ETV Bharat / bharat

ৰঙীন সূতাৰে নহয়, এইবাৰ সোণ-ৰূপ-হীৰাৰ ৰাখীৰে ভগ্নীয়ে শুৱনি কৰিব ভাতৃৰ হাত - Raksha Bandhan 2024 - RAKSHA BANDHAN 2024

Raksha Bandhan 2024: পবিত্ৰ ৰাখী বন্ধন উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি বজাৰত উপলব্ধ হৈছে বিশেষ ৰাখী । বিশেষকৈ পাটনাত পবিত্ৰ ৰাখী বন্ধনৰ এই সময়ছোৱাত সোণ-ৰূপ-হীৰাৰ ৰাখীয়ে দখল কৰিছে বজাৰ ৷ মৰমৰ ৰাখীডাল ক্ৰয় কৰিবলৈ সোণৰ বিপণিত ভিৰ বাঢ়িছে ক্ৰেতাৰো ৷

RAKSHA BANDHAN 2024
ৰাখী বন্ধন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 10:01 AM IST

Updated : Aug 19, 2024, 2:55 PM IST

বিশেষ প্ৰতিবেদন, ১৯ আগষ্ট : এতিয়া বিয়াৰ বতৰো নহয়, তথাপিও গহনাৰ বিপণিত ভিৰ বাঢ়িছে গ্ৰাহকৰ ৷ কোনোৱে যদি কিনিছে হাজাৰ হাজাৰ টকীয়া সোণৰ আভূষণ, আন কোনোৱে আকৌ ক্ৰয় কৰিছে কোটি টকীয়া অলংকাৰ ৷ কিয় জানেনে ? কাৰণ আজি ৰাখী পূৰ্ণিমা ৷

Raksha Bandhan 2024
ৰাখী বন্ধন 2024 (ETV Bharat)

আজি ভগ্নীয়ে ভাতৃৰ হাতত পিন্ধাব সুৰক্ষা কৱচ ৷ মান্য়তা অনুসৰি, এই সুৰক্ষা কৱচে ৰক্ষা কৰিব ভগ্নীক, অটুত থাকিব ভাই-ভনী মাজৰ মৰম-আদৰ ৷ পূৰ্বতে এডাল ৰঙীন সূতা ভাতৃৰ হাতত পিন্ধাইছিল ভগ্নীয়ে ৷ যিডাল সূতাত নিহিত হৈ থাকে ভাতৃ-ভগ্নীৰ মৰম-স্নেহ তথা আত্মীয়তা । ভাতৃক ৰাখী বান্ধি ভগ্নীয়ে বঢ়াই আত্মবিশ্বাস । ভাতৃয়েও ভগ্নীক দিয়ে আজীৱন ৰক্ষাৰ প্ৰতিশ্ৰুতি ।

Raksha Bandhan 2024
ৰাখী বন্ধন (ETV Bharat)

কিন্তু বৰ্তমান আধুনিকতাৰ ধামখুমীয়াত পূৰ্বৰ কিছু পৰম্পৰা ম্লান হোৱা দেখা গৈছে ৷ বৰ্তমান সময়ত পূৰ্বৰ সেই কপাহী ৰঙীন সূতাৰ সলনি সোণ-ৰূপ-হীৰাৰ ৰাখীহে বজাৰত বেছি উপলব্ধ হ’বলৈ ধৰিলে ৷ যাৰ বাবে ৰাখী বন্ধনৰ এই পবিত্ৰ ক্ষণত ভগ্নীয়ে ভাতৃৰ হাত শুৱনি কৰিবলৈ সোণ-ৰূপ-হীৰাৰ ৰাখী ক্ৰয় কৰিবলৈ লৈছে ৷

লগতে পঢ়ক : এইবাৰ ৰাখীবন্ধনত থাকিব ভদ্ৰৰ ছায়া...ভাতৃক ৰাখি বান্ধিলে হ’ব বিপদ...জানি লওক শুভ মহুৰত - Raksha Bandhan 2024

দেশৰ ভিন্ন প্ৰান্তত এই উৎসৱটি অতি ধুমধামেৰে পালন কৰা হয় ৷ অৱশ্যে এই উৎসৱটি অসমৰ নহয় যদিও অন্য ৰাজ্যৰ তুলনাত ব্যতিক্ৰম নহয় ইয়াৰ মাদকতা ৷ ৰাখী বন্ধনৰ কথা ক’লেই বিশেষকৈ বিহাৰৰ কথা কিছু সুকীয়া হয় ৷ বিহাৰত এই পবিত্ৰ উৎসৱটি অতি উলহ-মালহেৰে পালন কৰা হয় ৷

Raksha Bandhan 2024
হীৰাৰ ৰাখী (ETV Bharat)

ৰাখী বন্ধন বুলি বিহাৰৰ পাটনাৰ গহনা ব্যৱসায়ীসকল অতি ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে । কাৰণ অধিকাংশ লোকেই ক্ৰয় কৰিছে সোণ-ৰূপ-হীৰাৰ ৰাখী । সাধাৰণ কপাহী সূতাৰ ৰাখীৰ সমান্তৰালকৈ সোণ আৰু হীৰাৰ ৰাখীও ব্যাপকভাৱে বিক্ৰী হৈছে ৰাজধানীখনত ।

ইয়াত ৰাখী ৭৫০ টকাৰ পৰা আৰম্ভ হৈ ৩.৫০ লাখ টকা পৰ্যন্ত হৈছেগৈ । বহুতে আকৌ বিশেষভাৱে অৰ্ডাৰ দি ৰাখীত হীৰা লগোৱাও দেখা গৈছে ।

লগতে পঢ়ক : ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰলৈ ভকত-বৈষ্ণৱৰ লানি নিচিগা সোঁত - Holy Bhada month

  • ৭৫০ টকাৰ পৰা আৰম্ভ হৈছে ৰাখীৰ মূল্য :
    Raksha Bandhan 2024
    সোণ-হীৰাৰ ৰাখী (ETV Bharat)

পাটনাৰ গহনা শ্ব’ ৰূমৰ সঞ্চালক শেখৰ কেশৰীয়ে কয় যে তেওঁৰ হাতত ৰূপ, সোণ আৰু প্লেটিনামৰ ৰাখী আছে । ইয়াৰ উপৰিও বহু ৰাখীত হীৰাও লগোৱা আছে, যিবোৰ বিশেষ অৰ্ডাৰত প্ৰস্তুত কৰা হৈছে ।

৭৫০ টকাৰ পৰা আৰম্ভ কৰি ৩.৫০ লাখ টকালৈকে থকা ৰাখী তেওঁৰ বিপণিত উপলব্ধ । ৰাখী প্ৰস্তুত কৰিবলৈ ইতিমধ্যে বহুত অৰ্ডাৰ আহিছে আৰু বহু মানুহে এতিয়া ক্ৰয় কৰিবলৈও আৰম্ভ কৰিছে ।

  • বজাৰত প্ৰচুৰ পৰিমাণে সোণ-ৰূপৰ ৰাখী বিক্ৰী হৈছে :

পূৰ্বতে কপাহী বা নানা ৰঙীন ৰাখী বান্ধিছিল ভনীয়েকে ভায়েক বা ককায়েকৰ হাতত ৷ কিন্তু পৰিৱৰ্তিত সময়ৰ লগে লগে ৰাখীৰ বৈচিত্ৰ্যও সলনি হৈছে । এতিয়া ডিজাইনাৰ ৰাখীৰ ট্ৰেণ্ড বাঢ়িছে । ৰেচমৰ সূতাৰ ৰাখীৰ সলনি এতিয়া ভাতৃৰ হাত শুৱনি হৈছে সোণ-ৰূপ আদিৰে নিৰ্মিত ৰাখীয়ে ।

Raksha Bandhan 2024
ৰাখী (ETV Bharat)

লগতে পঢ়ক : পবিত্ৰ ভাদ মাহ আৰম্ভ: ভক্তি ৰসত বিলীন সত্ৰ নগৰী মাজুলী - holy Bhada month

  • সোণ আৰু ৰূপৰ ডিজাইনত ৰাখী :

শেখৰ কেশৰীয়ে কয় যে সোণ আৰু ৰূপৰ ৰাখীৰ অধিক চাহিদাৰ বাবে তেওঁলোকে এক বিশেষ দামত ৰাখী প্ৰস্তুত কৰিছে, যাতে দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ মহিলাসকলেও সহজে এই ৰাখী কিনিব পাৰে ।

কপাহী সূতাৰ ৰাখী বন্ধাৰ পুৰণি পৰম্পৰা আছে । সেয়ে এনে ৰাখী প্ৰস্তুত হৈ থাকে বা ইয়াৰ তৈয়াৰ কৰিবলৈ বিশেষ সময়ৰ প্ৰয়োজন নাথাকে ৷ সেয়ে তেনে কিছু ৰাখীত সোণ-ৰূপৰ ডিজাইন কৰি প্ৰস্তুত কৰা হয় । অৱশ্যে বহু ৰাখী সম্পূৰ্ণৰূপে সোণ-ৰূপেৰে তৈয়াৰ কৰাও হয় ।

  • শুভ সময় কেতিয়া :

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, বৈদিক শাস্ত্ৰ মতে শাওণৰ পূৰ্ণিমা অৰু অসমীয়া মাহ অনুসৰি, ভাদৰ পূৰ্ণিমাৰ দিনা ৰাখী বন্ধন উৎসৱ পালন কৰা হয় ৷ আজি ১৯ আগষ্ট, সোমবাৰে ৰাখী বন্ধন উৎসৱ পালন কৰা হৈছে ।

এইবাৰ ৰাখী বন্ধনৰ দিনা ভদ্ৰ নক্ষত্ৰৰ ছাঁ আছে । ভদ্ৰ নক্ষত্ৰৰ সময় দিনটোৰ ১:২৫ বজালৈকে আছে । এনে পৰিস্থিতিত ৰাখী বান্ধিবলৈ এয়া শুভ সময় নহয় ৷ গতিকে আজি দিনৰ ১:৩০ বজাৰ পৰা নিশাৰ ভাগলৈকে ৰাখী বন্ধাৰ শুভ ক্ষণ আছে ।

লগতে পঢ়ক : উখল-মাখল বেংগালুৰুৰ নামঘৰ, আৰম্ভ ভাদমহীয়া নাম-কীৰ্তন - Holy Bhada month

Last Updated : Aug 19, 2024, 2:55 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.