ETV Bharat / bharat

ৰাসায়নিক কাৰখানাত বিস্ফোৰণ : বৰ্তমানলৈ মৃত্যু 9 জনৰ; মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা - dombivli chemical factory blast

author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 11:38 AM IST

Dombivli chemical factory blast : ৰাসায়নিক কাৰখানাত হোৱা বিস্ফোৰণৰ ফলত বৰ্তমান পৰ্যন্ত মৃত্যু 9 জনৰ আৰু আহত 64 জন ৷ মহাৰাষ্ট্ৰৰ থানে জিলাৰ ডম্বিভলীত সংঘটিত হৈছে এই ঘটনাটো ৷ ক্ষতিপূৰণ প্ৰদানৰ নিৰ্দেশ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ ৷

Dombivli chemical plant in Maharashtra
ৰাসায়নিক কাৰখানাত বিস্ফোৰণ (Etv bharat MHARASTRA)

নেশ্যনেল ডেস্ক, 24 মে’ : মহাৰাষ্ট্ৰৰ থানে জিলাৰ ডম্বিভলীত বৃহস্পতিবাৰে এটা ৰাসায়নিক কাৰখানাত বিস্ফোৰণৰ ঘটনা সংঘটিত হয় ৷ ৰাসায়নিক কোম্পানীত হোৱা এই বিস্ফোৰণত 9 জন নিহত আৰু 64 জন আহত হয় । বিস্ফোৰণস্থলীৰ পৰা অগ্নিনিৰ্বাপক বাহিনীয়ে 9 জন লোকৰ জ্বলি যোৱা মৃতদেহ উলিয়াই আনিছে বুলি জানিব পৰা গৈছে ।

ইয়াৰ লগতে, মুখ্যমন্ত্ৰী একনাথ সিন্দেই এই দুৰ্ঘটনাত নিহতসকলক এসপ্তাহৰ ভিতৰত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে । ডম্বিভলী এমআইডিচি অঞ্চলৰ বিপজ্জনক ৰাসায়নিক কোম্পানীসমূহ চহৰৰ বাহিৰলৈ স্থানান্তৰিত কৰাৰ সন্দৰ্ভত চৰকাৰী পৰ্যায়ত নিশ্চিতভাৱে সিদ্ধান্ত লোৱা হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় ।

জানিব পৰা মতে, আহতসকল এইমছ আৰু নেপচুন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ নাম এতিয়াও জানিব পৰা হোৱা নাই । এম্বাৰ কেমিকেল কোম্পানীৰ চাৰিটা বয়লাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডটো সংঘটিত হয় । অগ্নিকাণ্ডৰ ফলত ৰাসায়নিক পদাৰ্থ ৰখা পাত্ৰ ফাটি সমীপৰ ঘৰবোৰৰ খিৰিকীৰ কাঁচ ভাঙি যায় ৷

দুই কিলোমিটাৰ ব্যাসাৰ্ধ পৰ্যন্ত বিস্ফোৰণৰ শব্দ শুনা গৈছিল আৰু 500 মিটাৰ ব্যাসাৰ্ধত থকা অট্টালিকাটোৰ কাষৰীয়া ঘৰবোৰৰ খিৰিকীবোৰত ইয়াৰ প্ৰভাৱ পৰিছিল । কাৰখানাটোৰ পৰা ধোঁৱাই কুন্দলী পতাই যোৱা দেখা গৈছিল বুলি স্থানীয় লোক এজনে জনায় ।

উদ্ধাৰ কাৰ্যৰ বাবে এন ডি আৰ এফ, টি ডি আৰ এফ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল মোতায়েন কৰা হয় । বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷ উদ্ধাৰ অভিযান শেষ হোৱাৰ পিছত এই বিস্ফোৰণৰ তদন্ত কৰিব বুলি বিষয়াসকলে জনায় ।

লগতে পঢ়ক: শাৰদ পাৱাৰৰ মধ্যাহ্ন ভোজনৰ নিমন্ত্ৰণ নাকচ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.