ETV Bharat / bharat

ৰাজস্থানত শিৱৰাত্ৰিৰ শোভাযাত্ৰাত বিদ্যুৎস্পৃষ্ট ১৮ শিশু; এটিৰ অৱস্থা সংকটজনক

author img

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 6:28 PM IST

Children injured of Electrocution : কোটাত মহা শিৱৰাত্ৰিৰ দিনাই সংঘটিত হয় এক ডাঙৰ দুৰ্ঘটনা । কুনহাদী অঞ্চলত শিৱৰাত্ৰিৰ শোভাযাত্ৰা উলিওৱাৰ সময়ত 18 টা শিশু বিদ্যুৎস্পৃষ্ট হয় । তাৰে ভিতৰত এটি শিশুৰ অৱস্থা সংকটজনক ।

ৰাজস্থানত শিৱৰাত্ৰিৰ শোভাযাত্ৰাত বিদ্যুৎস্পৃষ্ট ১৮ শিশু

নিউজ ডেস্ক, ৮ মাৰ্চ : শনিবাৰে ৰাজস্থানৰ কোটা জিলাত শিৱৰাত্ৰিৰ শোভাযাত্ৰা উলিওৱাৰ সময়ত এক ভয়ানক দুৰ্ঘটনা সংঘটিত হয় । এই দুৰ্ঘটনাত কমেও ১৮ টি শিশু আহত হয় । আহত আটাইকেইটা শিশুক চিকিৎসাৰ বাবে এমবিএছ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ইয়াৰে মাজৰ এটি শিশুৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

আনহাতে, দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু ৰাজ্যৰ শক্তি মন্ত্ৰী হীৰালাল নগৰে আঘাতপ্ৰাপ্ত শিশুসকলক সাক্ষাৎ কৰে আৰু তেওঁলোকৰ সঠিক চিকিৎসা নিশ্চিত কৰিবলৈ চিকিৎসালয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে । এই ঘটনাটোৰ পিছত সমগ্ৰ অঞ্চলটোতে উত্তেজনাৰ সৃষ্টি হয় । আইজি ৰবি দত্ত গৌৰ, জিলা উপায়ুক্ত ডঃ ৰবীন্দ্ৰ গোস্বামী আৰু এছপি ডঃ অমৃত দুহানকে ধৰি প্ৰশাসনিক বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় । দুৰ্ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে ।

কুনহাদী আৰক্ষী থানাৰ সহকাৰী উপ-পৰিদৰ্শক ৰায়ছ আহমদৰ মতে, তাপবিদ্যুৎ প্ৰকল্পৰ ওচৰত অৱস্থিত কালীবস্তিত এই দুৰ্ঘটনাটো সংঘটিত হয় । ঘটনাৰ বিৱৰণী মতে, অঞ্চলটোৰ লোকসকলে শিৱৰাত্ৰি উপলক্ষে এক শোভাযাত্ৰা উলিয়ায় । এই শোভাযাত্ৰাত বহুসংখ্যক শিশুও আছিল । শিশুসকলৰ হাতত পতাকা আছিল । শোভাযাত্ৰাটো আগবাঢ়ি যোৱাৰ সময়ত তেওঁলোকৰ পতাকাই উচ্চ শক্তিসম্পন্ন বিদ্যুতৰ তাঁৰ স্পৰ্শ কৰে । লগে লগে তাৰ পৰা শ্বৰ্ট চাৰ্কিট হৈ শিশুসকললৈ বিয়পি পৰে আৰু তাৰে মাজৰ কেইটামান শিশু বিদ্যুৎস্পৃষ্ট হয় ।

কুনহাদী আৰক্ষী থানাৰ বিষয়া অৰবিন্দ ভৰদ্বাজে জনোৱা মতে, ৰামদেৱ মন্দিৰৰ পৰা হনুমান মন্দিৰলৈ কলহ যাত্ৰা উলিওৱা হৈছিল । এই যাত্ৰাত মহিলা আৰু শিশুসকলেও অংশগ্ৰহণ কৰে । সেই সময়তে ঘটনাটো সংঘটিত হয় । আঘাতপ্ৰাপ্ত শিশুকেইটাক সামন, সূৰয, লোকেশ, ধীৰাজ, ৰাজকুমাৰ, যশ, ঋষি, কুশল, সমীৰ, হিমাংশু, অনিৰুদ্ধ, মক্সু, চাৱাৰিয়া, চিনাৰিয়া, মনু, অঞ্জলি আৰু মানৱী বুলি চিনাক্ত কৰা হৈছে । ইয়াৰ উপৰি বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী মহিলাও আঘাতপ্ৰাপ্ত হয় । শিশুসকলৰ বয়স 12-15 বছৰৰ ভিতৰত । ঘটনাটোৰ মূল কাৰণ অনুসন্ধানৰ বাবে তদন্ত ঘোষণা কৰা হৈছে । আনহাতে, যদি আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন হয়, তেন্তে আইন অনুসৰি ব্যৱস্থা লোৱা হ'ব বুলি আৰক্ষীৰ তৰফ পৰা জনোৱা হৈছে ।

লগতে পঢ়ক :জাপানৰ প্ৰয়াত প্ৰধানমন্ত্ৰী ছিনজো আবেৰ পত্নীক সাক্ষাৎ জয়শংকৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.