ETV Bharat / bharat

২৮ জুলাইত সম্প্ৰচাৰিত হ'ব প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠান - Mann Ki Baat

author img

By ANI

Published : Jul 19, 2024, 1:58 PM IST

Mann Ki Baat: তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিচত মোদীয়ে মন কী বাত অনুষ্ঠান সম্বোধন কৰিব । ২৮ জুলাইত জুলাই মাহৰ মন কী বাত অনুষ্ঠান সম্প্ৰচাৰিত হ'ব । ৰাইজক পৰামৰ্শ দিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ ।

Mann Ki Baat
২৮ জুলাইত সম্প্ৰচাৰিত হ'ব প্ৰধানমন্ত্ৰীৰ মন কি বাত অনুষ্ঠান (ANI)

নেশ্যনেল ডেস্ক,১৯ জুলাই : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা মতে জুলাই মাহৰ বাবে তেওঁৰ মাহেকীয়া ৰেডিঅ' অনুষ্ঠান 'মন কী বাত' ২৮ জুলাই অৰ্থাৎ দেওবাৰে সম্প্ৰচাৰিত হ'ব ৷ এক্সৰ পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ এই মাহৰ 'মন কী বাত'ৰ বাবে বহুতো ইনপুট লাভ কৰিছে আৰু কেইবাজনো যুৱক-যুৱতীয়ে সমাজৰ পৰিৱৰ্তনৰ লক্ষ্যৰে কৰা সামূহিক প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰা দেখি তেওঁ অত্যন্ত আনন্দিত হৈছে ৷ তেওঁ লগতে কয় যে ৰাইজে MyGov, NaMo Appৰ জৰিয়তে বিভিন্ন ইনপুট শ্বেয়াৰ কৰিব পাৰিব । লগতে ১৮০০-১১-৭৮০০ নম্বৰলৈ বাৰ্তা প্ৰেৰণ কৰিবও পাৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এয়া 'মন কী বাত'ৰ ১১২ সংখ্যক খণ্ড হ'ব ৷ বৃহস্পতিবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী মোদীয়ে দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত স্নেহ মিলন কাৰ্যসূচীত অংশ গ্ৰহণ কৰি বিজেপিৰ কৰ্মীসকলৰ সৈতেও বাৰ্তালাপ কৰে ৷

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে দলীয় কাৰ্যালয়ত সেৱা আগবঢ়োৱা কঠোৰ পৰিশ্ৰমী আৰু সমৰ্পিত কৰ্মী আৰু সহকৰ্মীসকলৰ সৈতে বাৰ্তালাপ কৰাটোৱে তেওঁক নতুন শক্তি আৰু উৎসাহ প্ৰদান কৰিছে । ইফালে ৩০ জুনত সম্প্ৰচাৰিত হোৱা 'মন কী বাত'ৰ অন্তিম খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ পিচত প্ৰথমবাৰৰ বাবে লোকসভা নিৰ্বাচন ২০২৪ৰ বাবে দেশবাসীক সম্বোধন কৰে ।

সেই খণ্ডটোত তেওঁ প্ৰাচীন ভাৰতীয় জ্ঞান আৰু বিজ্ঞানত সংস্কৃতৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰে । তেওঁ লগতে বিশ্ব পৰিৱেশ দিৱসত আৰম্ভ কৰা 'এক পেড় মা কে নাম' অভিযানৰ বিষয়ে কয় । বিশ্বব্যাপী লোকসকলক মাতৃত্ব আৰু পৰিৱেশ দুয়োটা উদযাপন কৰিবলৈ তেওঁলোকৰ মাতৃৰ সৈতে বৃক্ষৰোপণৰ আহ্বান জনাইছিল । মন কি বাত হৈছে প্ৰধানমন্ত্ৰী মোদীৰ মাহেকীয়া ৰেডিঅ' অনুষ্ঠান । য'ত তেওঁ ভাৰতৰ নাগৰিকৰ সৈতে গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় বিষয়বোৰ আলোচনা কৰে । অনুষ্ঠানটো প্ৰতি মাহৰ শেষৰ দেওবাৰে সম্প্ৰচাৰ কৰা হয় । ২০১৪ চনৰ ৩ অক্টোবৰত আৰম্ভ কৰা মন কি বাতৰ লক্ষ্য হৈছে ভাৰতীয় সমাজৰ বিভিন্ন খণ্ডৰ সৈতে সংযোগ স্থাপন কৰা আৰু মহিলা, বৃদ্ধ আৰু যুৱসকলক সামৰি লোৱা ।

২২ টা ভাৰতীয় ভাষা আৰু ২৯ টা উপভাষাৰ উপৰিও 'মন কী বাত' ১১ টা বিদেশী ভাষাত সম্প্ৰচাৰ কৰা হয় । মন কী বাত অল ইণ্ডিয়া ৰেডিঅ'ৰ ৫০০ তকৈও অধিক কেন্দ্ৰৰ দ্বাৰা সম্প্ৰচাৰিত হয় ।

লগতে পঢ়ক :হাৰিয়ানাত ভগ্ন I.N.D.I.A ৰ মিত্ৰতা : হাৰিয়ানা বিধানসভা নিৰ্বাচনত আপে ৯০ খন আসনতে প্ৰতিদ্বন্দ্বিতা কৰিব - Haryana Assembly Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.