ETV Bharat / bharat

এটা দুটা নহয়; দুৰ্বৃত্তই লৈ গ'ল ১,৬০০ টা আইফোন - MP iphone stolen

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2024, 2:07 PM IST

MP iphone stolen : বহুতৰে আইফোন এটা লোৱাৰ হাবিয়াস থাকে । কিন্তু ইয়াৰ মূল্য অধিক হোৱাৰ বাবে সেই আশা পূৰণ নহয় । কিন্তু আপুনি শুনি আচৰিত হ'ব যে তেনে ১,৬০০ টা আইফোন লৈ উধাও হ'ল চোৰ । ঘটনাটোৰ পিচতে আৰক্ষীৰ ভিতৰচ'ৰাত হাহাকাৰ লাগিছে ।

Iphone stolen
এটা দুটা নহয়, দুৰ্বৃত্তই লৈ গ'ল ১,৬০০ টা আইফোন (ETV Bharat)

নেশ্যনেল ডেস্ক, ১ ছেপ্টেম্বৰ : মধ্য প্ৰদেশত বৃহৎ চুৰিকাণ্ড । দুৰ্বৃত্তই এখন ট্ৰাকৰ পৰা লুটি নিলে প্ৰায় ১২ কোটি টকাৰ ম’বাইল । বান্দ্ৰি আৰক্ষী থানাৰ অন্তৰ্গত লাখনাদন-ঝান্সি ঘাইপথত সংঘটিত হৈছে এই ঘটনা । ট্ৰাক চালকক হাতে-ভৰি বান্ধি দুৰ্বৃত্তই লৈ গ'ল ম’বাইল । ১৫ আগষ্টতে সংঘটিত হৈছে এই চুৰিকাণ্ড ।

বিষয়টো আৰক্ষীয়ে অৱহেলা কৰাৰ অভিযোগ কৰিছে ট্ৰাক চালকে । একে সময়তে এগৰাকী হেড কনিষ্টবলক নিলম্বিত কৰাও হৈছে । ঘটনাটোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে মধ্য প্ৰদেশ আৰক্ষীয়ে বিশেষ দল গঠন কৰিছে ।

  • ঘটনাটো কি ?

জানিব পৰা মতে, চেন্নাইৰ পৰা এপ'ল কোম্পানীৰ ম’বাইল লৈ UP-১৪-PT-০১০৩ নম্বৰৰ এখন ট্ৰাক দিল্লী অভিমুখে ৰাওনা হৈছিল । কণ্টেইনাৰ ট্ৰাকখন চালক আৰু এগৰাকী নিৰাপত্তাৰক্ষী আছিল । ট্ৰাকখন লাখনাদন পোৱাৰ লগে লগে নিৰাপত্তাৰক্ষীয়ে এজন যুৱকক তেওঁৰ সহযোগী বুলি কৈ ট্ৰাকৰ কেবিনত বহিবলৈ দিলে ।

নৰসিংহপুৰ পোৱাত চালকজনে টোপনি অনুভৱ কৰিছিল আৰু নিৰাপত্তাৰক্ষীজনে ট্ৰাকখন ৰাখি শুবলৈ কৈছিল । চালকজনে ট্ৰাকখন পাৰ্ক কৰি শুই আছিল । পিচদিনা পুৱা তেওঁ চকু মেলি দেখিছিল যে তেওঁৰ হাত আৰু ভৰি বান্ধি থোৱা আছিল ।

চালকজনে কোনো মতে ৰছীডাল খুলি ট্ৰাকখনৰ পিছফালে আহি দেখিলে যে গেটখন খোলা আছে আৰু খালী বক্সবোৰ ভিতৰত পৰি আছে । অভিযুক্ত বক্সবোৰ খুলি তাৰ পৰা ম’বাইলবোৰ লৈ গৈছিল । একাংশ বক্সত অৱশ্যে বহু ম’বাইল সুৰক্ষিতভাৱে আছিল ।

  • আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে

সাগৰৰ আৰক্ষী মহাপৰিদৰ্শক প্ৰমোদ বাৰ্মাই গোচৰটোৰ তথ্য লাভ কৰাৰ লগে লগে বৃহস্পতিবাৰে নিশা বান্দ্ৰি আৰক্ষী থানাত উপস্থিত হয় আৰু বিষয়টো অনুসন্ধান আৰম্ভ কৰে ।

  • ঘটনাত মেৱাট গেং জড়িত থকাৰ সন্দেহ

আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোৰ সৈতে জড়িত প্ৰমাণ সংগ্ৰহ কৰাত ব্যস্ত আছে । আৰক্ষীয়ে লাখনাদোন-ঝান্সি ঘাইপথৰ টোল পইণ্টত স্থাপন কৰা চিচিটিভি কেমেৰাৰ ফুটেজো পৰীক্ষা কৰিছে । এপ'ল কোম্পানীৰ বিষয়া, পৰিবহণ কোম্পানী, নিৰাপত্তাৰক্ষীকে ধৰি বহু লোকক সোধ-পোছ কৰি থকা হৈছে ।

আৰক্ষীয়ে ঘটনাটোত কোনো পৰিচিত লোক জড়িত থকাৰ সন্দেহ কৰিছে । অনুসন্ধানৰ সময়ত, মেৱাট গেঙৰ সৈতে জড়িত তথ্যও পোৱা গৈছে । অভিযুক্তক কৰায়ত্ত কৰিবলৈ ইতিমধ্যে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ।

  • আৰক্ষীৰ তালাচী অব্যাহত

আইজি প্ৰমোদ বাৰ্মাই ঘটনা সন্দৰ্ভত কয়, "বান্দ্ৰি আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলটোত কণ্টেইনাৰ বাহনৰ পৰা প্ৰায় ১২ কোটি টকাৰ এপ'ল কোম্পানীৰ ১৬০০ টা মোবাইল চুৰি হৈছে । ঘটনাটোৰ তদন্তৰ বাবে ৫ টাকৈ আৰক্ষীৰ দল গঠন কৰা হৈছে । ঘটনাটোক অৱহেলা কৰাৰ বাবে আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, এএছআইক জেৰা চলাই থকা হৈছে । হেড কনিষ্টবলজনক ইতিমধ্যে নিলম্বিত কৰা হৈছে । অভিযুক্তক সোনকালেই গ্ৰেপ্তাৰ কৰা হ'ব ।"

লগতে পঢ়ক :আজিৰে পৰা সলনি হ'ল এইবোৰ নিয়ম... - NEW RULES FROM 1st SEPTEMBER

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.