ETV Bharat / bharat

ৰাহুলৰ প্ৰশ্ন: কিয় এতিয়ালৈ পদত্যাগ কৰা নাই ছেবিৰ অধ্যক্ষই ? - RAHUL GANDHI ON SEBI

author img

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 8:19 AM IST

Hindenburg New Revelation: আদানী গ্ৰুপৰ বিত্তীয় কেলেংকাৰীৰ সৈতে ছেবিৰ অধ্যক্ষৰ সম্পৰ্ক স্পষ্ট কৰি হিণ্ডেনবাৰ্গে পুনৰ এক প্ৰতিবেদন প্ৰকাশ কৰিছে । যাক লৈ চৰ্চা আৰম্ভ হৈছে । তাৰ মাজতে ৰাহুল গান্ধীয়ে পুনৰ এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৌতম আদানী আৰু ছেবিক সমালোচনা কৰে ।

Hindenburg New Revelation
প্ৰধানমন্ত্ৰী আৰু ছেবিক ৰাহুল গান্ধীৰ আক্ৰমণ (ETV Bharat File Photo)

নেশ্যনেল ডেস্ক,১২ আগষ্ট : হিণ্ডেনবাৰ্গ ৰিছাৰ্চৰ নতুন অভিযোগে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । আদানী গ্ৰুপৰ সৈতে ছেবিৰ অধ্যক্ষ মাধৱী পুৰী বুচ আৰু তেওঁৰ স্বামীৰ কেনেদৰে জড়িত সেই কথা হিণ্ডেনবাৰ্গে পোহৰলৈ অনাৰ লগে লগে ৰাজনৈতিক ক্ষেত্ৰতো ইয়াক লৈ ব্যাপক চৰ্চা হৈছে । বিভিন্ন বিৰোধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছেবিৰ অধ্যক্ষগৰাকীক সমালোচনা কৰিছে ।

ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়া :

হিণ্ডেনবাৰ্গৰ শেহতীয়া অভিযোগৰ কথা উল্লেখ কৰি কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে প্ৰশ্ন কৰে, "যদি বিনিয়োগকাৰীসকল যথেষ্ট লোকচানৰ সন্মুখীন হয়, তেন্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বা ছেবিৰ অধ্যক্ষ বা গৌতম আদানীক জবাবদিহি কৰা হ'ব নে ? ৰাহুল গান্ধীয়ে অভিযোগসমূহক 'গুৰুতৰ' বুলিও অভিহিত কৰে আৰু উচ্চতম ন্যায়ালয়ে বিষয়টো স্বতঃস্ফূৰ্তভাৱে গ্ৰহণ কৰিব নে বুলি প্ৰশ্ন কৰে ।

শেহতীয়া প্ৰতিবেদনত হিণ্ডেনবাৰ্গ ৰিছাৰ্চে অভিযোগ কৰিছে যে, ছেবিৰ অধ্যক্ষ মাধৱী পুৰী বুচ আৰু তেওঁৰ স্বামী ধৱল বুচৰ গৌতম আদানীৰ বিত্তীয় কেলেংকাৰীত ব্যৱহৃত অস্পষ্ট অফশ্বৰ পুঁজিত অংশীদাৰী ত্বৰান্বিত হৈছিল ।

এই অভিযোগৰ পিচতে ৰাহুল গান্ধীয়ে এক্সৰ এটা পোষ্টত ভিডিঅ' শ্বেয়াৰ কৰে । য'ত ৰাহুল গান্ধীয়ে কয়, "ক্ষুদ্ৰ খুচুৰা বিনিয়োগকাৰীসকলৰ সম্পদ সুৰক্ষিত কৰাৰ দায়িত্ব অৰ্পণ কৰা নিৰাপত্তা নিয়ন্ত্ৰক ছেবিৰ অখণ্ডতা ইয়াৰ অধ্যক্ষৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ দ্বাৰা গুৰুতৰভাৱে আপোচ কৰা হৈছে । সমগ্ৰ দেশৰ সৎ বিনিয়োগকাৰীসকলৰ চৰকাৰৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে-ছেবিৰ অধ্যক্ষ মাধৱী পুৰী বুচে এতিয়ালৈকে কিয় পদত্যাগ কৰা নাই ?"

প্ৰধানমন্ত্ৰীক সমালোচনা :

কংগ্ৰেছ নেতাগৰাকী লগতে কয়, "যদি বিনিয়োগকাৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ধন হেৰুৱায়, কাক জবাবদিহি কৰা হ'ব - প্ৰধানমন্ত্ৰী মোদী, ছেবিৰ অধ্যক্ষ নে গৌতম আদানী ? নতুন আৰু অতি গুৰুতৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত, উচ্চতম ন্যায়ালয়ে এই বিষয়টো পুনৰ এবাৰ পৰ্যালোচনা কৰিব নেকি ? প্ৰধানমন্ত্ৰী মোদীয়ে কিয় জে পি চি তদন্তক লৈ ইমান ভয় কৰে, সেয়া এতিয়া যথেষ্ট পৰিমাণে স্পষ্ট হৈ পৰিছে ।"

লগতে পঢ়ক :হিণ্ডেনবাৰ্গৰ অভিযোগ অস্বীকাৰ ছেবিৰ অধ্যক্ষ আৰু তেওঁৰ স্বামীৰ - Hindenburg New Revelation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.