ETV Bharat / bharat

অটল বিহাৰী বাজপেয়ীৰ মৃত্যু বাৰ্ষিকীত ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ লগতে বিভিন্নজনৰ শ্ৰদ্ধাঞ্জলি - Death anniversary of Vajpayee

author img

By ANI

Published : Aug 16, 2024, 10:13 AM IST

Prayer meeting at ‘Sadaiv Atal’: ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ আজি সপ্তম মৃত্যু বাৰ্ষিকী ৷ বিজেপিৰ উদ্যোগত ‘সদৈৱ অটল’ত আয়োজন কৰা হৈছে প্ৰাৰ্থনা সভাৰ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ লগতে বিজেপি নেতা-মন্ত্ৰীৰ অংশগ্ৰহণ ৷

President Murmu, PM Modi led tributes to Atal Bihari Vajpayee on his death anniversary
অটল বিহাৰী বাজপেয়ীৰ সপ্তম মৃত্যু বাৰ্ষিকী : ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি (ANI)

নেশ্যনেল ডেস্ক, 16 আগষ্ট: আজি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যু বাৰ্ষিকী ৷ এই উপলক্ষে ‘সদৈৱ অটল’ত আয়োজন কৰা হৈছে প্ৰাৰ্থনা সভাৰ ৷ এই সভাত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ লগতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং, জে পি নাড্ডা, লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ লগতে কেবিনেটৰ অন্যান্য সদস্যসকলেও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ স্মৃতিসৌধ ‘সদৈৱ অটল’ত অনুষ্ঠিত প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰে ।

বাজপেয়ীৰ তোলনীয়া কন্যা নমিতা কৌল ভট্টাচাৰ্যও ‘সদৈৱ অটল’ত উপস্থিত হয় আৰু প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ।

প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে ‘সদৈৱ অটল’ত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল খট্টৰ ।

বিজেপিয়ে X যোগে কয়, "প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন, আমাৰ প্ৰেৰণাৰ উৎস, সন্মানীয় অটল বিহাৰী বাজপেয়ীজীক তেওঁৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনাইছো ।"

কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে প্ৰধানমন্ত্ৰী হিচাপে তেওঁ দেশখনক কৌশলগত আৰু অৰ্থনৈতিকভাৱে শক্তিশালী কৰি তুলিছিল ।

1924 চনত গোৱালিয়ৰত জন্মগ্ৰহণ কৰা বাজপেয়ী দশক দশক ধৰি বিজেপি দলৰ এখন প্ৰধান মুখ হিচাপে বিবেচিত হৈ আহিছিল আৰু সম্পূৰ্ণ কাৰ্যকাল সম্পূৰ্ণ কৰা প্ৰথমজন অকংগ্ৰেছী প্ৰধানমন্ত্ৰী আছিল ।

1996 চনৰ 16 মে’ৰ পৰা 1996 চনৰ 1 জুনলৈকে আৰু পুনৰ 1998 চনৰ 19 ​​মাৰ্চৰ পৰা 2004 চনৰ 22 মে’লৈ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ 1977 চনৰ পৰা 1979 চনলৈ প্ৰধানমন্ত্ৰী মোৰাজী দেশাইৰ মন্ত্ৰীসভাত ভাৰতৰ বৈদেশিক মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল প্ৰয়াত বাজপেয়ীয়ে ৷

অটল বিহাৰী বাজপেয়ীয়ে 2018 চনৰ 16 আগষ্টত দিল্লীৰ এইমছত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে ।

লগতে পঢ়ক: ভাৰতৰত্ন, প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ আজি জন্মদিন, গুৱাহাটীতো বাজপেয়ীক শ্ৰদ্ধাৰে স্মৰণ

প্ৰবীণ বিজেপি নেতা এল কে আদৱানীক এইমছত ভৰ্তি - LK Advani admitted to AIIMS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.