ETV Bharat / bharat

কুম্ভমেলা বিশেষ ৰংগোলীৰে বিশ্ব অভিলেখৰ প্ৰয়াস পৌৰ নিগমৰ - PRAYAGRAJ MAHA KUMBH 2025

যমুনা খ্ৰীষ্টান মহাবিদ্যালয়ৰ ৫৫ হাজাৰ বৰ্গফুট এলেকাত প্ৰস্তুত কৰা হৈছে এই ৰংগোলীৰ । প্ৰায় ১১ টন ৰঙেৰে প্ৰস্তুত হৈছে ৰংগোলীটো ।

Prayagraj Maha Kumbh 2025
কুম্ভমেলা বিশেষ ৰংগোলীৰে বিশ্ব অভিলেখৰ প্ৰয়াস পৌৰ নিগমৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Dec 13, 2024, 2:17 PM IST

প্ৰয়াগৰাজ : বিশ্বজুৰি চৰ্চিত ধৰ্মীয় অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম হৈছে কুম্ভমেলা । প্ৰতিবছৰে দেশ-বিদেশৰ লাখ লাখ ভক্তৰ আগমন হয় এই কুম্ভমেলালৈ । অহা বছৰ অৰ্থাৎ ২০২৫ চনৰ ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব এই মেলা । উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত ইয়াক লৈ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে । তাৰ মাজতে মহাকুম্ভক ঐশ্বৰিক আৰু বিশাল কৰি তুলিবলৈ পৌৰ নিগমে এক বিশেষ ৰংগোলী প্ৰস্তুত কৰিছে । যাক পৃথিৱীৰ সৰ্ববৃহৎ ৰংগোলী বুলি দাবী কৰা হৈছে । এই বৃহৎ ৰংগোলীয়ে এতিয়া বিশ্ব ৰেকৰ্ডৰ বাবে সাজু হৈছে । এই ৰংগোলীটো যমুনা খ্ৰীষ্টান মহাবিদ্যালয়ৰ ৫৫ হাজাৰ বৰ্গফুট এলেকাত প্ৰস্তুত কৰা হৈছে । ইয়াক প্ৰস্তুত কৰিবলৈ প্ৰায় ১১ টন ৰঙৰ প্ৰয়োজন হৈছে ।

কেনেদৰে প্ৰস্তুত হৈছে সৰ্ববৃহৎ ৰংগোলী ?

ৰংগোলী প্ৰস্তুত কৰিবলৈ জৈৱিক পাউডাৰ, প্ৰাকৃতিক ৰং, ফুলৰ পাহি ব্যৱহাৰ কৰা হৈছে । সহকাৰী পৌৰ আয়ুক্ত দীপ শিখা পাণ্ডেৰ মতে ৰংগোলীটো ৭২ ঘণ্টাত ৫০ গৰাকীতকৈও অধিক মহিলা, শিশু আৰু অন্যান্য শিল্পীয়ে প্ৰস্তুত কৰিছে । এই উপলক্ষে পৌৰ নিগমৰ দ্বাৰা এক প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে । অনুষ্ঠানটোত বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । ইফালে স্বচ্ছ অভিযানৰ বাৰ্তা প্ৰচাৰৰ বাবে যুৱক-যুৱতীসকলে বাটৰ নাট পৰিৱেশন কৰে । একেদৰে স্কুলীয়া শিক্ষাৰ্থীসকলে খেলপথাৰত পেৰেডত অংশগ্ৰহণ কৰে ।

৭ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই ৰংগোলী দেওবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় । প্ৰয়াগৰাজত এই উদ্বোধনী অনুষ্ঠানত উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য মুখ্য অতিথি হিচাপে উপস্থিত থাকে । এই ব্যতিক্ৰমী প্ৰচেষ্টাৰ বাবে তেওঁ পৌৰ নিগমৰ দলটোক প্ৰশংসা কৰে আৰু কয় যে এয়া কুম্ভৰ ৰংগোলী । এয়া সুৰক্ষিত কুম্ভৰ লক্ষ্যৰে কৰা ৰংগোলী । সকলো ক্ষেত্ৰতে কুম্ভময় হৈ পৰিছে । পৌৰ নিগমে এইধৰণৰ নতুন নতুন অভিলেখ সৃষ্টি কৰি যাব ।

লগতে পঢ়ক :মহাকুম্ভ মেলালৈ আহক : অসমবাসীক নিমন্ত্ৰণ উত্তৰ প্ৰদেশ চৰকাৰৰ - KUMBH MELA 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.