ETV Bharat / bharat

ৰতন টাটা: দেশৰ আটাইতকৈ সন্মানীয় ব্যৱসায় সম্ৰাট তথা দানবীৰগৰাকীৰ জীৱনৰ কিছু কথা - TRIBUTE TO RATAN TATA

Ratan Tata Death: তেওঁক ভালপোৱা মানুহৰ কোনো সীমা-সংখ্যা নাই ৷ সহজ-সৰল ব্যক্তিত্বৰ মানুহগৰাকীৰ মৃত্য়ুৱে আজি সকলোকে কন্দুৱাইছে ৷ আহক জানো ৰতন টাটাৰ বিষয়ে কিছু কথা-

Ratan Tata Death
ৰতন টাটাৰ দেহাৱসান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 10, 2024, 10:55 AM IST

নিউজ ডেস্ক, 10 অক্টোবৰ: দেশৰ উদ্যোগ জগতৰ ভোটা তৰা, টাটা সাম্ৰাজ্যৰ গৰাকী ৰতন টাটাই বুধবাৰে নিশা 86 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ৷ কেৱল ভাৰততেই নহয়, বিদেশতো উদ্যোগী হিচাপে যথেষ্ট সন্মান আছিল ৰতন টাটাৰ ৷ কেৱল নিজৰ ব্যৱসায়িক সাম্ৰাজ্যৰ বাবেই নহয়, দানশীল ব্যক্তি হিচাপেও সকলোৱে তেওঁক সমীহ কৰিছিল ৷

সোমবাৰেই প্ৰকাশ পাইছিল ৰতন টাটাক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বাতৰি ৷ 7 অক্টোবৰত X ত প্ৰকাশ কৰা এক বিবৃতিত ৰতন টাটাই নিজেই দেশবাসীক আশ্বস্ত কৰিছিল যে ‘চিন্তাৰ কোনো কাৰণ নাই’ ৷ বাৰ্ধক্য আৰু স্বাস্থ্যজনিত কাৰণত চিকিৎসা গ্ৰহণ কৰা বুলি বিবৃতিটোত তেওঁ উল্লেখ কৰিছিল ৷ কিন্তু বুধবাৰে নিশা স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক ব্ৰিচ কেণ্ডি চিকিৎসালয়ৰ আই চি ইউলৈ স্থানান্তৰ কৰা হয় ৷

Ratan Tata Death
ব্যৱসায় সম্ৰাট ৰতন টাটা (ANI)

সকলোৱে সেই সময়ত প্ৰাৰ্থনা জনাইছিল নিজৰ আৰ্থিক উপাৰ্জন বাবেই কেৱল ব্যৱসায় নকৰি দেশবাসীৰ কল্যাণৰ বাবে কাম কৰা ৰতন টাটাৰ আশু আৰোগ্য কামনা কৰি ৷ কিন্তু সকলোকে শোক সাগৰত পেলাই নিশা অনন্ত ধামলৈ গ’লগৈ এইগৰাকী মানৱ দৰদী ব্যৱসায় সম্ৰাট ৷

ৰতন টাটাৰ জীৱনত এভুমুকি মাৰো আহক-

1. ৰতন টাটাৰ জন্ম হৈছিল 1937 চনৰ 28 ডিচেম্বৰত ৷ ৰতন টাটা হৈছে নাভাল টাটাৰ পুত্ৰ ৷ ভাৰতৰ সৰ্ববৃহৎ ব্যৱসায়িক গোষ্ঠীৰ প্ৰতিষ্ঠাপক জামছেদজী টাটাৰ পুত্ৰ ৰতনজী টাটাৰ দত্তকপুত্ৰ আছিল নাভাল টাটা ৷

Ratan Tata Death
ৰতন টাটাৰ মহাপ্ৰয়ান (Getty images)

2. ৰতন টাটাই 1961 চনত টাটা গ্ৰুপত যোগদান কৰে ৷ কৰ্ণেল ইউনিভাৰ্চিটী অৱ আৰ্কিটেক্সাৰৰ পৰা আৰ্কিটেক্সাৰত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পিচতেই ৰতন টাটাই টাটা ষ্টীল কোম্পানীত প্ৰথম চাকৰিত যোগদান কৰে ৷

3. ১৯৯১ চনত জে আৰ ডি টাটাৰ অৱসৰৰ পিছত তেওঁ অধ্যক্ষ হিচাপে কাৰ্যভাৰ চম্ভালিবলৈ আৰম্ভ কৰে । ৰতন টাটাই ব্যৱসায়িক ক্ষেত্ৰত ক্ৰমান্বয়ে খ্যাতি লাভ কৰাৰ লগতে টাটা গ্ৰুপ অৱ কোম্পানীৰ জৰিয়তে সাধন কৰা কাৰ্যকলাপৰ বাবে দানবীৰ হিচাপেও পৰিচিত হয় ।

Ratan Tata Death
ৰতন টাটা (Getty images)

4. টাটা গ্ৰুপত ৰতন টাটাৰ শেহতীয়া পদবী আছিল ব্যৱসায়িক সাম্ৰাজ্যৰ অধ্যক্ষ ৷ তেওঁ 1990 চনৰ পৰা 2012 চনলৈ টাটা গ্ৰুপৰ অধ্যক্ষ আছিল আৰু 2016 চনৰ পৰা 2017 চনৰ ফেব্ৰুৱাৰী মাহলৈকে অন্তৱৰ্তীকালীন অধ্যক্ষ হিচাপেও দায়িত্ব পালন কৰিছিল ৷

5. টাটাক বহুলাংশে ভাৰতকেন্দ্ৰিক গোটৰ পৰা বিশ্বব্যাপী ব্যৱসায়লৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াসেৰে ৰতন টাটাৰ নেতৃত্বত টাটা গ্ৰুপে টেটলি, জাগুৱাৰ লেণ্ড ৰভাৰ আৰু ক’ৰাছক ক্ৰয় কৰে ৷

Ratan Tata Death
অসম বৈভৱ ৰতন টাটা (x handle assam cm)

6. বিশ্ব ভিতৰতে এগৰাকী অন্যতম দানবীৰ হিচাপেও নাম আছে ৰতন টাটাৰ ৷ তেওঁ নিজৰ আয়ৰ প্ৰায় ৬০-৬৫% দাতব্য সংস্থালৈ দান কৰিছিল ৷ 21 বছৰীয়া দায়িত্বকালত ৰতন টাটাই টাটা গ্ৰুপৰ ৰাজহ 40 গুণ বৃদ্ধি কৰে আৰু লাভ 50 গুণৰো অধিক কৰিবলৈ সক্ষম হয় ৷ উইকিপেডিয়াৰ পৰা পোৱা গৈছে এই তথ্য ৷

7. ৰতন টাটাই নিজৰ দাতব্য ন্যাসৰো নেতৃত্ব দি গৈছিল । ২০০০ চনত তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম ভূষণ লাভ কৰাৰ পিছত ২০০৮ চনত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণৰ দৰে সন্মানীয় বঁটাৰে সন্মানিত হয় ৰতন টাটা ।

Ratan Tata Death
ৰতন টাটাৰ সৈতে হিমন্ত বিশ্ব শৰ্মা (x handle assam cm)

8. কেৱল টাটা গ্ৰুপেই নহয়, ৰতন টাটাই নিজৰ বুদ্ধিমত্তাৰ ভাগ-বাটোৱাৰা আৰু ভাৰতৰ ভৱিষ্যত স্বৰূপ যুৱক-যুৱতীসকলক আগুৱাই নিবলৈ সহায় কৰাত বিশ্বাস কৰিছিল । এতিয়ালৈকে তেওঁ ব্যক্তিগত ক্ষমতাৰে প্ৰায় ৩০ টা ষ্টাৰ্ট-আপত বিনিয়োগ কৰিছে আৰু কিছুমানত নিজৰ বিনিয়োগ কোম্পানীটোৰ জৰিয়তে বিনিয়োগ কৰিছে ।

9. ৰতন টাটা সেইগৰাকী ব্যক্তি আছিল যি মধ্যবিত্ত মানুহৰ গাড়ী চলোৱাৰ সপোনক সাকাৰ ৰূপ দিছিল ৷ 2008 চনত টাটা গ্ৰুপে বজাৰলৈ লৈ আহে নেন’ নামেৰে এখন চাৰিচকীয়া বাহন ৷ অতি কম মূল্যত 1 লাখ টকাতেই উপলব্ধ এই বাহনখন ভাৰতৰ ৰাস্তাবোৰত চলিবলৈ আৰম্ভ কৰে ৷ মানুহৰ এখন গাড়ী কিনাৰ যি হাবিয়াস থাকে, বহু সময়ত আৰ্থিক পৰিস্থিতিৰ বাবে সেয়া সম্ভৱ নহয় ৷ কিন্তু ৰতন টাটাই মানুহৰ সেই সপোনক বাস্তৱ কৰিছিল নেন’ৰ দ্বাৰা ৷

Ratan Tata Death
ৰতন টাটাৰ সৈতে সৰ্বানন্দ সোণোৱাল (X handle sarbananda sonowal)

10. অসমত টাটা ন্যাসে 14 খন কেন্সাৰ হাস্পতাল স্থাপনৰ প্ৰকল্প গ্ৰহণ কৰিছিল ৷ ইয়াৰে 7 খন হাস্পতাল সম্পূৰ্ণ হৈছে আৰু বাকী 7 খনৰ কাম চলি আছে ৷ শেহতীয়াকৈ যোৱা আগষ্ট মাহত অসমৰ জাগীৰোডত টাটা গ্ৰুপে আৰম্ভ কৰিছে ছেমি কণ্ডাক্টৰ প্ৰকল্প ৷ এই প্ৰকল্পই অসমৰ বহু যুৱক-যুৱতীক কৰ্ম সংস্থাপনৰ বাট মোকলাই দিব ৷ অসম চৰকাৰে 2021 চনত ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটাৰে সন্মানিত কৰে ৰতন টাটাক ৷

লগতে পঢ়ক: খহি পৰিল ভাৰতৰ উদ্যোগ জগতৰ এটা উজ্জ্বল নক্ষত্ৰ; অন্তিম শয়নত ৰতন টাটা

প্ৰবীণ উদ্যোগপতি ৰতন টাটাৰ মৃত্যুত আমেৰিকাৰ বিভিন্নজনৰ শোক প্ৰকাশ

অসমহৈতিষী 'অসম বৈভৱ’ ৰতন টাটাক কেনেদৰে পাহৰিব অসমবাসীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.