নিউজ ডেস্ক, 5 এপ্ৰিল : তেলেংগানাৰ সূৰ্যপেট জিলাৰ নাগাৰাম মণ্ডলৰ ফনিগিৰি বৌদ্ধ মন্দিৰত খননৰ সময়ত বৃহৎ সংখ্যক প্ৰাচীন সীহৰ মুদ্ৰা উদ্ধাৰ কৰা হৈছে । ৰাজ্যিক ইতিহাস আৰু ঐতিহ্য বিভাগৰ সঞ্চালক ভাৰতী হোলিকেৰী আৰু সূৰ্যপেটৰ অতিৰিক্ত সংগ্ৰাহক বি এছ লতাৰ লগতে ৰাজ্যিক পুৰাতত্ত্ব বিভাগৰ প্ৰধান সচিব চাইলাজা ৰাময়াৰে বৃহস্পতিবাৰে মন্দিৰৰ স্থান পৰিদৰ্শন কৰে ৷

সংবাদ মাধ্যমক চাইলাজা ৰামায়াৰে জনোৱা অনুসৰি, শেহতীয়াকৈ বৌদ্ধ মন্দিৰত খননৰ সময়ত এটা মুদ্ৰাভৰ্তি পাত্ৰ উদ্ধাৰ কৰা হৈছিল । ইয়াত 3,730 টা সীহৰ মুদ্ৰা পোৱা গৈছিল । ইয়াৰ ওচৰত কিছু কাঁচৰ নমুনা, মহিলাসকলে পিন্ধা গহনাৰ আৰ্হি, আৰু সেই সময়ত শিশুৱে ব্যৱহাৰ কৰা কাৰ্টহুইলো উদ্ধাৰ কৰা হৈছিল ৷
ৰাজ্যিক পুৰাতত্ত্ব বিভাগৰ প্ৰধান সচিব চাইলাজাই লগতে কয়, "আমি উদ্ধাৰ কৰা সীহৰ মুদ্ৰাবোৰ ঈক্ষাকু যুগৰ । এটা স্থানত খনন কৰোতে এই বৃহৎ পৰিমাণৰ মুদ্ৰা উদ্ধাৰ কৰা গৈছে ৷ বৌদ্ধ ইতিহাস উন্মোচন কৰাৰ ক্ষেত্ৰত ই এক বৃহৎ সমল হিচাপে পৰিগণিত হৈছে । এই খবৰ প্ৰকাশৰ পিচতে এতিয়া ফনিগিৰি গাঁওখন বিশ্বজুৰি চৰ্চিত হৈছে ৷"
ভাৰতী হোলিকেৰীয়ে কয় যে নিজামৰ দিনত এই ঠাইত বাস কৰা বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ এই বুদ্ধ ক্ষেত্ৰত এইদৰে লাভ কৰা ঐতিহাসিক কীৰ্তিচিহ্নসমূহে বিশ্বৰ বহু দেশৰ পৰ্যটকৰ মনোযোগ আকৰ্ষণ কৰিছে ৷ ফনিগিৰিৰ উপৰিও এই স্থানৰ সমীপত বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ কেইবাটাও স্থান যেনে- বৰ্দ্ধমানকোটা, গজুলাবন্দা, তিৰুমলাগিৰি, নগৰম, চিংগাৰাম, আৰৱপল্লী, ইয়্যাৱৰিপল্লী, অৰলাগদ্দাগুডেম, য়েলেশ্বৰম অৱস্থিত ৷
লগতে পঢ়ক: ভাৰতৰ সামুদ্ৰিক ইতিহাসৰ ৬১ সংখ্যক বাৰ্ষিকী উদযাপন - National Maritime Day 2024