ETV Bharat / bharat

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত নিশালৈকে ৫৭.০৩ শতাংশ ভোটদান জম্মু-কাশ্মীৰত - Jammu Kashmir Elections 2024

author img

By ANI

Published : 18 hours ago

JK Second Phase Polls : জম্মু-কাশ্মীৰৰ ছখন জিলাত বুধবাৰে অনুষ্ঠিত হয় দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । নিশা ১১.৪৫ বজালৈকে পোৱা তথ্য অনুসৰি, বুদগামত ৬২.৯৮ শতাংশ, গান্দেৰবালত ৬২.৫১ শতাংশ, পুঞ্চত ৭৩.৮০ শতাংশ, ৰাজৌৰীত ৭০.৯৫ শতাংশ, ৰিয়াছিত ৭৪.৭০ শতাংশ আৰু শ্ৰীনগৰত ২৯.৮১ শতাংশ ভোটদান হয় ।

JK Second Phase Polls
জম্মু-কাশ্মীৰৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটদাতাৰ শাৰী (ANI Photo)

নিউজ ডেস্ক, ২৬ ছেপ্টেম্বৰ : বুধবাৰে অনুষ্ঠিত হয় জম্মু-কাশ্মীৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন । দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত নিশা ১১:৪৫ বজালৈকে পোৱা তথ্য অনুসৰি, ৫৭.০৩ ভোটদান হৈছে । ভাৰতীয় নিৰ্বাচন আয়োগে এক প্ৰেছ বিজ্ঞপ্তিত এই তথ্য প্ৰকাশ কৰিছে ।

নিৰ্বাচন আয়োগৰ তথ্য অনুযায়ী, বুদগামত নিশা ১১.৪৫ বজালৈকে ৬২.৯৮ শতাংশ ভোটদানৰ তথ্য পোৱা গৈছে । আনহাতে, গান্দেৰবালত ৬২.৫১ শতাংশ, পুঞ্চত ৭৩.৮০ শতাংশ, ৰাজৌৰীত ৭০.৯৫ শতাংশ, ৰিয়াছিত ৭৪.৭০ শতাংশ আৰু শ্ৰীনগৰত ২৯.৮১ শতাংশ ভোটদান হয় ।

নিৰ্বাচন আয়োগে লগতে উল্লেখ কৰে এই প্ৰকাশিত তথ্য নিৰ্বাচন ক্ষেত্ৰত জড়িত বিষয়াই পূৰণ কৰা প্ৰ-পত্ৰ অনুযায়ী লাভ কৰা তথ্য । এয়া হৈছে এক আনুমানিক তথ্য । কিয়নো কিছুমান ভোটকেন্দ্ৰৰ তথ্য আহিবলৈ সময় লয় আৰু এই প্ৰক্ৰিয়াত পোষ্টেল বেলট অন্তৰ্ভুক্ত কৰা নহয় ।

ইয়াৰ উপৰি নিৰ্বাচন আয়োগে কয় যে ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াসকলে এই তথ্য আপডেট কৰাটো অব্যাহত ৰাখিব । কিয়নো ভোটগ্ৰহণৰ বাবে যোৱা বহু দল ঘূৰি আহিবলৈ বাকী আছে । ইয়াৰ পিচত সম্পূৰ্ণ ভোটদানৰ তথ্য ভোটাৰ টাৰ্ণআউট এপত সমষ্টি আৰু জিলা অনুসৰি পোনপটীয়াকৈ উপলব্ধ হ'ব ।

উল্লেখ্য যে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে ৰেকৰ্ড কৰা ভোটৰ চূড়ান্ত পৰিসংখ্যা প'লিং এজেণ্টে ভোটদানৰ সমাপ্তিৰ সময়ত প্ৰপত্ৰ 17 চি-ত লিপিবদ্ধ কৰে আৰু তাৰ পৰা নিৰ্বাচন আয়োগক প্ৰদান কৰে । দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ বুধবাৰে পুৱা ৭ বজাত আৰম্ভ হয় আৰু সন্ধিয়া ৬ বজাত সমাপ্ত হয় ।

দ্বিতীয় পৰ্যায়ত যুঁজ দিয়া গুৰুত্বপূৰ্ণ প্ৰাৰ্থীসকলৰ ভিতৰত অন্যতম হৈছে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা । তেওঁ বুদগাম আৰু গান্দেৰবাল সমষ্টি দুটাৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । আন মুখ্য প্ৰতিদ্বন্দ্বীসকলৰ ভিতৰত আছে জম্মু-কাশ্মীৰ কংগ্ৰেছৰ মুৰব্বী তাৰিক হামিদ কাৰা ।

ৰাজ্যখনৰ ছয়খন জিলা বুদগাম, গান্দেৰৱাল, পুঞ্চ আৰু জম্মু অঞ্চলৰ ৰাজৌৰি, ৰিয়াচি আৰু শ্ৰীনগৰত ভোটগ্ৰহণ অনুষ্ঠিত হয় । দ্বিতীয় পৰ্যায়ত ২৩৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিবলৈ ২৫.৭৮ লাখ ভোটাৰে । উল্লেখ্য যে প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন ১৮ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল ।

লগতে পঢ়ক :জম্মু-কাশ্মীৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ; বিদেশী মিছনৰ কূটনীতিবিদৰ দলে নিৰীক্ষণ কৰিব নিৰ্বাচন - JK Assembly Polls
লগতে পঢ়ক :জম্মু-কাশ্মীৰ নিৰ্বাচন : দ্বিতীয় পৰ্যায়ত ২৩৯ গৰাকী প্ৰাৰ্থীৰ মাজত হ'ব প্ৰতিদ্বন্দ্বিতা - JK Assembly polls 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.