ETV Bharat / bharat

ঝাৰখণ্ডত ৰে'ল দুৰ্ঘটনা : দুগৰাকী যাত্ৰী নিহত - Jharkhand train accident

author img

By ETV Bharat Assamese Team

Published : Jul 30, 2024, 7:59 AM IST

Jharkhand train accident : ঝাৰখণ্ডৰ চক্ৰধৰপুৰত হাওৰা-মুম্বাই মেইল ৰে'ল দুৰ্ঘটনাত পতিত হয় । গোটেই ৰে'লখন লাইনচ্যুত । দুৰ্ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই ।

Jharkhand train accident
ঝাৰখণ্ডত ৰে'ল দুৰ্ঘটনা;বহু লোক আহত হোৱাৰ সম্ভাৱনা (ETV Bharat)

নেশ্যনেল ডেস্ক, ৩০ জুলাই : দেশত পুনৰ ৰে'ল দুৰ্ঘটনা । এইবাৰ স্থান ঝাৰখণ্ড । হাওৰা-মুম্বাই মেইল ৰে'লখন দুৰ্ঘটনাত পতিত হয় । চক্ৰধৰপুৰৰ বাৰাবাম্বো আৰু ৰাজখৰচাৱান ৰে'ল ষ্টেচনৰ মাজত এই দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাটোত দুগৰাকী যাত্ৰী নিহত হোৱাৰ বিপৰীতে বহু লোক আহত হোৱাৰ খবৰ পোৱা গৈছে । ইতিমধ্যে ৰে'ল বিভাগ আৰু প্ৰশাসনে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ।

চক্ৰধৰপুৰত ৰে'ল দুৰ্ঘটনা :

মঙলবাৰে পুৱা প্ৰায় ৪.৩০ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয় । হাওৰাৰ পৰা মুম্বাইৰ দিশে গৈ থকা ১২৮১০ নম্বৰৰ ৰে'লখন চক্ৰধৰপুৰ ডিভিজনৰ বাৰাবাম্বো-ৰাজখৰচাৱান ৰে'ল ষ্টেচনৰ মাজত পোটো বেদা গাঁৱৰ ওচৰত লাইনচ্যুত হয় । ৰে'লখনৰ ৪ টা সাধাৰণ ডবাৰ বাহিৰেও মুঠ ১৮ টা ডবা লাইনচ্যুত হয় ।

এই দুৰ্ঘটনাটোত বহু লোক আহত হোৱাৰ খবৰ পোৱা গৈছে যদিও এতিয়ালৈ কোনো নিৰ্দিষ্ট তথ্য পোহৰলৈ অহা নাই । একে সময়তে ৰে'ল বিভাগ আৰু প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈছে আৰু উদ্ধাৰৰ কাম আৰম্ভ কৰিছে ।

দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পিচতে চেৰাইকেলা-খৰচাৱানৰ উপায়ুক্ত ৰবি শংকৰ শুক্লাও উপস্থিত হয় । ৰে'ল বিভাগৰ জ্যেষ্ঠ বিষয়াসকলেও উদ্ধাৰ অভিযানৰ তদাৰক কৰিছে ।

জানিব পৰা মতে, আহত লোকসকলক চক্ৰধৰপুৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । আহতৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে । কিয়নো দুৰ্ঘটনাটোৰ সময়ত বেছিভাগ যাত্ৰীয়ে শুই আছিল । দুৰ্ঘটনাটোৰ পিচত একাংশ যাত্ৰী ডবাবোৰৰ পৰা ওলাই অহা দেখা গৈছে ।

আনহাতে একাংশ লোক তাত আৱদ্ধ হৈ আছে । যিসকলক উদ্ধাৰৰ কাম চলি আছে । এই ৰে'ল দুৰ্ঘটনাটোৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই । দুৰ্ঘটনাটোৰ ফলত উক্ত ৰে'লপথত বহু ৰে'ল আৱদ্ধ হৈ পৰিছে । ইতিমধ্যে ৰে’ল বিভাগৰ ফালৰ পৰা হেল্পলাইন মুকলি কৰা হৈছে ৷

ইফালে টাটানগৰৰ পৰা দুৰ্ঘটনাস্থলীলৈ তিনিখন সাহায্য ৰে'ল প্ৰেৰণ কৰা হৈছে । মুখ্য লাইনৰ বহুতো ৰে'ল বাতিল কৰা হৈছে । বহু ৰে'লৰ পথ সলনি কৰা হৈছে । হাওৰা-মুম্বাই মেইল ৰে'লখনৰ দুৰ্ঘটনাৰ পিচত ভাৰতীয় ৰে'লৱেয়ে হেল্পলাইন নম্বৰ জাৰী কৰিছে :

  • টাটানগৰ : ০৬৫৭২২৯০৩২৪
  • চক্ৰধৰপুৰ : ০৬৫৮৭২৩৮০৭২
  • ৰাউৰকেলা : ০৬৬১২৫০১০৭২, ০৬৬১২৫০০২৪৪
  • হাওৰা : ৯৪৩৩৩৫৭৯২০, ০৩৩২৬৩৮২২১৭
  • ৰাঁচী : ০৬৫১২৭৮৭১১৫
  • হাওৰা হেল্প ডেস্ক : ০৩৩২৬৩৮২২১৭, ৯৪৩৩৩৫৭৯২০
  • শালিমাৰ হেল্প ডেস্ক : ৬২৯৫৫৩১৪৭১, ৭৫৯৫০৭৪৪২৭
  • খড়গপুৰ হেল্প ডেস্ক : ০৩২২২২৯৩৭৬৪
  • চিএচএমটি হেল্পলাইন অটো নম্বৰ: ৫৫৯৯৩
  • পি এণ্ড টি- ০২২২২৬৯৪০৪০
  • মুম্বাই : ০২২২২৬৯৪০৪০
  • নাগপুৰ: ৭৭৫৭৯১২৭৯০
লগতে পঢ়ক :দিল্লীৰ কোচিং চেণ্টাৰৰ ঘটনাৰ তদন্তৰ বাবে কমিটী গঠন কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ - Ministry of Home Affairs

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.