ETV Bharat / bharat

গ্ৰেটাৰ নয়ডাত নিৰ্মীয়মাণ ঘৰ খহি ৩ শিশুৰ মৃত্যু; আহত ৫ - GREATER NOIDA HOUSE COLLAPSED

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 11:21 AM IST

GREATER NOIDA HOUSE COLLAPSED : গ্ৰেটাৰ নয়ডাৰ সুৰজপুৰ অঞ্চলত এটা নিৰ্মীয়মাণ ঘৰ খহি পৰাৰ ফলত তিনিটা শিশু নিহত হোৱাৰ লগতে আন পাঁচজন লোক আহত হয় ।

GREATER NOIDA HOUSE COLLAPSED
গ্ৰেটাৰ নয়ডাত ঘৰ খহি ৩ শিশুৰ মৃত্যু (ETV Bharat)

নেশ্যনেল ডেস্ক, ২৯ জুন : গ্ৰেটাৰ নয়ডাৰ সুৰজপুৰ আৰক্ষী থানা অঞ্চলৰ খোদনা কালা গাঁৱত শুকুৰবাৰে সন্ধিয়া হঠাতে এটা নিৰ্মীয়মাণ ঘৰ খহি পৰে । এই ঘটনাত ঘৰটোত খেলি থকা আঠটা শিশু ধ্বংসাৱশেষৰ তলত পোত যায় আৰু গুৰুতৰভাৱে আহত হয় ।

দুৰ্ঘটনাটোৰ খবৰ পোৱা মাত্ৰকে স্থানীয় ৰাইজ গৈ তৎক্ষণাত দুৰ্ঘটনাস্থলীত উপস্থিত হৈ শিশুকেইটাক ধ্বংসাৱশেষৰ তলৰ পৰা উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰায় । কিন্তু চিকিৎসাৰ সময়তে তাৰে মাজৰ তিনিটা শিশুৰ মৃত্যু হয় । আনহাতে, পাঁচটা শিশুৰ অৱস্থা এতিয়াও সংকটজনক হৈ আছে । ঘটনাস্থলীত আৰক্ষী আৰু প্ৰশাসনিক বিষয়াসকলো উপস্থিত হয় ।

উল্লেখ্য যে, বৰ্তমান দিল্লীকে ধৰি সমগ্ৰ এন চি আৰ অঞ্চলত ধাৰাসাৰ বৰষুণ হৈ আছে । তাৰে মাজতে সুৰজপুৰ আৰক্ষী থানাৰ অধীনৰ খোদনা কালা গাঁৱত নিৰ্মীয়মাণ ঘৰটো খহি পৰে । সেই সময়ত তাত 8 টা শিশুৱে খেলি আছিল । কিন্তু হঠাতে ঘৰটোৰ চাল আৰু দেৱাল খহি পৰাত তেওঁলোক ঘৰটোৰ ধ্বংসাৱশেষৰ তলত পোত যায় আৰু গুৰুতৰভাৱে আহত হয় ।

ঘটনাটো সংঘটিত হোৱাৰ পিচতে সমগ্ৰ গাঁৱখনত হুৱাদুৱা লাগে ৷ কিন্তু লগে লগে গাঁৱবাসীয়ে ধ্বংসাৱশেষ আঁতৰাই শিশুকেইটাক তাৰ পৰা উদ্ধাৰ কৰি নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰায় ।

যুটীয়া আৰক্ষী আয়ুক্ত শিৱহাৰী মীনাই জনোৱা মতে, সুৰজপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চাগিৰৰ নিৰ্মীয়মাণ ঘৰটো শুকুৰবাৰে সন্ধিয়া হঠাতে খহি পৰে । সেই সময়ত তাত 8 টা শিশুৱে খেলি আছিল । কিন্তু হঠাতে ঘৰৰ চাল আৰু দেৱাল খহি পৰাত সকলোকে ধ্বংসাৱশেষে পুতি পেলায় বুলি আৰক্ষী প্ৰশাসনক জনোৱা হৈছিল ।

এই তথ্য লাভ কৰাৰ পিচত আৰক্ষী আৰু প্ৰশাসনকে ধৰি গাঁৱবাসী ঘটনাস্থলীত উপস্থিত হৈ ধ্বংসাৱশেষ আঁতৰাই তাৰ পৰা আটাইকেইটা শিশুক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱায় । তাত চিকিৎসকে তিনিটা শিশুক মৃত বুলি ঘোষণা কৰে । বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা পাঁচটা শিশু গুৰুতৰভাৱে আহত হৈছে ।

স্থানীয় বাসিন্দা ৰহিমুদ্দিনে জনোৱা মতে, নিহত আৰু আহত শিশুকেইটাক আয়েশা(১৬), আহাদ(৪), হুছেইন(৫), আদিল(৮), আলফিজা(২), চোহানা(১২), ভাচিল(১১) আৰু সমীৰ (১৫) বুলি চিনাক্ত কৰা হৈছে । ইয়াৰে ভিতৰত চিকিৎসাৰ সময়ত আহাদ, আদিল আৰু আলফিজাৰ মৃত্যু হয় । অৱশ্যে ঘৰটো কিয় খহি পৰিল, তাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই । কিন্তু অতিমাত্ৰা বৰষুণৰ বাবেই ঘৰটো খহি পৰাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে ।

লগতে পঢ়ক : ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু 13 তীৰ্থযাত্ৰীৰ : কেবাগৰাকীও লোকৰ অৱস্থা সংকটজনক - Teribble road Accident

শিশু-নাৰীজনিত অপৰাধমূলক কাৰ্যকলাপ বৃদ্ধিত উদ্বিগ্ন মেঘালয়ৰ আৰক্ষী সঞ্চালকপ্ৰধান - Crimes against women and children

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.