ETV Bharat / bharat

ৰে’ল বিভাগত ১১ হাজাৰৰো অধিক পদৰ বাবে নিযুক্তি, কেনেকৈ ক’ত কৰিব পাৰিব আবেদন ? - RRB NTPC Recruitment 2024

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2024, 5:48 PM IST

RRB Recruitment 2024: ৰেলৱে নিযুক্তি ব’ৰ্ডে এন টি পি চি নিযুক্তিৰ চমু অধিসূচনা প্ৰকাশ কৰিছে। আৰ আৰ বিৰ নন টেকনিকেল পপুলাৰ কেটেগৰীৰ অধীনত স্নাতক পৰ্যায়ৰ বাবে 8113 টা আৰু প্ৰাক-স্নাতক পৰ্যায়ৰ বাবে 3445 টা পদ পূৰণ কৰা হ’ব । 14  ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব RRB NTPC Recruitment 2024ৰ বাবে আবেদন প্ৰক্ৰিয়া ।

RRB Recruitment 2024
ৰে’ল বিভাগত ১১ হাজাৰৰো অধিক পদৰ বাবে নিযুক্তি (ETV Bharat)

নিউজ ডেস্ক, 10 ছেপ্টেম্বৰ: ৰেলৱে নিযুক্তি ব’ৰ্ডে (RRB) নন টেকনিকেল পপুলাৰ কেটেগৰী (RRB NTPC) ৰ বিভিন্ন পদৰ বাবে আবেদনৰ আমন্ত্ৰণ জনাইছে । ৰেলৱে নিযুক্তি ব’ৰ্ডে আৰ আৰ বি এন টি পি চি 2024 ৰ অধীনত প্ৰাক-স্নাতক আৰু স্নাতক পৰ্যায়ৰ পদত নিযুক্তিৰ বাবে আবেদন আমন্ত্ৰণ জনাইছে । এই নিযুক্তিৰ অধীনত ৰে’লৱেত মুঠ 11 হাজাৰৰো অধিক খালী পদ পূৰণ কৰা হ’ব।

কেতিয়াৰ পৰা আৰম্ভ হ’ব আবেদন প্ৰক্ৰিয়া ?

আৰ আৰ বি নিযুক্তি 2024 ৰ বাবে আবেদন প্ৰক্ৰিয়া চলিত সপ্তাহৰ শনিবাৰে আৰম্ভ হ'ব । স্নাতক পৰ্যায়ৰ বাবে আবেদন প্ৰক্ৰিয়া 14 ছেপ্টেম্বৰত আৰম্ভ হ'ব আৰু 13 অক্টোবৰৰ ৰাতি 23.59 বজাত বন্ধ হ'ব, আনহাতে প্ৰাক- স্নাতক পৰ্যায়ৰ আবেদনকাৰীসকলৰ বাবে আবেদন প্ৰক্ৰিয়া 21 ছেপ্টেম্বৰত আৰম্ভ হ'ব আৰু 20 অক্টোবৰৰ ৰাতি 23.59 বজাত সমাপ্ত হ'ব ।

লগতে পঢ়ক: উপলব্ধ হৈছে অসম ADRE 2024 এডমিট কাৰ্ড : ইয়াত পাব পোনপটীয়া লিংক - Assam Direct Recruitment Exam 2024

কিমানটা পদৰ বাবে হ’ব নিযুক্তি?

এই নিযুক্তিৰ অধীনত ৰে’ল বিভাগত মুঠ 11558 টা খালী পদ পূৰণ কৰা হ’ব ।

আৰ আৰ বিৰ বিজ্ঞাপন নম্বৰ চি.ই.এন. 05/2024-ৰ অধীনত স্নাতক পৰ্যায়ৰ মুঠ 8,113 টা পদ আৰু আৰ আৰ বিৰ বিজ্ঞাপন নম্বৰ চি.ই.এন. 06/2024-ৰ অধীনত প্ৰাক-স্নাতক পৰ্যায়ৰ মুঠ 3,445 টা পদ পূৰণ কৰা হ'ব।

খালী পদৰ সবিশেষ

স্নাতক পৰ্যায়ৰ পদ: 8113 টা

  • মুখ্য বাণিজ্যিক তথা টিকট তত্বাৱধায়ক (Chief Commercial cum Ticket Supervisor : 1736 টা
  • ষ্টেচন মাষ্টৰ (Station Master): 994 টা
  • মাল গাড়ী প্ৰৱন্ধক (Goods Train Manager): 3144 টা
  • জুনিয়ৰ একাউণ্ট সহায়ক তথা টাইপিষ্ট (Junior Account Assistant cum Typist): 1507 টা
  • জ্যেষ্ঠ কেৰাণী তথা টাইপিষ্ট (Senior Clerk cum Typist) : 732 টা
    RRB Recruitment 2024
    ৰে’ল বিভাগত ১১ হাজাৰৰো অধিক পদৰ বাবে নিযুক্তি (ETV Bharat Assam)

লগতে পঢ়ক: 35 হাজাৰ শিক্ষকৰ নিযুক্তিত স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ, চাৰি সপ্তাহৰ পিছত পুনৰ শুনানি - RECRUITMENT IN EDUCATION DEPARTMENT

প্ৰাক-স্নাতক পৰ্যায়ৰ পদ: 3445 টা পদ

  • বাণিজ্যিক তথা টিকট কেৰাণী (Commercial cum Ticket Clerk): 2022 টা
  • একাউণ্টছ ক্লাৰ্ক তথা টাইপিষ্ট (Accounts Clerk cum Typist): 361 টা
  • জুনিয়ৰ ক্লাৰ্ক তথা টাইপিষ্ট (Junior Clerk cum Typist) : 990 টা
  • ৰে’ল কেৰাণী (Trains Clerk): 72 টা

আবেদন মাচুল

আৰ আৰ বি নিযুক্তি ২০২৪ ৰ বাবে আবেদন মাচুল সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে ৫০০ টকা । আনহাতে, অনুসূচীত জাতি, অনুসূচীত জনজাতি, প্ৰাক্তন সেৱাকৰ্মী, মহিলা, দিব্যাংগ, তৃতীয় লিংগ, সংখ্যালঘু আৰু আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীসকলে ২৫০ টকা পৰিশোধ কৰিব লাগিব । আবেদন মাচুল অনলাইন ব্যৱস্থাৰে পৰিশোধ কৰিব লাগিব । কম্পিউটাৰ আধাৰিত পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীসকলক আবেদন মাচুলৰ এটা অংশ ঘূৰাই দিয়া হ'ব।

লগতে পঢ়ক: মণিপুৰৰ জনসংযোগ বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াত বিসংগতিৰ অভিযোগ : উচ্চ ন্যায়ালয়ত আবেদন দাখিল - DIPR Manipur

ক’ত কৰিব আবেদন ?

প্ৰাৰ্থীসকলে CEN 05/2024 আৰু CEN 06/2024 ৰ বিশদ অধিসূচনা RRB ৱেবছাইট আৰু ৰেলৱে নিযুক্তি নিয়ন্ত্ৰণ বৰ্ড (RRCB) https://rrcb.gov.in চাব পাৰিব। ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে RRB NTPC 2024 নিযুক্তিৰ বাবে অফিচিয়েল ৱেবছাইট https://www.rrbapply.gov.in ত গৈ আবেদন কৰিব লাগিব।

কেনেদৰে কৰিব আবেদন ?

প্ৰাৰ্থীসকলে তলত দিয়া পদক্ষেপ অনুসৰি অনলাইনত আৰ আৰ বি ৱেবছাইটত আবেদন কৰিব পাৰে:

  • পদক্ষেপ 1: ৰেল নিযুক্তি বোৰ্ডৰ ৱেবছাইট https://rrbapply.gov.in লৈ যাওক
  • পদক্ষেপ 2: এতিয়া, 'এপ্লাই' ত ক্লিক কৰি আপোনাৰ একাউণ্ট সৃষ্টি কৰক (create account)
  • পদক্ষেপ 3: একাউণ্টটো বনোৱাৰ পিছত, 'ইতিমধ্যে একাউণ্ট আছে (Already have an Account)' ত ক্লিক কৰি আপোনাৰ ম'বাইল নম্বৰ/ইমেইল আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি ছাইন ইন কৰক।
  • পদক্ষেপ 4: আৱেদন প্ৰ-পত্ৰখন পূৰণ কৰক।
  • পদক্ষেপ 5: সকলো নথিপত্ৰ আপলোড কৰক

লগতে পঢ়ক: বিশ্বনাথ চিকিৎসা মহাবিদ্য়ালয়ত কেতিয়াৰ পৰা চিকিৎসা সেৱা আৰম্ভ হ’ব ! জনালে মুখ্যমন্ত্ৰীয়ে - CM Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.