ETV Bharat / bharat

ৱায়ানাডত উপস্থিত হৈ দুৰ্গতসকলক সকলো প্ৰকাৰৰ সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান প্ৰধানমন্ত্ৰী মোদীৰ - Landslides in Wayanad

author img

By ANI

Published : Aug 11, 2024, 8:36 AM IST

PM Modi in Wayanad: অৱশেষত শনিবাৰে কেৰালাৰ ৱায়ানাডত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ ভূমিস্খলনৰ ফলত আঘাতপ্ৰাপ্ত লোকসকলৰ লগতে সাহায্য শিবিৰত বাস কৰা লোকসকলক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ সকলো প্ৰকাৰৰ সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান ৰাজ্য চৰকাৰক ৷

Our prayers are with those affected by landslides in Wayanad: PM Modi
ৱায়ানাডত প্ৰধানমন্ত্ৰী মোদী (ANI)

নেশ্যনেল ডেস্ক, 11 আগষ্ট: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ৱায়ানাডত হোৱা ভূমিস্খলনৰ সময়ত আহত হোৱা লোকসকলক সাক্ষাৎ কৰাৰ লগতে সাহায্য শিবিৰত বাস কৰা লোকসকলৰ সৈতে মত বিনিময় কৰে । প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্তসকলৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰাৰ্থনা জনায় ।

LANDSLIDES IN WAYANAD
ৱায়ানাডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (ANI)

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "ৱায়ানাডৰ ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হোৱাসকলৰ মংগল কামনা কৰি বাবে আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছো ৷ কেন্দ্ৰই সাহায্য প্ৰচেষ্টাত সহায়ক হোৱাকৈ সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰিছে ।"

এক পৰ্যালোচনা বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে এই কঠিন সময়ত দুৰ্যোগ পীড়িতসকলৰ কাষত কেন্দ্ৰীয় চৰকাৰ আৰু সমগ্ৰ দেশবাসী আছে বুলি কয় ।

প্ৰধানমন্ত্ৰীয়ে লগতে ৱায়ানাডৰ উদ্ধাৰ অভিযানৰ ওপৰত তেওঁ তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু কৰ্তৃপক্ষৰ সৈতে অহৰহ যোগাযোগ ৰাখিছে বুলিও কয় । দুৰ্যোগ ব্যৱস্থাপনাৰ পুঁজি ইতিমধ্যে মুকলি কৰা হৈছে আৰু বাকী অংশও তৎক্ষণাত মুকলি কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "বৰ্তমানৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰা সকলো কেন্দ্ৰীয় সংস্থাক সংগঠিত কৰা হৈছে আৰু ক্ষতিগ্ৰস্তসকলক পাৰ্যমানে সহায় কৰা হৈছে । এন ডি আৰ এফ, এছ ডি আৰ এফ, সেনা, ৰাজ্যিক আৰক্ষী, স্থানীয় চিকিৎসা বাহিনী, এন জি অ’ আৰু অন্যান্য সেৱামুখী প্ৰতিষ্ঠানৰ কৰ্মীসকল দুৰ্যোগগ্ৰস্ত অঞ্চলটোত তৎক্ষণাত উপস্থিত হৈ অনুসন্ধান আৰু উদ্ধাৰৰ কাম আৰম্ভ কৰাৰ বাবে প্ৰশংসা কৰে ।

তেওঁ ক্ষতিগ্ৰস্তসকলক বিশেষকৈ আত্মীয়ক হেৰুওৱা শিশুসকলক সহায় কৰিবলৈ নতুন দীৰ্ঘম্যাদী আঁচনি প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । কেন্দ্রৰ পৰা প্রয়োজনীয় সকলো সহায় লৈ ৰাজ্য চৰকাৰে ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে আস্থা প্রকাশ কৰে ৷

লগতে পঢ়ক: ৱায়নাড়ত সেনাৰ অনুসন্ধান সমাপ্ত : স্থানীয় লোকৰ সহযোগত প্ৰশাসনে অব্যাহত ৰাখিব অভিযান - Wayanad landslides

ৱায়নাড় ভূমিস্খলন : সন্ধানহীন লোকৰ চিনাক্তকৰণৰ বাবে কৰা হ'ব ডিএনএ বিশ্লেষণ - Wayanad landslides

ভূমিস্খলনত বিধ্বস্ত ৱায়নাড়ত শিশুসহ জনজাতীয় পৰিয়ালক উদ্ধাৰ : মুখ্যমন্ত্ৰীৰ প্ৰশংসা - Kerala landslide

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.