ETV Bharat / bharat

স্মৃতি বনমত পদচিহ্ন ৰৈ গ’ল ৰামোজী গ্ৰুপ অৱ কোম্পানীৰ অধ্যক্ষ ৰামোজী ৰাওৰ - Ramoji Rao passes away

author img

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 3:50 PM IST

Updated : Jun 9, 2024, 6:07 PM IST

Smrithi Vanam a Samadhi Place : ৰামোজী গ্ৰুপ অৱ কোম্পানীৰ অধ্যক্ষ আৰু পদ্মবিভূষণ বঁটাপ্ৰাপক ৰামোজী ৰাওৰ শনিবাৰে হায়দৰাবাদৰ এখন হাস্পতালত মৃত্যু ঘটে । সমৰ্থক, পৰিয়াল তথা বন্ধুবৰ্গৰ উপস্থিতিত গণ্য-মান্য ব্যক্তিসকলে দেওবাৰে ৰাওৰ বাসগৃহত উপস্থিত হৈ মিডিয়া টাইকুনগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ সম্পূৰ্ণ ৰাজ্যিক মৰ্যদাৰে ৰামোজী ৰাওক অন্তিম বিদায় জনোৱা হয় ৷

Ramoji Rao Laid to Rest at Smruthi Vanam
অন্তিম শয়নত মিডিয়া বেৰন ৰামোজী ৰাও গাৰু (Etv Bharat)

নেশ্যনেল ডেস্ক, 9 জুন : মানসিকভাৱে কিমান শক্তিশালী হ’লে এগৰাকী ব্যক্তিয়ে নিজৰ সমাধিস্থল জীৱিত অৱস্থাতে নিৰ্মাণ কৰিব পাৰে ? কথাটো সকলোৰে অস্বাভাৱিক যেন লাগিলেও, এয়াই কিন্তু সঁচা প্ৰমাণিত কৰি থৈ গ’ল দক্ষিণ ভাৰতৰ অন্যতম প্ৰভাৱশালী উদ্যোগপতি, মিডিয়া বেৰন, ৰামোজী ফিল্ম চিটিৰ স্বত্বাধিকাৰী ৰামোজী ৰাওৱে ৷

পৰিয়ালৰ সদস্য, নিকটাত্মীয় আৰু প্ৰিয়জন, ভিন্ন ক্ষেত্ৰৰ গণ্য-মান্য ব্যক্তি আৰু অগণন অনুগামীয়ে ৰামোজী গ্ৰুপ অৱ কোম্পানীৰ অধ্যক্ষ তথা পদ্মবিভূষণ বঁটাপ্ৰাপ্ত ৰামোজী ৰাওক দেওবাৰে অশ্ৰুসিক্ত নয়নৰে বিদায় জনায় ।

লগতে পঢ়ক: অন্তিম শয়নত ৰামোজী গ্ৰুপৰ প্ৰতিষ্ঠাতা ৰামোজী ৰাও: শোকসন্তপ্ত তেলেংগানা - Ramoji Rao passes away in hyderabad

ভাৰতীয় চলচ্চিত্ৰ আৰু সংবাদ মাধ্যমৰ একপ্ৰকাৰ সম্ৰাট আখ্যা দিব পৰা ব্যক্তিগৰাকীৰ পাৰ্থিৱ শৰীৰটোৰ শেষকৃত্যৰ পূৰ্বে ৰামোজী ফিল্ম চিটি পৰিভ্ৰমণ কৰোৱা হয় ৷ এই সময়চোৱাত ইটিভি ভাৰতত কৰ্মৰত লোকসকলৰ লগতে উপস্থিত ব্যক্তিসকলৰ দুচকু সেমেকি উঠা পৰিলক্ষিত হয় ৷ এক শোকাকুল পৰিৱেশে বিৰাজ কৰে সমগ্ৰ ফিল্ম চিটী চৌহদ ৷

পুৰোহিতসকলৰ মন্ত্ৰোচাৰণ আৰম্ভ হোৱাৰ লগে লগে ৰাওৰ পুত্ৰ তথা ঈনাডুৰ পৰিচালন সঞ্চালক চেৰুকুৰি কিৰণ ৰাৱে শেষকৃত্যৰ ৰীতি-নীতি আৰম্ভ কৰে ৷ একে সময়তে তেলেংগানা আৰক্ষীয়ে ৰাওক ৰাজ্যিক মৰ্যদাৰে সন্মান প্ৰদৰ্শন কৰে ৷

লগতে পঢ়ক: ৰামোজী ৰাও : ছপা, বৈদ্যুতিন আৰু ডিজিটেল মিডিয়াত বিপ্লৱ ঘটোৱা এগৰাকী সংবাদ সম্ৰাট - Ramoji Rao passes away

উল্লেখ্য যে, উদ্যোগপতি তথা মিডিয়া বেৰ’নগৰাকীয়ে শনিবাৰে পুৱা ৪.৫০ বজাত হায়দৰাবাদৰ এখন হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৭ বছৰ ৷

ৰামোজী ৰাওৰ শেষযাত্ৰাত উপস্থিত থাকে তেলুগু দেশম পাৰ্টী(টিডিপি) ৰ মুৰব্বী এন চন্দ্ৰবাবু নাইডু ৷ অন্ধ্ৰপ্ৰদেশ চৰকাৰেও ৰাওৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিবলৈ তিনিগৰাকী শীৰ্ষ আই এ এছ বিষয়াক মনোনীত কৰাৰ লগতে দেওবাৰ-সোমবাৰে ৰাজ্যখনত দুদিনীয়াকৈ ৰাজ্যিক শোক দিৱস পালনৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

লগতে পঢ়ক: ৰামোজী ৰাওৰ মৃত্যুত শোক প্ৰকাশ ৰিতেশ দেশমুখ-জেনেলিয়াৰ - Media Baron Ramoji Rao

ৰাওৰ মৃত্যুৰ পিছতে শনিবাৰে তেওঁৰ মৃতদেহটো নিজৰ কাৰ্যালয়ৰ বাহিৰত শ্ৰদ্ধাঞ্জলি জনোৱাৰ অৰ্থে ৰখা হৈছিল ৷ য’ত ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ লোকৰ লগতে ভি ভি আই পি-সকল উপস্থিত হৈ নিজৰ আদৰ্শ ব্যক্তিগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷

দেওবাৰে ৰাওৰ মৃতদেহটো নিজ বাসগৃহলৈ নিয়াৰ পিছত পৰিয়ালৰ লোকসকলে শেষ শ্ৰদ্ধা জনায় ৷ ইয়াৰ পিছতে ৰাওৱে নিজৰ জীৱিতকালতে নিৰ্মাণ কৰি ৰখা সমাধিক্ষেত্ৰলৈ অন্তিম সংস্কাৰৰ বাবে নিয়া হয় ৷ তাত সম্পূৰ্ণ ৰীতি-নীতি অনুসৰি মিডিয়া বেৰনগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয় ৷

লগতে পঢ়ক: ৰামোজী ৰাওক শেষ শ্ৰদ্ধা ৰাজনৈতিক নেতা আৰু টলিউডৰ চেলিব্ৰিটিৰ - Media Baron Ramoji Rao

উল্লেখ্য যে, দেওবাৰে পুৱা ৯.১৫ বজাৰ পৰা ১১.৩৫ বজাৰ ভিতৰত ৰাওৰ অন্তিম সংস্কাৰ সম্পন্ন কৰা হয় ৷ মিডিয়া বেৰ’ন ৰামোজী ৰাওৱে ঈনাডু বাতৰি কাকতৰ লগতে ই টিভিৰ জৰিয়তে টেলিভিছনৰ জগতখনত খোজ পেলাইছিল ৷ ঊষাকিৰণ মুভিজ আৰু ইটিভি ভাৰতৰো স্বত্বাধিকাৰী আছিল ৰামোজী ৰাও ।

সমান্তৰালকৈ ৰাওৱে 2016 চনত তদানীন্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দ্বাৰা ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মবিভূষণ লাভ কৰিছিল ।

লগতে পঢ়ক: ৰামোজী ৰাও : চিনেমেটিক দূৰদৰ্শিতা আৰু ঊষা কিৰণ মুভিজৰ সফলতা - Ramoji Rao Passes Away

Last Updated : Jun 9, 2024, 6:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.