ETV Bharat / bharat

অসম আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদত কঁপিল সংঘৰ্ষ জৰ্জৰিত মণিপুৰৰ জিৰিবাম - Protest against Assam police

author img

By ETV Bharat Assamese Team

Published : Jul 30, 2024, 12:47 PM IST

Protest in Manipur’s Jiribam : অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ বিৰুদ্ধে মণিপুৰত প্ৰতিবাদ ৷ অসম পুলিচ হায় হায়, ভুৱা এনকাউণ্টাৰ বন্ধ কৰক আদি শ্ল’গানেৰে অসম আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ মণিপুৰৰ জিৰিবামত ৷ কেবাহাজাৰ লোকৰ অংশগ্ৰহণ ৷

Protests Erupt In Manipurs Jiribam condeming assam Police
অসম আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদত কঁপিল সংঘৰ্ষ জৰ্জৰিত মণিপুৰৰ জিৰিবাম (Etv Bharat)

শিলচৰ, 30 জুলাই : অসমত হোৱা এনকাউণ্টাৰৰ প্ৰতিবাদ জনাই অসম আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে মাৰ আৰু কুকিসকলে ৷ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ লগতে অসম আৰক্ষীৰ বিৰুদ্ধেও সাব্যস্ত কৰা প্ৰতিবাদত কঁপি উঠিল অশান্তজৰ্জৰ মণিপুৰৰ ভূমি ৷

উল্লেখ্য যে, কাছাৰৰ ভূৱন পাহাৰত আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংৰ্ঘষ সংঘটিত হৈছিল ৷ এই গুলীয়াগুলীত তিনি মাৰ যুৱকৰ মৃত্যুৰ ঘটিছিল ৷ এই ঘটনাৰ পাচতে উত্তপ্ত হৈ পৰিছিল কাছাৰ ৷ কাছাৰৰ পাছত এইবাৰ মণিপুৰত আৰম্ভ হৈছে অসম আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ ।

অসম আৰক্ষীয়ে তিনি নীৰিহ মাৰ যুৱকক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি মণিপুৰৰ জিৰিবামত মাৰ আৰু কুকিসহ বিভিন্ন লোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । হাতে হাতে প্লে’কাৰ্ড লৈ অসম পুলিচ হায় হায়, ভুৱা এনকাউণ্টাৰ বন্ধ কৰক, We want justice কে ধৰি বিভিন্ন শ্ল’গান দি প্ৰতিবাদস্থলী উত্তপ্ত কৰি তোলে প্ৰতিবাদকাৰীয়ে ।

প্ৰতিবাদী এই কাৰ্যসূচীত স্কুল আৰু কলেজীয়া শিক্ষাৰ্থীসহ কেবাহাজাৰ লোকে অংশগ্ৰহণ কৰে । প্ৰতিবাদকাৰীয়ে শীঘ্ৰেই ঘটনাৰ উচিত তদন্ত দাবী কৰি অসম চৰকাৰসহ কেন্দ্ৰীয় চৰকাৰে ন্যায় প্ৰদান নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ।

অসম আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদকাৰীয়ে কয়, "আৰক্ষীয়ে তিনি যুৱকক অটোৰ পৰা গ্ৰেপ্তাৰ কৰাৰ সময়ত তিনি যুৱকৰ লগত নাছিল কোনো মাৰণাস্ত্ৰ । আৰক্ষীয়ে মাৰণাস্ত্ৰ ৰাখি তিনি যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰু নিশা এক নাটক ৰচনা কৰি পৰিকল্পিতভাৱে তিনি নীৰিহ যুৱকক গুলীয়াই হত্যা কৰিছে । অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে আমাক পশু বুলি ভাবিছে নেকি ? আমাক ন্যায় লাগিব যদি এই ঘটনাত উচিত ন্যায় নাপাওঁ তেনেহ’লে আন্দোলন আৰু তীব্ৰতৰ হ’ব ।"

উল্লেখ্য যে, 16 জুলাইৰ দিনা কাছাৰৰ ধলাই গংগানগৰৰ পৰা মাৰাণাস্ত্ৰসহ তিনি মাৰ যুৱকক গ্ৰেপ্তাৰ কৰিছিল কাছাৰ আৰক্ষীয়ে ৷ 17 জুলাইৰ পুৱতি নিশা ধৃত তিনিজনক লগত লৈ ভুৱন পাহাৰত অভিযান চলাবলৈ যাওঁতেই উগ্ৰপন্থীৰ সৈতে সংঘৰ্ষ হয় আৰক্ষীৰ ৷ আৰক্ষী আৰু উগ্ৰপন্থীৰ গুলীয়াগুলীত আৰক্ষীৰ জিম্মাত থকা তিনি মাৰ যুৱকৰ মৃত্যু ঘটে ৷

ঘটনা সংঘটিত হোৱাৰ পাচতে কাছাৰৰ আৰক্ষী অধীক্ষকে "মৃত তিনিজন মাৰ জংগী সংগঠনৰ সদস্য আছিল" বুলি দাবী কৰিছিল ৷ ভুক্তভোগী পৰিয়ালে ন্যায়ৰ দাবীত আদালতৰ দ্বাৰস্থ হৈছে ৷

লগতে পঢ়ক: উচিত তদন্ত নোহোৱালৈকে মৃতদেহ চমজি নলয় মৃত তিনি মাৰ যুৱকৰ পৰিয়ালে - Hmar militants killed

হাফলঙত মাৰ যুৱকক উগ্ৰপন্থী সজাই হত্যা কৰাৰ অভিযোগ তুলি প্ৰতিবাদ - Protest in Haflong

অপৰাধীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী : তথাপিও হ্ৰাস পোৱা নাই অপৰাধৰ সংখ্যা - Crime in Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.