মহাৰাষ্ট্ৰত প্ৰৱেশ কৰা মাওবাদীকেইটাৰ পৰিকল্পনা বিফল কৰাত সক্ষম হয় ।
জানিব পৰা মতে, আৰক্ষীৰ হাতত নিহত মাওবাদী কেইটা তেলেংগানা ৰাজ্যিক সমিতিৰ আছিল । তাৰ ভিতৰত দুটা মাওবাদীৰ বিৰুদ্ধে চৰকাৰে ৩৬ লাখ টকাৰ পুৰষ্কাৰো ঘোষণা কৰি থৈছিল । আৰক্ষীয়ে সোমবাৰে বিয়লি নিৰ্দিষ্ট ইনপুট লাভ কৰিছিল যে নিৰ্বাচনৰ প্ৰাকক্ষণত কূটাঘাত সংঘটিত কৰাৰ বাবে তেলেংগানাৰ পৰা কিছু মাওবাদী সদস্য প্ৰণহিতা নদী পাৰ হৈ মহাৰাষ্ট্ৰত প্ৰৱেশ কৰিছে ।
লগে লগে অতিৰিক্ত আৰক্ষী অধীক্ষক য়াতিশ দেশমুখৰ নেতৃত্বত আহেৰী উপ আৰক্ষী মুখ্য কাৰ্যালয়ৰ পৰা চি৬০ আৰু চিআৰপিএফ কিউএটিৰ এটা যুটীয়া দল অঞ্চলটোত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে । মঙলবাৰে পুৱা কোলামাৰ্কা অঞ্চলয়ত অনুসন্ধান কৰি থকা সময়তে দলটোৰ ওপৰত মাওবাদীয়ে নিৰ্বিচাৰ গুলীচালনা কৰে । অৱশ্যে আৰক্ষী তথা অনুসন্ধানকাৰী দলে ইয়াৰ সঠিক প্ৰত্যুত্তৰ দিবলৈ সক্ষম হয় ।
গুলীবৰ্ষণ বন্ধ হোৱাৰ পিচত অঞ্চলটো তন্নতন্ন কৈ পৰীক্ষা কৰা হয় । য'ত ৪ টা মাওবাদীৰ মৃতদেহ উদ্ধাৰ হয় । অঞ্চলটোৰ পৰা অনুসন্ধানকাৰী দলে ১ টা একে-৪৭, ১ টা কাৰ্বাইন আৰু ২ টা দেশীয় পিষ্টল, মাওবাদী সম্পৰ্কীয় নথিপত্ৰও উদ্ধাৰ কৰা হয় ৷
নিহত মাওবাদীকেইটা ক্ৰমে ডিভিচিএম ভাৰ্গেশ, ডিভিচিএম মাগাটু, কুৰচাং ৰাজু আৰু কুদিমেট্টা ভেঙ্কটেশ বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক :গুজৰাট বিশ্ববিদ্যালয়ত বিদেশী শিক্ষাৰ্থীক আক্ৰমণৰে জড়িত দুই অভিযুক্তক আটক