ETV Bharat / bharat

ভইচ অৱ গ্ল’বেল ছাউথ সন্মিলনত গ্ল’বেল ডেভেলপমেণ্ট কম্পেক্টৰ প্ৰস্তাৱ নৰেন্দ্ৰ মোদীৰ - Global South Summit 2024

author img

By ANI

Published : Aug 18, 2024, 9:01 AM IST

3rd Global South Summit: তৃতীয়বাৰৰ বাবে ভাৰতৰ উদ্যোগত অনুষ্ঠিত হয় ভইচ অৱ গ্ল’বেল ছাউথ সন্মিলন ৷ ভাৰ্চুৱেলী অনুষ্ঠিত হয় এই সন্মিলনখন ৷ 123 খন দেশে অংশগ্ৰহণ কৰে এই ভাৰ্চুৱেল সন্মিলনত । বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছেও অংশ লয় এই বৈঠকত । ৰাছিয়া-ইউক্ৰেইন, গইজৰাইল-গাজাকে ধৰি ভূ-ৰাজনৈতিক প্ৰত্যাহ্বান, জলবায়ু পৰিৱৰ্তন আদি সন্দৰ্ভতো আলোচনা হয় এই ভাৰ্চুৱেল সন্মিলনত । ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ পোষকতা ৷

PM Modi proposes Global Development Compact at Voice of the Global South Summit; leaders talk of UN reforms, debt burden, climate change
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (ANI)

নেশ্যনেল ডেস্ক, 18 আগষ্ট: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ভাৰতৰ উন্নয়ন যাত্ৰা আৰু উন্নয়নমূলক অংশীদাৰিত্বৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি ভইচ অৱ গ্ল’বেল ছাউথ সন্মিলনত এক বিস্তৃত ‘গ্ল’বেল ডেভেলপমেণ্ট কম্পেক্ট’ৰ প্ৰস্তাৱ আগবঢ়ায় ৷ কাৰণ নেতাসকলে ঋণৰ বোজা, জলবায়ু পৰিৱৰ্তনক লৈ তেওঁলোকৰ উদ্বেগ প্ৰকাশ কৰে আৰু এইক্ষেত্ৰত সংস্কাৰ সাধনৰ বাবে ৰাষ্ট্ৰসংঘত তেওঁলোকৰ আৱেগ প্ৰকাশ কৰে ।

শীৰ্ষ সন্মিলনৰ সামৰণি ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "নেতাসকলৰ মতামতে গ্ল’বেল ছাউথ ঐক্যৱদ্ধ বুলি প্ৰকাশ কৰিছে আৰু আলোচনাই পাৰস্পৰিক বুজাবুজিৰে আগবাঢ়ি যোৱাৰ ভেটি স্থাপন কৰিছে ।" ভাৰতে আয়োজন কৰা আৰু ভাৰ্চুৱেলভাৱে অনুষ্ঠিত হোৱা থাৰ্ড ভইচ অৱ গ্ল’বেল ছাউথ সন্মিলনত 123 খন দেশে অংশগ্ৰহণ কৰে ।

সন্মিলনৰ পাছত সংবাদমেল সম্বোধন কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয়, "বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ তৃতীয় কাৰ্যকালত এয়া প্ৰথম আৰু বৃহৎ বহুপক্ষীয় অনুষ্ঠান । এয়া আমাৰ 100 দিনীয়া এজেণ্ডাৰ অংশ হৈ আহিছে । গতিকে আমি সেই কথাটোক আগুৱাই নিব পৰাত আনন্দিত হৈছো ।"

মন্ত্ৰীগৰাকীয়ে কয়, "ৰাষ্ট্ৰপতি/চৰকাৰৰ মুৰব্বী পৰ্যায়ত 21 খন দেশ আছিল । বৈদেশিক মন্ত্ৰীবোৰৰ উপৰিও 118 জন মন্ত্ৰী আছিল আৰু 34 জন বিদেশ মন্ত্ৰী আছিল । ইয়াৰ উপৰিও পাঁচটা বহুপক্ষীয় উন্নয়ন বেংক আছিল । গতিকে যদি আপুনি সকলোবোৰ একেলগে যোগ কৰে, তেন্তে সেয়া হ'ব 21+118=139+34=173 ৷"

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বাণিজ্য প্ৰসাৰৰ কাম-কাজ বৃদ্ধিৰ বাবে ভাৰতে 25 লাখ মাৰ্কিন ডলাৰৰ বিশেষ পুঁজি আৰম্ভ কৰিব । লগতে সামৰ্থ্য বিকাশৰ বাবে বাণিজ্য নীতি আৰু বাণিজ্য আলোচনাৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব আৰু ইয়াৰ বাবে এক মিলিয়ন ডলাৰৰ পুঁজিৰ ব্যৱস্থা কৰা হ'ব বুলিও কয় মোদীয়ে ।

"আজি আপোনালোক সকলোৰে কথা শুনি ভাৰতৰ হৈ মই এক ব্যাপক 'গ্ল'বেল ডেভেলপমেণ্ট কম্পেক্ট'ৰ প্ৰস্তাৱ আগবঢ়াব বিচাৰিছো । এই কম্পেক্টৰ ভেটি হ'ব ভাৰতৰ উন্নয়ন যাত্ৰা আৰু উন্নয়নৰ অংশীদাৰিত্বৰ ওপৰত অভিজ্ঞতা । এই কম্পেক্ট অনুপ্ৰাণিত হ'ব গ্ল’বেল ছাউথৰ দেশসমূহে নিজেই নিৰ্ধাৰণ কৰা উন্নয়নৰ অগ্ৰাধিকাৰৰ দ্বাৰা," প্ৰধানমন্ত্ৰী মোদীয়ে কয় ।

মোদীয়ে লগতে কয়, "ই মানৱকেন্দ্ৰিক, বহুমাত্ৰিক হ'ব আৰু উন্নয়নৰ ক্ষেত্ৰত বহুখণ্ডীয় দৃষ্টিভংগীক প্ৰসাৰিত কৰিব । উন্নয়নৰ বাবে আৱণ্টিত বিত্তৰ বাবে আৰ্ত দেশসমূহৰ ওপৰত ঋণৰ বোজা নপৰে । ইয়াৰ দ্বাৰা সুষম আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত অংশীদাৰ দেশসমূহে অৰিহণা যোগাব ।"

মোদীয়ে লগতে কয়, "ভাৰতে গ্ল’বেল ছাউথৰ দেশসমূহত আৰ্থিক চাপ আৰু উন্নয়নমূলক পুঁজিৰ বাবে এছডিজি ষ্টিমুলাছ লিডাৰ্ছ গ্ৰুপলৈ অৰিহণা যোগাইছে । আমি গ্ল'বেল ছাউথৰ বাবে সুলভ আৰু ফলপ্ৰসূ জেনেৰিক ঔষধ উপলব্ধ কৰাৰ বাবে কাম কৰিম । আমি ঔষধ নিয়ন্ত্ৰকসকলৰ প্ৰশিক্ষণতো সহায় আগবঢ়াম । আমি কৃষি খণ্ডত 'প্ৰাকৃতিক কৃষি'ৰ অভিজ্ঞতা আৰু প্ৰযুক্তি ভাগ-বাটোৱাৰা কৰিম ।"

সংবাদমেলৰ সময়ত এক প্ৰশ্নৰ উত্তৰ দি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে কয় যে ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ বাবে সকলোৱে গুৰুত্ব প্ৰকাশ কৰিছে ৷

বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয়, "আমি আজি বিশ্বাস কৰো যে আলোচনা হ'ব লাগে, পাঠ্যক্ৰমভিত্তিক আলোচনা হ'ব লাগে ৷ আমি কোৱা নাই যে আমাৰ লগত একমত হ'ব লাগিব । কিন্তু, যদি সঁচাকৈয়ে আমি গণতান্ত্ৰিক পৃথিৱীত বিশ্বাস কৰোঁ তেতিয়া হ’লে আমি ভাবো যে এই 190 জন সদস্যক ৰাষ্ট্ৰসংঘৰ ভৱিষ্যতৰ বিষয়ে ভোট দিবলৈ দিয়া উচিত, যেনেকৈ আমাৰ বহুতেই আমাৰ নিজ নিজ ভৱিষ্যতৰ বিষয়ে ভোট দিয়ে ।"

গাজা সন্দৰ্ভত জয়শংকৰৰ মন্তব্য

জয়শংকৰে কয় যে গাজাৰ পৰিস্থিতি সন্দৰ্ভত বহু নেতাই উল্লেখ কৰিছিল । "তেওঁলোকৰ কিছুমানে নাগৰিক সমাজৰ ভূমিকা সম্পৰ্কতো মতামত প্ৰকাশ কৰিলে আৰু তাৰ পিছত আকৌ সাৰ্বভৌমত্ব, কৌশলগত স্বায়ত্তশাসন, হস্তক্ষেপৰ বিষয়ে উল্লেখ কৰাৰ লগতে সেই সন্দৰ্ভত উদ্বেগ প্ৰকাশো কৰে । বহু নেতাই ইজৰাইল-হামাছ যুদ্ধৰ কথা কয় আৰু ইয়াৰে কিছুমানে ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতৰ কথাও কয় ।"-জয়শংকৰ ৷

জয়শংকৰে কয়, "মই ক'ম যে যথেষ্ট সংখ্যক লোকে গাজাৰ কথা উল্লেখ কৰিছিল । কিছুমান নেতা আৰু বৈদেশিক মন্ত্ৰীয়ে গাজা, ইউক্ৰেইন দুয়োটাৰ কথাই উল্লেখ কৰিছিল । কিন্তু নিশ্চিতভাৱে গাজাৰ উল্লেখ বহু বেছি আছিল । বহুতেই যুদ্ধবিৰতি আৰু বুজাপৰা পৰিস্থিতিৰ কথা উল্লেখ কৰিছিল ৷ এয়া এক অতি বহল পৰিসৰৰ আলোচনা ।"

জয়শংকৰে কয় যে বহু নেতাই বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত সন্ত্ৰাসবাদ, উগ্ৰবাদৰ ক্ষেত্ৰত অহা প্ৰত্যাহ্বান সন্দৰ্ভত কয় ।

ভাৰতৰ ঋণৰ বোজা সন্দৰ্ভত বৈদেশিক মন্ত্ৰী জয়শংকৰ

ঋণৰ বোজা সন্দৰ্ভত জয়শংকৰে কয়, "কোনো বিশেষ দেশৰ কথা উল্লেখ কৰা হোৱা নাই । কিন্তু স্পষ্টকৈ কোৱা হৈছে যে আমাৰ ঋণৰ বোজা আছে । আমি লিকুইডিটিৰ সংকটৰ সন্মুখীন হৈছো । ইয়াৰ প্ৰভাৱ পৰিছে আমাৰ ব্যৱসায়ত ৷"

বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছেও এই বৈঠকত অংশ লয় । তেওঁৰ মন্তব্যৰ ওপৰত কোনো মন্তব্য কৰা বা সম্পূৰ্ণ বৰ্ণনা দিয়াটো তেওঁৰ বাবে উপযুক্ত নহ’ব বুলি উল্লেখ কৰি জয়শংকৰে কয়, "কিন্তু মই ক'ম যে তেওঁ স্বাধীনতা দিৱসৰ দিনা প্ৰধানমন্ত্ৰী আৰু ভাৰতৰ প্ৰতি শুভেচ্ছা জনাইছিল । আৰু তাৰ পিছত ক'ভিড সমস্যা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰাৰ লগতে ভূ-ৰাজনৈতিক প্ৰত্যাহ্বান, জলবায়ু পৰিৱৰ্তনক বৃহৎ চিন্তা বুলি উল্লেখ কৰিছিল ৷

ভইচ অৱ গ্ল’বেল ছাউথ ছামিট হৈছে এক অনন্য পদক্ষেপ যিটো প্ৰধানমন্ত্ৰী মোদীৰ ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস’ৰ দৃষ্টিভংগীৰে সম্প্ৰসাৰণ হিচাপে আৰম্ভ হৈছিল, আৰু ভাৰতীয় দৰ্শন বসুধৈৱ কুটুম্বকম হৈছে ইয়াৰ আধাৰ ।

ইয়াৰ দ্বাৰা গ্ল’বেল চাউথৰ দেশসমূহক একত্ৰিত কৰি গোটেই বিষয়সমূহৰ মাজেৰে এক উমৈহতীয়া মঞ্চত তেওঁলোকৰ দৃষ্টিভংগী আৰু অগ্ৰাধিকাৰসমূহ ভাগ-বতৰা কৰাৰ কথা চিন্তা কৰা হৈছে । ভাৰতে 2023 চনৰ 12-13 জানুৱাৰীত প্ৰথমটো ভইচ অৱ গ্ল’বেল ছাউথ সন্মিলন (VOGSS) আৰু 17 নৱেম্বৰত দ্বিতীয়টো ভইচ অৱ গ্ল’বেল ছাউথ সন্মিলন আয়োজন কৰিছিল ৷ দুয়োটাই ভাৰ্চুৱেল ফৰ্মেটত অনুষ্ঠিত হৈছিল ।

শীৰ্ষ সন্মিলনৰ পূৰ্বৰ দুয়োটা সংস্কৰণতে গ্ল’বেল ছাউথৰ 100 খনতকৈও অধিক দেশে অংশগ্ৰহণ কৰিছিল ।

লগতে পঢ়ক: Voice of Global South Summit 2023 : ভইচ অৱ গ্লোবেল চাউথ ছামিটত উদ্বোধনী ভাষণ প্ৰধানমন্ত্ৰীৰ

গাজাত তাৎক্ষণিক যুদ্ধবিৰতিৰ বাবে ৰাষ্ট্ৰসংঘত আহ্বান ভাৰতৰ - Israel Gaza conflict

ইজৰাইলৰ বিৰুদ্ধে কঠোৰ আন্তৰ্জাতিক ন্যায়ালয় - ICJ order on Gaza war

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.