ETV Bharat / bharat

১০ বছৰ সম্পূৰ্ণ হ’ল প্ৰধানমন্ত্ৰী মোদীৰ মন কী বাতৰ - Mann Ki Baat

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

10 years of Mann Ki Baat : দহবছৰ সম্পূৰ্ণ কৰা ‘মন কি বাত’ৰ দেওবাৰে আছিল ১১৪ তম খণ্ড ৷ নৰেন্দ্ৰ মোদীয়ে আগন্তুক উৎসৱৰ বতৰত ‘মেক ইন ইণ্ডিয়া’ সামগ্ৰী ক্ৰয় কৰিবলৈ ৰাইজক আহ্বান জনায় । শেহতীয়াকৈ আমেৰিকা ভ্ৰমণৰ কথা উল্লেখ কৰি মোদীয়ে কয় যে ভাৰতলৈ প্ৰায় ৩০০ টা পৌৰাণিক কীৰ্তিচিহ্ন ঘূৰাই অনাৰ বাবে আলোচনা কৰা হৈছে ।

10 years of Mann Ki Baat
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কি বাতে দেওবাৰে দশম বছৰত ভৰি দিলে (ETV Bharat)

নিউজ ডেস্ক, ২৯ ছেপ্টেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’এ সম্পূৰ্ণ কৰিলে এটা দশক ৷ দহবছৰীয়া এই যাত্ৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে মানুহে ইতিবাচক বিকাশৰ লগতে অনুপ্ৰেৰণাদায়ক আৰু উৎসাহজনক কাহিনী পছন্দ কৰে ৷

ৰেডিঅ’ অনুষ্ঠান ‘মন কী বাত’ৰ শেহতীয়া খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক সমস্যাৰ ওপৰত আলোকপাত কৰে ৷ তেওঁ লগতে উল্লেখ কৰে যে এই সম্প্ৰচাৰে ১০ বছৰ সম্পূৰ্ণ কৰিছে ৷ এই খণ্ডটো এক আৱেগিক খণ্ড বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই কাৰ্যসূচী এক অনন্য মঞ্চ হৈ পৰিছে, যিয়ে ভাৰতৰ আত্মাক উদযাপনৰ লগতে ৰাষ্ট্ৰৰ সামূহিক শক্তি প্ৰদৰ্শন কৰিছে ৷

মন কী বাত অনুষ্ঠানৰ বাৰ্তাসমূহলৈ ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে সংবাদ মাধ্যমক ধন্যবাদ জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ মোদীয়ে কয় যে সাধাৰণতে মানুহৰ মনত এটা ধাৰণা আছে যে বিষয়বস্তুটো মচলাযুক্ত বা নেতিবাচক নহ’লে মানুহে গুৰুত্ব নিদিয়ে ৷ কিন্তু মন কী বাতে দেখুৱালে যে মানুহ ইতিবাচক কথা-বতৰাৰ প্ৰতি আগ্ৰহী ৷ মানুহে ইতিবাচক বস্তু, অনুপ্ৰেৰণামূলক উদাহৰণ আৰু উৎসাহ যোগাব পৰা কাহিনী পছন্দ কৰে ৷

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মেক ইন ইণ্ডিয়া কাৰ্যসূচীয়েও ১০ বছৰ সম্পূৰ্ণ কৰিছে ৷ মেক ইন ইণ্ডিয়াৰ ৰপ্তানি বৃদ্ধি পাইছে ৷ তদুপৰি প্ৰত্যক্ষ বিদেশী বিনিয়োগ বৃদ্ধি এই কাৰ্যসূচীৰ সফলতাৰ প্ৰমাণ ৷ মেক ইন ইণ্ডিয়াই স্থানীয় নিৰ্মাতাসকলক যথেষ্ট সহায় কৰিছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

প্ৰধানমন্ত্ৰীগৰাকীয়ে আগন্তুক উৎসৱৰ বতৰত ‘মেক ইন ইণ্ডিয়া’ সামগ্ৰী ক্ৰয় কৰিবলৈ আহ্বান জনায় ৷ শেহতীয়াকৈ আমেৰিকা ভ্ৰমণৰ কথা উল্লেখ কৰি মোদীয়ে কয় যে ভাৰতলৈ প্ৰায় ৩০০ টা পুৰণি কীৰ্তিচিহ্ন ঘূৰাই অনাৰ বিষয়ে আলোচনা কৰা হৈছে ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে মানুহে যেতিয়া নিজৰ ঐতিহ্যক লৈ গৌৰৱ কৰে, বিশ্বয়ো তেওঁলোকৰ অনুভূতিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে ৷ প্ৰধানমন্ত্ৰী মোদীয়ে সদৰী কৰে যে বিগত ১০ বছৰত চৰকাৰে বিভিন্ন দেশৰ পৰা বৃহৎসংখ্যক প্ৰাচীন শিল্পকলা ভাৰতলৈ ঘূৰাই আনিছে ৷

দেওবাৰৰ মন কী বাত অনুষ্ঠানটোত প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘স্বচ্ছ ভাৰত’ অভিযানৰ সফলতাৰ কথা উল্লেখ কৰে ৷ এই কাৰ্যসূচী মহাত্মা গান্ধীৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি হিচাবে উল্লেখ কৰি মোদীয়ে কয় যে তেওঁ গোটেই জীৱন পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল ৷

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অক্টোবৰৰ ২ তাৰিখে স্বচ্ছ ভাৰত অভিযানে ১০ বছৰ সম্পূৰ্ণ কৰিলে ৷ যিসকলে এই অভিযানক গণ আন্দোলনলৈ পৰিণত কৰিছিল তেওঁলোকৰ প্ৰশংসাও কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ এই অভিযান মহাত্মা গান্ধীৰ প্ৰতি এক উপযুক্ত শ্ৰদ্ধাঞ্জলি বুলি উল্লেখ কৰি মহাত্মা গান্ধীয়ে সমগ্ৰ জীৱন এই উদ্দেশ্যৰ বাবে উৎসৰ্গিত কৰিছিল বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ স্বচ্ছ ভাৰতৰো ১০ বছৰ উপলক্ষেও ‘‘হ্ৰাস, পুনৰ ব্যৱহাৰ আৰু পুনঃব্যৱহাৰযোগ্য" শীৰ্ষক এক অভিযানৰ সন্দৰ্ভতো আলোচনাৰ কথা প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

বাৰিষা কালত ভাৰতত প্ৰচুৰ বৰষুণ হোৱাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দেশৰ বিভিন্ন প্ৰান্তত এই পানী সংৰক্ষণৰ প্ৰচেষ্টাও কৰা হৈছে ৷

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ত বাৰেকুৰিৰ হলৌ বান্দৰৰ প্ৰসংগ: পৰ্যটনৰ পৰ্যাপ্ত সুবিধা লাভৰ আশা অঞ্চলবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.