ETV Bharat / bharat

অন্ধ্ৰ প্ৰদেশৰ ফাৰ্মা কোম্পানীত ৰিয়েক্টৰ বিস্ফোৰণত নিহত ১৬ জন, আহত ৫০ - Reactor Blast in Pharma Company

author img

By ETV Bharat Assamese Team

Published : Aug 21, 2024, 6:17 PM IST

Updated : Aug 21, 2024, 11:09 PM IST

Reactor explosion at Andhra Pradesh: অন্ধ্ৰ প্ৰদেশৰ অনকাপল্লীৰ এটা ফাৰ্মা কোম্পানীত সংঘটিত হৈছে এক বৃহৎ দুৰ্ঘটনা । অচ্যুতপুৰমৰ SEZ ৰ ইচেন্সিয়া নামৰ কোম্পানীটোত ৰিয়েক্টৰ বিস্ফোৰণ ৷ এই দুৰ্ঘটনাত ৫০ জন শ্ৰমিক আহত হোৱাৰ লগতে এতিয়ালৈ ১৬ জন লোকৰ মৃত্যু । মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে এই ঘটনাত শোক প্ৰকাশ কৰি ভুক্তভোগীক শীঘ্ৰে সাহায্য প্ৰদানৰ বাবে জিলা আয়ুক্তক নিৰ্দেশ দিয়ে ।

Reactor explosion at Andhra Pradesh
অন্ধ্ৰ প্ৰদেশৰ ফাৰ্মা কোম্পানীত ৰিয়েক্টৰ বিস্ফোৰণ (ETV Bharat)

নিউজ ডেস্ক, ২১ আগষ্ট: অন্ধ্ৰ প্ৰদেশৰ অনকাপল্লীৰ এটা ফাৰ্মা কোম্পানীত বুধবাৰে এক বৃহৎ দুৰ্ঘটনা সংঘটিত হয় । জিলাখনৰ ৰামবিল্লী মণ্ডলৰ অচ্যুতপুৰম SEZ ৰ ইচেন্সিয়া কোম্পানীত ৰিয়েক্টৰ বিস্ফোৰণত ১৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৫০ জন লোক আহত হয় । আহতসকলক ততাতৈয়াকৈ আনকাপল্লীৰ বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰা হয় ৷

নিহত সাতজনৰ ভিতৰত হৰিকা আৰু মোহনা নামৰ দুজন শ্ৰমিকক অনকাপল্লী চিকিৎসালয়লৈ নিয়াৰ সময়তে মৃত্যু হয় ৷ আনহাতে আহতসকলৰ ভিতৰত ৫ জন ৬০ শতাংশতকৈ অধিক অগ্নিদগ্ধ হোৱা বুলি জানিব পৰা গৈছে । লোককেইজনৰ মৃতদেহ অনকাপল্লী চৰকাৰী চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে ।

লগতে পঢ়ক: প্ৰাক্তন বিধায়কৰ গৃহত বোমা বিস্ফোৰণ; পত্নীৰ প্ৰাণহানি

ৰিয়েক্টৰ বিস্ফোৰণৰ ফলত ফাৰ্মা কোম্পানীটোত এক বিশাল অগ্নিকাণ্ড সংঘটিত হয় । অগ্নিকাণ্ডৰ ফলত উদ্যোগটোৰ ভিতৰত বহু শ্ৰমিক আবদ্ধ হৈ পৰে । ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাছতেই ৮ খন অগ্নিনিৰ্বাপক বাহনে ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ বাবে নিয়োজিত হয় ৷ দুৰ্ঘটনাটোৰ ফলত ফাৰ্মা কোম্পানীটোৰ ওচৰ-পাজৰ অঞ্চল ঘন ধোঁৱাই ছানি ধৰিছে । ৰিয়েক্টৰ বিস্ফোৰণৰ ফলত হোৱা প্ৰচণ্ড শব্দৰ বাবে গাঁৱৰ ৰাইজ আতংকিত হৈ পৰে ।

ফাৰ্মা কোম্পানীটোত বিস্ফোৰণ সংঘটিত হোৱাৰ তথ্য লাভ কৰাৰ পাছতে গৃহমন্ত্ৰী অনিতাই ঘটনাৰ সবিশেষ বুজ লয় । তেওঁ অনকাপল্লীৰ কালেক্টৰৰ সৈতে ফোনযোগে কথা পাতি ভুক্তভোগীক উন্নত চিকিৎসা প্ৰদানৰ নিৰ্দেশ দিয়ে । ইফালে মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱেও এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে ৷ তেওঁ দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ পাছত জিলা আয়ুক্তৰ লগত কথা পাতি ঘটনাৰ বুজ লয় আৰু তাৎক্ষণিকভাৱে সকলো সাহায্য প্ৰদানৰ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক: ঝাৰখণ্ডৰ চাইবাছাত নক্সালবাদীৰ আই ই ডি বিস্ফোৰণ : আহত সেনা জোৱান - Naxalites IED Blast in Jharkhand

Last Updated : Aug 21, 2024, 11:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.