ETV Bharat / bharat

জন্ম জয়ন্তীত লৌহ মানৱলৈ শ্ৰদ্ধাঞ্জলি; 'ৰাষ্ট্ৰীয় একতা দিৱস'ৰ পেৰেডত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ - SARDAR PATEL BIRTH ANNIVERSARY

ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে একতাৰ শপত গ্ৰহণ কৰে আৰু গুজৰাটৰ 'ষ্টেচু অব ইউনিটী'ত পুষ্পাঞ্জলি অৰ্পণ কৰি চৰ্দাৰ পেটেললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

Sardar Patel Birth Anniversary
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে গুজৰাটৰ ষ্টেচু অব ইউনিটীত চৰ্দাৰ পেটেলক পুষ্পাঞ্জলি জ্ঞাপন কৰে (ANI)
author img

By ETV Bharat Assamese Team

Published : Oct 31, 2024, 11:01 AM IST

কেৱাডিয়া : জন্ম জয়ন্তীত দেশৰ লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলেক আজি সমগ্ৰ দেশে স্মৰণ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে । চৰ্দাৰ পেটেলৰ এই জন্ম জয়ন্তীৰ কেন্দ্ৰীয় অনুষ্ঠান অনুষ্ঠিত হৈছে গুজৰাটৰ কেৱাডিয়াত । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে পুৱা গুজৰাটৰ কেৱাডিয়াত চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে আয়োজিত 'ৰাষ্ট্ৰীয় একতা দিৱস' পেৰেডত অংশগ্ৰহণ কৰে ।

"ভাৰত ৰত্ন চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তীত তেওঁলৈ মোৰ অভিবাদন । ৰাষ্ট্ৰৰ ঐক্য আৰু সাৰ্বভৌমত্ব সুৰক্ষিত কৰাটো তেওঁৰ জীৱনৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ আছিল । তেওঁৰ ব্যক্তিত্ব আৰু কামে দেশৰ প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব ।" প্ৰধানমন্ত্ৰী মোদীয়ে এক্সৰ এটা পোষ্টত কয় ।

আনহাতে, একতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে একতাৰ শপত গ্ৰহণ কৰে আৰু গুজৰাটৰ 'ষ্টেচু অব ইউনিটী'ত পুষ্পাঞ্জলি অৰ্পণ কৰি চৰ্দাৰ পেটেললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

ইয়াৰ উপৰি ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত আয়োজিত একতা দিৱসৰ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকলে চৰ্দাৰ পেটেললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । উল্লেখ্য যে চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তীক 'ৰাষ্ট্ৰীয় একতা দিৱস' হিচাপে উদযাপন কৰা হয় ।

নতুন দিল্লীৰ পেটেল চ'কত ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী তথা গৃহমন্ত্ৰীগৰাকীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে বিশিষ্ট ব্যক্তিসকলে । ১৮৭৫ চনত গুজৰাটৰ নাদিয়াদত জন্মগ্ৰহণ কৰা পেটেল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তি আছিল । তেওঁৰ ব্যতিক্ৰমী নেতৃত্ব আৰু ৰাষ্ট্ৰীয় একতাৰ প্ৰতি অটল প্ৰতিশ্ৰুতিৰ বাবে তেওঁক 'ভাৰতৰ লৌহ মানৱ' হিচাপে বিভূষিত কৰা হয় আৰু তেওঁৰ অৱদানক স্মৰণ কৰা হয় ।

উল্লেখ্য যে ৰাষ্ট্ৰীয় ঐক্য দিৱসৰ উদ্দেশ্য হৈছে বিবিধতা আৰু অনৈক্যৰ মাজতো বিভিন্ন ৰাজ্যসমূহে ৰাষ্ট্ৰীয় একতালৈ আগবঢ়োৱা বৰঙণিক স্মৰণ কৰা আৰু ভৱিষ্যতলৈ সমগ্ৰ দেশক একত্ৰিত কৰি ৰখাৰ বাবে কাম কৰা । এই দিৱসে দেশৰ একতাৰ বাবে ৰাজ্যসমূহে কৰা প্ৰচেষ্টাৰ স্মাৰক হিচাপে কাম কৰে আৰু দেশৰ জনসাধাৰণৰ মাজত একতাৰ ভাৱ কঢ়িয়াই আনে ।

লগতে পঢ়ক :টাৱাঙত 'অখ্যাত নায়ক' মেজৰ বব খাটিঙৰ সংগ্ৰহালয় মুকলি কৰিব ৰাজনাথ সিঙে
লগতে পঢ়ক :৩১ অক্টোবৰৰ পৰিৱৰ্তে এইবছৰ ২৯ অক্টোবৰত কিয় পালন কৰা হৈছে ৰাষ্ট্ৰীয় একতা দিৱসৰ 'একতাৰ বাবে দৌৰ’ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.