ETV Bharat / bharat

অমিত শ্বাহৰ বিৰুদ্ধে অপমানজনক মন্তব্য় : ৰাহুল গান্ধীক আদালতত উপস্থিত হোৱাৰ নিৰ্দেশ - RAHUL GANDHI ON AMIT SHAH

author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 1:49 PM IST

Objectionable remarks case : অমিত শ্বাহৰ বিৰুদ্ধে কৰা আপত্তিজনক মন্তব্য ৰাহুল গান্ধীৰ ৷ এই সন্দৰ্ভত মঙলবাৰে ৰাঁচীৰ এখন আদালতত হ’বলগীয়া শুনানিত উপস্থিত থাকিব কংগ্ৰেছৰ যুৱৰাজগৰাকী ৷

Objectionable remarks case
ৰাহুল গান্ধীৰ আপত্তিজনক মন্তব্য (ETV BHARAT ASSAM)

নেশ্যনেল ডেস্ক, ১১ জুন: বিজেপিৰ প্ৰাক্তন সভাপতি তথা গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে কৰা আপত্তিজনক মন্তব্যৰ সন্দৰ্ভত ৰাঁচীৰ এখন আদালতত মঙলবাৰে অনুষ্ঠিত হ'ব শুনানি । পূৰ্বৱৰ্তী শুনানিত ৰাহুল গান্ধীক আদালতত শাৰীৰিকভাৱে হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছিল । এই গোচৰটোৰ শেহতীয়া শুনানি অনুষ্ঠিত হৈছিল ২১ মে'ত ।

গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে অপমানজনক মন্তব্য কৰাৰ বিৰুদ্ধে দাখিল কৰা গোচৰটোৰ শুনানি সম্প্ৰতি ৰাঁচীৰ এখন আদালতত চলি আছে ।

উল্লেখ্য় যে, অপমানজনক মন্তব্য প্ৰকাশ কৰাৰ সন্দৰ্ভত ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপি কৰ্মী নবীন ঝাই আদালতত দাখিল কৰিছিল আবেদন । ঝাই আদালতত এই বুলি আপীল কৰিছিল যে, ৰাহুল গান্ধীয়ে কৰা মন্তব্য় আছিল মানহানিকৰ । সেয়েহে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা উচিত ।

গোচৰটোৰ শুনানি ৰাঁচীৰ এম পি এম এল এ আদালতত হৈছিল । পিছত আদালতে ৰাহুলক ১১ জুনত শাৰীৰিকভাৱে হাজিৰ হৈ শুনানিত অংশ ল’বলৈ নিৰ্দেশ দিয়ে ।

বিজেপি নেতা নবীন ঝাই আবেদনখনত অভিযোগ কৰিছে যে, ২০১৮ চনত তদানীন্তন বিজেপিৰ সভাপতি অমিত শ্বাহক ৰাহুল গান্ধীয়ে হত্যাকাৰী বুলি অভিহিত কৰিছিল । দিল্লীত আয়োজিত এক অনুষ্ঠানত ৰাহুলে কৈছিল যে, ভাৰতীয় জনতা পাৰ্টীত অমিত শ্বাহৰ দৰে লোক দলৰ সভাপতি হয়, কিন্তু কংগ্ৰেছত এনে কেতিয়াও হ'ব নোৱাৰে ।

মঙলবাৰে আদালতত ৰাহুল গান্ধীৰ অধিবক্তাই কি যুক্তি আগবঢ়ায়, সেয়া লক্ষণীয় বিষয় হ'ব । ৰাহুল গান্ধী শাৰীৰিকভাৱে উপস্থিত হ’ব নে তেওঁৰ অধিবক্তাই আকৌ এবাৰ সময় বিচাৰিব সেয়া শুনানিৰ সময়তহে জানিব পৰা যাব ৷

আইন বিশেষজ্ঞসকলে সদৰী কৰা অনুসৰি, ইতিমধ্যে এই সন্দৰ্ভত চমন জাৰি কৰা হৈছে যদিও আদালতে ৰাহুল গান্ধীক আৰু এটা বা দুটা তাৰিখ দিব পাৰে ।

লগতে পঢ়ক:অমিত শ্বাহ গোচৰত ৰাহুল গান্ধীক সকাহ ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ

অমিত শ্বাহক অৱমাননাৰ গোচৰত ৰাহুল গান্ধীক তলব কৰিলে আদালতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.